শৈলেন বৰুৱা
অসমৰ অগ্ৰণী আৰু পুৰণি প্ৰকৃতি সংগঠন বুলিলে এটা নাম মনলৈ আহে- নেচাৰ্চ বেকন। সংগঠিত ভাবে কিছু লোকে “সংঘ”ৰ দৰে সামাজিক কাম কাজ কৰাৰ পিছত ১৯৮২ চনৰ ৪ জুনত গঠন কৰে “নেচাৰ্চ বেকন” । আৰম্ভণিতে ধুবুৰী জিলাত প্ৰকৃতি সংৰক্ষণৰ প্ৰচেষ্টাৰে কাম কাজ কৰা নেচাৰ্চ বেকনে কম দিনৰ ভিতৰতে অসমৰ সামগ্ৰিক প্ৰকৃতি সংৰক্ষণৰ বাবে মাত মাতিবলৈ ধৰে। যোৱা সময়চোৱাত নেচাৰ্চ বেকন কেৱল অসমৰে নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ এক লেখত লবলগীয়া প্ৰকৃতি সংৰক্ষণকাৰী অভিজ্ঞ সংগঠনলৈ উন্নীত হল। ১৯৮২ চনৰ পৰা নিৰবিচ্ছিন্নভাবে এটা শক্তিশালী সংগঠন ৰূপে নেচাৰ্চ বেকনে অহা ৪ জুনত (২০২২ চন) দুকুৰি বছৰত ভৰি দিব। আনহাতে ২০৩২ চনত সংগঠনটোৱে গৌৰবোজ্জ্বল সোণালী জয়ন্তী উপলক্ষে আগন্তুক ১০ বছৰতো বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰ পৰিকল্পনা কৰিছে। উল্লেখ্য যে অসমৰ প্ৰকৃতি আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত নেচাৰ্চ বেকনে আৰম্ভণিৰে পৰা আন্তৰিকতাৰে কাম কৰি আহিছে। দুকুৰি বছৰীয়া নেচাৰ্চ বেকনৰ সাফল্যৰ আঁৰত কি কাৰকে মুখ্য ভূমিকা লৈ আছে।
উপযুক্ত, দক্ষ নেতৃত্বই সংগঠনক শক্তিশালী কৰে। এই কথা অসমৰ মানুহে জানে যে নেচাৰ্চ বেকন মানে সৌম্যদ্বীপ দত্ত আৰু সৌম্যদ্বীপ মানে নেচাৰ্চ বেকন। তদুপৰি নেচাৰ্চ বেকনৰ আঁৰত যিসকল ব্যক্তি আছে সেই সকলে প্ৰকৃতি সংৰক্ষণৰ নামত নিজকে উৎসৰ্গীত মনোভাবেৰে কাম কৰে।যাৰ বাবে সংগঠনটোৰ যোগাযোগৰ নেটৰ্ৱক যথেষ্ট শক্তিশালী। সঞ্চালক সৌম্যদ্বীপ দত্তৰ এহাতে প্ৰকৃতি সম্পৰ্কে থকা পাণ্ডিত্যপূৰ্ণ জ্ঞান আৰু অভিজ্ঞতা আৰু আনহাতে থকা সাংগঠনিক দক্ষতাৰ বাবেই নেচাৰ্চ বেকন আজি এক জাকত জিলিকা সংগঠন হৈ পৰিল।
নেচাৰ্চ বেকনে অসম জুৰি সজাগতামূলক কাৰ্যসূচী লোৱাৰ সময়তে ১৯৯০ চনৰ ওচৰে পাজৰে অসমৰ সংবাদ পত্ৰ সমূহেও প্ৰকৃতি বিষয়ক লেখা মেলাক গুৰুত্ব সহকাৰে প্ৰকাশ কৰাৰ লগতে সপ্তাহত এটাকৈ প্ৰকৃতি পৃষ্ঠা প্ৰকাশ কৰাত স্বাভাৱিকতে অসমত প্ৰকৃতি সংৰক্ষণৰ এটা জোৱাৰ উঠে।ফলত ৰাজ্যৰ ঠায়ে বহু প্ৰকৃতিপ্ৰমী সংগঠনৰ জন্ম হয়।স্থানীয়ভাবে এই সংগঠন সমূহে, প্ৰকৃতি সংৰক্ষণ, গছ পুলি ৰোপন, বন্যপ্ৰাণী হত্যা ৰোধ, পক্ষী হত্যা বাৰণ, পূজাত ম’হ বলি দিয়া প্ৰথাৰ বিলুপ্তি কৰণ আৰু ঠায়ে ঠায়ে জলাশয় আৰু অৰণ্য সংৰক্ষণৰ জৰিয়তে পক্ষী উদ্যান বা অভয়াৰণ্য ঘোষণাৰ দাবী তোলে।এনে বহু দাবী আজিও পূৰণ হোৱা নাই যদিও নেচাৰ্চ বেকনে “চক্ৰশিলা”ক অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান, অসমত বৰ্ষাৰণ্যৰ নব্য ধাৰণাক বিকশিত কৰি সংৰক্ষণ কৰা, আৰু কেবাখনো সংৰক্ষিত বনাঞ্চলক অভয়াৰণ্যৰ স্বীকৃতি প্ৰাপ্তি মূল ভূমিকা লৈছিল।এয়া দুকুৰি বছৰীয়া প্ৰকৃতি সংগঠনটোৰ অন্যতম Success story.
