দিনজান বায়ুসেনা ছাউনিৰ আশেপাশে নিষিদ্ধ ড্ৰোন

0 9
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩ জুনঃ দিনজান বায়ুসেনা ছাউনিৰ চাৰিসীমাৰ দেৱালৰ বাহিৰৰ ৩ কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাত ড্ৰোনৰ উৰণ নিষিদ্ধ কৰা হৈছে। তিনিচুকীয়াৰ উপায়ুক্ত তথা জিলা দণ্ডাধীশ নৰসিং পৱাৰে আজি এক নিৰ্দেশনাযোগে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ তিনিচুকীয়া জিলাৰ অন্তৰ্গত দিনজান বায়ুসেনা ছাউনিৰ চাৰিসীমাৰ পৰিধিৰ দেৱালৰ বাহিৰৰ পৰা ৩ কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকা ’ন’ ড্ৰোন জ’ন’ হিচাপে ঘোষণা কৰিছে। উল্লেখ্য যে দিনজান বায়ুসেনা ছাউনিৰ মুখ্য প্ৰশাসনিক বিষয়া গ্ৰুপ কেপ্টেইন লভজিৎ কৌৰে নিৰাপত্তাজনিত কাৰণত যোৱা ৪ মাৰ্চত এক পত্ৰযোগে বায়ুসেনা ছাউনিটোৰ চাৰিসীমাৰ দেৱালৰ বাহিৰৰ ৩ কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাক ’ন’ ড্ৰোন জ’ন’ হিচাপে ঘোষণা কৰিবলৈ অনুৰোধ জনাইছিল। এই সন্দৰ্ভত সেউজ সংকেত দি তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকে ২১ মে’ত প্ৰতিবেদন দাখিল কৰাৰ পৰৱৰ্তী পৰ্যায়ত উপায়ুক্তই আজি এক নিৰ্দেশযোগে জিলাখনৰ অন্তৰ্গত দিনজান বায়ুসেনা ছাউনিৰ চাৰিসীমাৰ পৰিধিৰ দেৱালৰ বাহিৰৰ পৰা ৩ কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকা ’ন’ ড্ৰোন জ’ন’ হিচাপে ঘোষণা কৰে। অৱশ্যে এই আদেশত অসন্তুষ্ট যিকোনো ব্যক্তিয়ে লিখিত আপত্তি দাখিল কৰিব পাৰিব। এই নিৰ্দেশ তৎকালে বলবৎ হোৱাৰ লগতে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্য্যন্ত বাহাল থাকিব ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More