দুটা ৰাষ্ট্ৰীয়কৃত বেংক বেচৰকাৰীকৰণৰ পথত

বৰ্ষাকালীন অধিৱেশনত উত্থাপিত হ'ব বিধেয়ক

0 22

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ মে’ : এলআইচিৰ আংশিক বেচৰকাৰীকৰণৰ পিছত এইবাৰ দুটা ৰাষ্ট্ৰীয়কৃত বেংক বেচৰকাৰীকৰণৰ পথত। এই প্রক্রিয়া দ্রুততাৰে সম্পন্ন কৰিবলৈ তৎপৰতা বঢ়াইছে কেন্দ্রীয় চৰকাৰে। কেন্দ্রৰ এক সূত্র উদ্ধৃত কৰি সংবাদ সংস্থা পিটিআয়ে জনাইছে যে, সংসদৰ আসন্ন বৰ্ষাকালীন অধিৱেশনতেই এই বিষয়ে এখন বিধেয়ক গৃহীত কৰিব বিচাৰিছে কেন্দ্রই। তাৰ বাবে দুটা ৰাষ্ট্ৰীয়কৃত বেংকক বিলগ্নীকৰণৰ তালিকাত যোগ দিয়া হৈছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ‘বেঙ্কিং ৰেগুলেচন এক্ট’ সংশোধন কৰি ৰাষ্ট্ৰীয়কৃত বেঙ্কবোৰত বেচৰকাৰী সংস্থাৰ বিনিয়োগৰ পথ খুলি দিয়েই বিশেষ বার্তা দিছিল মোদী চৰকাৰে। ইয়াৰ আগেয়ে এয়াৰ ইণ্ডিয়াৰ বিলগ্নীকৰণো কৰে চৰকাৰে। একেদৰে এলআইচিৰ আইপিঅ’ এৰি দিয়া হয় বজাৰত। আৰু বহুকেইটা সংস্থাৰ ছেয়াৰো চৰকাৰে নিজৰ হাতৰ পৰা এৰি দিব বিচাৰিছে। ১৯৭০ আৰু ১৯৮০ চনৰ বেঙ্ক ৰাষ্ট্ৰীয়কৰণৰ দুখন আইন আৰু ১৯৪৯ চনৰ বেঙ্ক নিয়ন্ত্রণ আইন সংশোধন কৰা হ’ব বুলিও আগতেই জনাইছিল বিত্তমন্ত্রী নির্মলা সীতাৰমনে। সেইদৰে এইবাৰ এই সংশোধনীসমূহ পেচ কৰা হ’ব পাৰে সংসদত। সকলো ঠিক থাকিলে বৰ্ষাকালীন অধিৱেশনতেই এই সংশোধনী পাছ কৰা হ’ব। অৱশ্যে এতিয়াও জানিব পৰা নাই কোন দুটা বেঙ্কক বেচৰকাৰী সংস্থাৰ হাতত তুলি দিবলৈ ইচ্ছুক কেন্দ্র। অনুমান কৰামতে, ইণ্ডিয়ান অভাৰচিজ বেঙ্ক, বেঙ্ক অব মহাৰাষ্ট্র, বেঙ্ক অব ইণ্ডিয়া, চেন্ট্রেল বেঙ্ক, আইডিবিআই বেঙ্কৰ ভিতৰত যিকোনো দুটা বেঙ্কৰ বেচৰকাৰীকৰণ হ’ব পাৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More