নেচাৰ্চ বেকনৰ নেতৃত্বত গঢ়ি উঠা অভয়াৰণ্য গঠন আৰু জৈৱ বৈচিত্ৰতা আন্দোলনে অসমৰ প্ৰকৃতি আৰু পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰখন বহুখিনি আগুৱাই নিবলৈ সক্ষম হৈছে। এই বছৰৰ পৰা অৰ্থাৎ ২০২২ বৰ্ষৰ পৰা নেচাৰ্চ বেকনে প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত ৪০ বছৰ সম্পূৰ্ণ কৰিলে।
এই সময়চোৱাত নেচাৰ্চ বেকনে যথেষ্ট “পেপাৰ ৱৰ্ক” কৰিছে। যিকোনো এটা ইচ্ছ্যুত জনগণক সচেতন সজাগ কৰিবলৈ নেচাৰ্চ বেকনে পোষ্টাৰ, পুস্তিকা, প্ৰসংগ পুথি, বেনাৰকে ধৰি যাৱতীয় বহু কাম কৰে।তদুপৰি দুকুৰি বছৰীয়া ইতিহাসত নেচাৰ্চ বেকনে এনে শতাধিক গ্ৰন্থ, পুস্তিকা প্ৰকাশ কৰি আহিছে। সঞ্চালক দত্তই নিজাববীয়াকৈ এতিয়ালৈকে ৪৫ খন প্ৰকৃতি বিষয়ক (বন্য জন্তু, পক্ষী, সৰীসৃপ, প্ৰকৃতিগত ৰোমাঞ্চকৰ/দুঃসাহসিক যাত্ৰা) গ্ৰন্থ ৰচনা কৰিছে। একেদৰে নবীন লেখকৰ প্ৰকৃতি বিষয়ক গ্ৰন্থ ৰচনা কৰাত সহযোগিতা কৰাৰ লগতে প্ৰকাশৰ ক্ষেত্ৰতো সহায় কৰি আহিছে। অসম সাহিত্য সভাৰ ইতিহাসত প্ৰকৃতিক সাহিত্যৰ সৈতে জৰিত কৰা মানুহজনেই হল–সৌম্যদ্বীপ দত্ত। এক কথাত কবলৈ গলে প্ৰকৃতি বিষয়ত সজাগতা, সভা, কৰ্মশালা, শিবিৰ, ট্ৰেকিং আদি যিকোনো কামৰ বাবে সহায় বিচাৰিলে সৌম্যদ্বীপ দত্তই কোনোদিনেই না নকৰে। ইতিবাচক চিন্তা আৰু উদ্যমী দত্তৰ বাবেই আজি নেচাৰ্চ বেকন অসমৰ এটা “ব্ৰেণ্ড” স্বৰূপ হৈ পৰিছে।
২০২২ ৰ পৰা ২০৩২ লৈ নেচাৰ্চ বেকনে সোণালী জয়ন্তীৰ দশকজোৰা কাৰ্যসূচী পালন কৰিবলৈ মনস্থ কৰিছে। এই কাৰ্যসূচী সমূহৰ ভিতৰত মূলতঃ বিদ্যালয় সমূহত পৰিৱেশ সংৰক্ষণৰ বাবে সংগঠিত কৰি তোলা, জৈৱ বৈচিত্ৰতা সুৰক্ষাৰ লগতে অভয়াৰণ্য আন্দোলনক অধিক শক্তিশালী কৰা, ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন পৰিৱেশ সম্বন্ধীয় শিক্ষামূলক জ্ঞানৰ বিকাশ কৰোৱা, ভিন্ন স্থান আৰু ভিন্ন পৰিৱেশৰ সৈতে জড়িত বেচৰকাৰী সংগঠন সমূহক আৰু অধিক কাম কৰিবলৈ উৎসাহিত কৰা ইত্যাদিয়ে প্ৰধান। আগন্তুক দহ বছৰত এই কাম নিশ্চিতভাবে নেচাৰ্চ বেকনে সম্ভৱ কৰি তুলিব।
কাইলৈ ৪ জুন ২০২২ চন। নেচাৰ্চ বেকনৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোতে সোণালী জয়ন্তী দশকৰ শুভাৰম্ভণি হিচাপে গুৱাহাটী প্ৰেছ ক্লাৱত অসমৰ সাংবাদিক-পৰিৱেশকৰ্মী-গল্পকাৰ পংকজ কুমাৰ দত্তই সম্পাদনা কৰা ‘প্ৰকৃতি সাহিত্য আৰু নেচাৰ্চ বেকন’ নামৰ গ্ৰন্থ এখন উন্মোচন হ’ব। সোণালী জয়ন্তীৰ গৌৰৱ ধজ্জা স্বৰূপ এই গ্ৰন্থ প্ৰকাশেৰে নেচাৰ্চ বেকনে ৫০ বছৰীয়া দীৰ্ঘ যাত্ৰালৈ গতি কৰিব।