দেউৰীসকলৰ পুৰণি, বিলুপ্তপ্ৰায় বিহু সংস্কৃতিক পুনৰ উদ্ধাৰৰ প্ৰচেষ্টা দেউৰী বিচু সন্মিলনৰ

লখিমপুৰৰ নকাৰীত দেউৰীসকলৰ ‘ইবাঁকু বিচু’ উদযাপন

0 437

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩ মেঃ দেউৰীসকলৰ সাতাম পুৰুষীয়া ‘ইবাঁকু বিচু’ এইবাৰ দিনযোৰা কাৰ্যসূচীৰে আজি উত্তৰ লখিমপুৰ নগৰৰ নকাৰীত থকা দেউৰী ভৱন প্ৰাংগণত অনুষ্ঠিত কৰা হয়। উত্তৰ লখিমপুৰ চতুৰ্থ বাৰ্ষিক দেউৰী বিচু সন্মিলনৰ সভানেত্ৰী পদ্মাৱতী দেউৰীয়ে আজি কয় যে দেউৰীসকলৰ পুৰণি বিচু (বিহু) সংস্কৃতিক একপ্ৰকাৰে হেৰাই যাবলৈ ধৰিছে আৰু তেনে বিচুক পুনৰ উদ্ধাৰ কৰাৰ প্ৰচেষ্টাৰে আজি নকাৰীত এই বিচু সন্মিলন অনুষ্ঠিত কৰা হয়। লখিমপুৰ আৰু ধেমাজি জিলাৰ বাহগড়া, বৰবাম, বামচেনীয়া, চিলাপথাৰ, বাহগড়া পানীগাঁও আদিৰ পৰা অহা কেবাটাও বিচুদলে আজিৰ এই সন্মিলনত অংশগ্ৰহণ কৰি দেউৰী সকলৰ বিলুপ্তপ্ৰায় জিমছঁয়া বিচু সংস্কৃতি প্ৰদৰ্শন কৰে। আজিৰ এই বিচু সন্মিলনত দেউৰী জাতিৰ পুৰোধা ব্যক্তি তথা দেউৰী সাহিত্য সভাৰ সভাপতি ফিজু কুমাৰ দেউৰীৰ লগতে দেউৰী ভাষাৰ গৱেষক ড° ষড়ানন দেউৰী, সদৌ দেউৰী সাংস্কৃতিক সংঘৰ সভাপতি মিত্ৰ কুমাৰ দেউৰীকে ধৰি দেউৰী জনগোষ্ঠীৰ বহু বিশিষ্ট লোকে অংশগ্ৰহণ কৰা আজিৰ এই বিচু সন্মিলনত বিভিন্ন প্ৰান্তৰ ৭টা দেউৰী বিচু দলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি কলা কৃষ্টি আৰু বিচু প্ৰদৰ্শন কৰে। সকলোৱে দেউৰী সকলৰ পুৰণি বিচু সংস্কৃতি প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More