দহদিনত ভাৰতৰ দুবাৰ পৰমাণু ক্ষেপণাস্ত্র পৰীক্ষা

0 18

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ জুন : দহ দিনত দুবাৰকৈ পৰমাণু ক্ষেপণাস্ত্র পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে ভাৰতে। দহ দিন পূৰ্বে শত্রুৰ বুকুত ভয়ৰ কঁপনি তুলি পৰমাণু অস্ত্র বহনত সক্ষম অগ্নি ৪ বেলেষ্টিক মিছাইলৰ (Agni-IV ballistic missile) সফল উৎক্ষেপণ কৰিছিল ভাৰতৰ প্রতিৰক্ষা মন্ত্ৰণালয়ে। ১৬ জুনত পুনৰ পৰমাণু অস্ত্র বহনত সক্ষম পৃথ্বী-২ (Prithvi II) মিছাইলৰ সফল উৎক্ষেপণ কৰিলে সেনাই। উৰিষ্যাৰ চন্দ্রপুৰৰ পৰা আধুনিক ক্ষেপণাস্ত্রটোৰ সফল উৎক্ষেপণ কৰা হয়। ইউক্রেইন-ৰাছিয়া যুদ্ধৰ পৰিস্থিতিত আৰু চীনৰ লগত সীমান্তত অশান্তিৰ মাজতে এই উৎক্ষেপণ তাৎপর্যপূর্ণ বুলিয়েই অনুমান কৰিছে তথ্যবিজ্ঞ মহলে। এই বিষয়ে প্রতিৰক্ষা মন্ত্রণালয়ে এক বিবৃতিত জনাইছে— “উৰিষ্যাৰ চন্দ্রপুৰত বুধবাৰে সন্ধিয়া ৭ বাজি ৩০ মিনিটত নাতি দূৰত্বৰ পৃথ্বী-২ মিছাইলৰ সফল উৎক্ষেপণ কৰা হৈছে।” মন্ত্রণালয়ে আৰু জনাইছে যে, নির্ভুল লক্ষ্যত আঘাত হানিছে পৰমাণু অস্ত্র বহনত সক্ষম এই ক্ষেপণাস্ত্রটোৱে। প্রযুক্তিগত যাৱতীয় ক্ষেত্রত সফল হৈছে পৃথ্বীৰ পৰীক্ষামূলক উৎক্ষেপণ। উল্লেখ্য যে, পৃথ্বী-২ ভাৰতীয় প্রযুক্তিত তৈয়াৰ কৰা ভূমিৰ পৰা ভূমিলৈ নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্র। ১ টন ভাৰ বহনত সক্ষম। ইয়াৰ সর্বোচ্চ দূৰত্ব ২৫০ কিলোমিটাৰ। উল্লেখ্য যে, ৬ জুনত পৰমাণু অস্ত্র বহনত সক্ষম অগ্নি-৪ বেলেষ্টিক মিছাইলৰ সফল উৎক্ষেপণ কৰিছিল ভাৰতীয় সেনাই। উৰিষ্যাৰ আব্দুল কালাম দ্বীপত পৰীক্ষামূলক উৎক্ষেপণ হৈছিল ক্ষেপণাস্ত্রটোৰ। প্রতিৰক্ষা মন্ত্রণালয়ে জনাইছিল যে, অগ্নি-৪ৰ উৎক্ষেপণৰ সমস্ত অপাৰেচনেল পেৰামিটাৰ তথা প্রযুক্তিৰ নির্ভৰযোগ্যতাক সফলভাৱে সম্পন্ন কৰিছে। অগ্নি ৪ৰ সর্বোচ্চ দূৰত্ব ৪ হাজাৰ কিলোমিটাৰ। উল্লেখ্য যে, যোৱা বছৰ অগ্নি প্রাইম মিছাইলৰ সফল উৎক্ষেপণ কৰিছিল ভাৰতে। সেই পৰীক্ষাও হৈছিল উৰিষ্যাৰ উপকূলত। সেয়াও আছিল পৰমাণু অস্ত্র বহন সক্ষম ক্ষেপণাস্ত্র। দূৰত্ব আছিল ১ৰ পৰা ২ হাজাৰ কিলোমিটাৰ। ৰাছিয়া-ইউক্রেইন যুদ্ধৰ পৰিস্থিতিত কিছুদিন পূৰ্বে অত্যাধুনিক ব্রহ্মচ ছুপাৰচনিক ক্রুজ মিছাইলৰ (BrahMos Cruise Missile) সফল উৎক্ষেপণ কৰিছিল ভাৰতীয় নৌসেনা আৰু বিমান বাহিনীয়ে। দুটা ব্রহ্মচ ক্ষেপণাস্ত্রৰ সফল উৎক্ষেপণ কৰা হয় আন্দামান আৰু নিকোবৰ সংলগ্ন জলৰাশিত। নৌসেনাই জনাইছিল যে, যুদ্ধজাহাজ আইএনএছ দিল্লী (INS Delhi)ৰ পৰা এটা ব্রহ্মচ মিছাইল এৰা হয়। উৎক্ষেপণৰ পিছত পূর্বনির্ধাৰিত গতিপথ অনুসৰি এখন পৰিত্যক্ত জাহাজত পৰেগৈ ক্ষেপণাস্ত্রটো। অত্যাধুনিক এই হাথিয়াৰৰ অভিঘাত ইমানেই বেছি আছিল যে, লক্ষ্যবস্তুটোত অর্থাৎ জাহাজখনত বিৰাট গাঁত সৃষ্টি হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More