‘দেউৰী শব্দৰ ইতিহাস’ উন্মোচনঃ হেমকোষ অভিধান দেউৰী ভাষাত প্ৰকাশৰ পথত

0 207

শতাব্দ প্ৰতিনিধি,যোৰহাট, ১ মেঃ উত্তৰ পশ্চিম যোৰহাটৰ নামদেউৰী গাঁৱৰ ৰংগমঞ্চত আজি দেউৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্যক নৃপেন দেউৰীৰ ১৫ সংখ্যক গ্ৰন্থ ‘দেউৰী শব্দৰ ইতিহাস’ নামৰ গৱেষণা গ্ৰন্থখন উন্মোচন কৰা হয়। আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, দেউৰী ভাষাৰ অভিধান, পাঠ্যপুথি, ব্যাকৰণ আদিকে ধৰি ১৪ খন গ্ৰন্থৰ প্ৰণেতা নৃপেন দেউৰীয়ে জনগোষ্ঠীটোৰ সৰ্বাংগীন বিকাশৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰি আহিছে । এই উপলক্ষে আজি দেউৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন উপদেষ্টা গোলাপ দেউৰীৰ সভাপতিত্বত লেখক-শিক্ষক সৌৰভ কুমাৰ দেউৰীয়ে আঁত ধৰা সভাখনত গ্ৰন্থখন উন্মোচন কৰে জগন্নাথ বৰুৱা মাহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ড° জ্যোতিৰেখা হাজৰিকাই। উন্মোচনী ভাষণত ড° হাজৰিকাই কয়, এই পুথিখনে দেউৰী জনগোষ্ঠীৰ বাবে এক মাইলৰ খুঁটি হৈ ৰ’ব । লগতে অসমীয়া ভাষা সাহিত্য জগতলৈ এই গ্ৰন্থখনে প্ৰমূল্য বৰঙণি আগবঢ়াব। লেখক নৃপেন দেউৰীয়ে এই উন্মোচনী সভাতে ঘোষণা কৰে যে তেখেতে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ অভিধানখন দেউৰী ভাষালৈ অনুবাদ কৰাৰ কাম কৰি আছে, প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু অতি কম দিনৰ ভিতৰতে ৰাইজৰ হাতত তুলি দিব । উল্লেখ্য, হেমকোষখন দেউৰী ভাষালৈ অনুবাদ কৰাৰ লগে লগে দেউৰী আৰু অসমীয়া ভাষা, সাহিত্যৰ যে এক নতুন দিগন্তৰ সূচনা হ’ব সেয়া নিশ্চিত। আজিৰ এই উন্মোচনী সভাত দেউৰী স্বায়ত্তপৰিষদৰ সদস্য কেশৱ দেউৰী, সৰ্বোদয় মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ বৰুৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° জিতু বৰা, আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ বৰুৱা, আবকাৰী বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া দেবেন্দ্ৰ নাথ দলে, এচেন দেউৰী, বীৰেণ বৰা, সাহিত্যক মাণিক বৰা, প্ৰতাপ শৰ্মা, কৃঞ্চবাহাদুৰ ছেত্ৰী, মহেন্দ্ৰ ফুকন, ৰাজমোহন দেউৰী, সুৰেন দেউৰী, পৰেশ দেউৰী আদিয়ে অংশ গ্ৰহণ কৰে। ইয়াৰ আগতে বিশিষ্ট বিশিষ্ট ব্যক্তিসকলক দেউৰী কৃষ্টিৰে মঞ্চলৈ আদৰণি জনোৱা হয়। গ্ৰন্থখন প্ৰকাশ কৰিছে ৰাজীৱ বৰুৱা আৰু এচেন দেউৰীয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More