দিনজোৰা কাৰ্যসূচীৰে শোণিতপুৰ জিলা ভ্ৰমণ মন্ত্ৰী অশোক সিংহলৰ

গহপুৰৰ সোলেঙী নদীৰ মথাউৰি নিৰ্মাণৰ কাম পৰিদৰ্শন, গহপুৰ-বিশ্বনাথ চাৰিআলি-চতিয়া-জামুগুৰিহাট পৌৰসভাৰ কাম-কাজৰ পৰ্যালোচনা

0 26

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৪ মাৰ্চঃ ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি দিনজোৰা কাৰ্যসূচীৰে শোণিতপুৰ জিলা ভ্ৰমণ কৰে। পুৱা তেওঁ গহপুৰত উপস্থিত হৈ বিগত বানত ক্ষতিগ্ৰস্ত মহকুমাটোৰ সোলেঙী নদীৰ বাওঁপাৰৰ মথাউৰিৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। ২৫ কোটি টকা পুঁজি ব্যয়ৰে নিৰ্মাণকাৰ্য চলি থকা এই মথাউৰিয়ে বৃহত্তৰ অঞ্চলটোক বানপানীৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সহায়ক হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে। আগন্তুক বাৰিষাৰ পূৰ্বেই যাতে সঠিক ৰূপত মথাউৰিটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠে তাৰ বাবে ক্ষীপ্ৰতাৰে কাম কৰিবলৈ তেওঁ সংশ্লিষ্ট বিষয়াবৰ্গক নিৰ্দেশ দিয়ে।ইয়াৰ পিছতেই মন্ত্ৰীগৰাকীয়ে গহপুৰ, বিশ্বনাথ চাৰিআলি, চতিয়া আৰু জামুগুৰিহাট পৌৰসভাৰ কাৰ্যালয়ত কেইবাখনো পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকসমূহত তেওঁ পৌৰসভাৰ অন্তৰ্গত বিভিন্ন আঁচনি যেনে স্বচ্চ ভাৰত অভিযান, প্ৰধানমন্ত্ৰী স্বনিধি আঁচনি, নগৰীয়া পানীযোগান আঁচনি, অমৃত নগৰ আৰু গাঁও পৰিকল্পনা বিভাগ, প্ৰধান মন্ত্ৰী আবাস যোজনা (নগৰীয়া), ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান আদি আঁচনিসমূহৰ বুজ লোৱাৰ লগতে কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে বিশদভাৱে পৰ্যালোচনা কৰে। চহৰকেইখনক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিবৰ বাবে ৰাইজৰ সহযোগত কাম কৰি যাবলৈ তেওঁ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। বিশেষকৈ আদৰ্শ ৱাৰ্ড হিচাপে চিহ্নিত ৱাৰ্ডসমূহত ঘৰে ঘৰে গৈ জাবৰ সংগ্ৰহ আৰু আৱৰ্জনা পৰিশোধন ব্যৱস্থাপনা প্ৰক্ৰিয়া তৰান্বিত কৰি তুলিবৰ বাবে তেওঁ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে পৌৰসভাৰ বিষয়ববীয়াসকলৰ পৰা পৌৰসভাকেইখনৰ বিভিন্ন অভাৱ-অভিযোগসমূহৰ বুজ লয় আৰু প্ৰয়োজনীয়তা অনুসৰি অট’ টিপাৰ, জে.চি.বি., ট্ৰেক্টৰ, জেনেৰেটৰ আদি আৱশ্যকীয় সা-সঁজুলি প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে। লগতে চহৰাঞ্চলৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে গহপুৰ পৌৰসভাৰ এলেকাত এটা সন্মিলন কেন্দ্ৰ আৰু এখন শিশু উদ্যানো নিৰ্মানৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। আনহাতে বিশ্বনাথ চাৰিআলি নগৰ এলেকাত নগৰীয়া পানী যোগান আচঁনিখনৰ কাম-কাজৰ বুজ লৈ সেই আচঁনিখন পৰিচালনাৰ দায়িত্ব পৌৰসভালৈ হস্তান্তৰিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে তেওঁ নিৰ্দেশ দিয়ে। একেদৰে চতিয়াত ডাম্পিং গ্ৰাউণ্ড আৰু শিশু উদ্যান নিৰ্মাণৰ বাবেও ব্যৱস্থা লোৱা হ’ব বুলি তেওঁ সদৰী কৰে। চহৰকেইখনক অসমৰ ভিতৰতে আগশাৰীৰ নগৰীয়া এলেকা হিচাপে গঢ়ি তোলাৰ বাবে তেওঁ পৌৰসভাৰ বিভিন্ন ৱাৰ্ডৰ ৱাৰ্ড সদস্যসকল আৰু বিষয়ববীয়াসকলক উৎসৰ্গিত মনোভাবেৰে কাম কৰিবলৈ আহ্বান জনায়। আনহাতে মন্ত্ৰী সিংহলে আজি শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ স্মৃতি বিজড়িত ঐতিহাসিক গহপুৰ থানাও পৰিদৰ্শন কৰে। প্ৰত্নতত্ত্ব বিভাগে ইতিমধ্যেই কীৰ্তি-চিহ্ন হিচাপে ঘোষণা কৰা থানাখন অতি সোনকালেই ৰাইজৰ দৰ্শনৰ বাবে মুকলি কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ সংশ্লিষ্ট বিষয়ববীয়াসকলক আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে থানা চৌহদত বীৰত্বৰ অমৰ প্ৰতীক শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলিও নিবেদন কৰে। ইফালে জামুগুৰিহাটৰ পৰা উভতি অহাৰ পথত তেওঁ ঐতিহাসিক বাৰেচহৰীয়া ভাওনাথলীও পৰিদৰ্শন কৰে আৰু ঐতিহ্যমণ্ডিত এই মহোৎসৱৰ প্ৰস্তুতিৰ বুজ লয়। তেওঁ উদযাপন সমিতিৰ কাৰ্যালয়ত উপস্থিত হৈ বিষয়ববীয়াসকলৰ সৈতেও বাৰ্তালাপ কৰে আৰু মহোৎসৱৰ সফল আয়োজনৰ বাবে সম্ভৱপৰ সকলোধৰণৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। আজি এই দিনজোৰা কাৰ্যসূচীৰ বিভিন্ন বৈঠকত গহপুৰৰ বিধায়ক উৎপল বৰা, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ মহকুমাৰ মহকুমাধিপতি জয় শিৱানীৰ লগতে পৌৰসভাসমূহৰ পৌৰপতিসকল, ৱাৰ্ড সদস্যসকল আৰু সংশ্লিষ্ট প্ৰশাসনীয় বিষয়ববীয়াসকলো উপস্থিত আছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More