দুস্কৃতিকাৰীৰ হাতত প্ৰাণ আহুতি দিয়া জাতীয় শ্বহীদ ভূপেন ডেকাক স্মৰণ তেজপুৰত

জুয়েপোৰা ৮৩ৰ ২০ মাৰ্চৰ দু:সহ দিনৰ স্মৃতি ৰোমন্থন কৰি তেজপুৰত নষ্টালজিক হ'ল প্ৰাক্তন ছাত্ৰ নেতা

0 15

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২০ মাৰ্চ : IMG 20230320 WA0075জুয়ে পোৰা ৮৩ ৰ আজিৰ দিনটোতে দুস্কৃতিকাৰীৰ হাতত নিহত হোৱা অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ তেজপুৰৰ খামিডাঠ যোদ্ধা, দক্ষ অভিনেতা জাতীয় শ্বহীদ ভূপেন ডেকাক আজি তেজপুৰত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে একাংশ সতীৰ্থৰ লগতে বৰ্তমানৰ তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু তেজপুৰীয়া ৰাইজে। তেজপুৰ চহৰৰ সমীপৰ বাম পৰ্বতীয়াৰ শ্বহীদ ভূপেন ডেকা পথৰ কাষতে থকা শ্বহীদ ভূপেন ডেকা সোঁৱৰণী মঞ্চ প্ৰাংগনত থকা জাতীয় শ্বহীদ গৰাকীৰ পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰতিকূল বতৰকো নেওচি আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ ভূপেন ডেকাৰ সতীৰ্থ, প্ৰাক্তন ছাত্ৰ নেতা তথা তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই। ভূপেন ডেকাৰ আন এগৰাকী ঘনিষ্ঠ সহযোগী, প্ৰাক্তন ছাত্ৰ নেতা যোগেন পটংগীয়াই আঁত ধৰা আৰু পুতুল শৰ্মাৰ গীতা পাঠেৰে আৰম্ভ হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসম আন্দোলনৰ নিৰ্যাতিত প্ৰেমানন্দ মহন্ত, সতীৰ্থ দিলীপ বৰা, কৰুণা শইকীয়া, কাবুল শৰ্মা, যশস্কৰ বৰুৱা, শান্তনু মহন্ত, অনিল ডেকা, লন্টু শইকীয়া, অৱসৰপ্ৰাপ্ত অধ্যাপক পৰেশ গোস্বামী, সমাজকৰ্মী মুকুল গোস্বামী, অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়া, নাট্যশিল্পী অচ্যুত শৰ্মা, অসম নাট্য সন্মিলনৰ তেজপুৰ শাখাৰ সম্পাদক জিন্টু বৰঠাকুৰ, শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ ভৰত বৰা, তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দেৱাঞ্জন বিকাশ পাঠক, সম্পাদক গীতাৰ্থ হৰি কাশ্যপ, শ্যামন্ত শইকীয়া, অৰুণ শইকীয়া, কৃষ্ণ পটংগীয়া, উপেন বৰঠাকুৰ, ভূপেন শইকীয়া অধিবক্তা প্ৰদীপ শৰ্মা, দীপক পটংগীয়া, মনোজ শইকীয়া, পদ্ম মটক আদিয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে।
ইয়াৰ পিছতেই জাতীয় শ্বহীদ গৰাকীক স্মৃতিচাৰণ কৰি প্ৰাক্তন ছাত্ৰ নেতা ভূপেন বৰাই ভূপেন ডেকাৰ যি জাতীয়তাবাদী সত্বা আৰু প্ৰচণ্ড সাহসী ব্যক্তিত্ব সেয়া একক আৰু অনন্য আছিল বুলি মন্তব্য কৰে। আনহাতে প্ৰাক্তন ছাত্ৰ নেতা তথা সাংস্কৃতিক কৰ্মী শান্তনু মহন্তৰ লগতে প্ৰেমানন্দ মহন্ত, অনিল ডেকা, যশস্কৰ বৰুৱা আদিয়েও স্মৃতিচাৰণ কৰি ভূপেন ডেকাৰ ত্যাগ আৰু সেইসময়ৰ সংগ্ৰামী মুহূৰ্ত সমূহৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More