দেশত ‘অগ্নিপথ’ৰ দাবানলঃ কেৱল বিহাৰতেই ৰে’ল বিভাগৰ ২০০ কোটি টকাৰ ক্ষতি

0 15

তাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ জুন : অগ্নিপথ প্রকল্পক ঘেৰি দেশত এতিয়া অগ্নিগর্ভ পৰিস্থিতি। সেনা বাহিনীত নিয়োগৰ নতুন নিয়মৰ প্রতিবাদত প্রবল বিক্ষোভ চলিছে গোটেই দেশজুৰি। সকলোতকৈ বেয়া অৱস্থা বিহাৰ আৰু উত্তৰ প্রদেশত। কেৱল বিহাৰতেই আন্দোলনকাৰীৰ তাণ্ডৱত ২০০ কোটিৰ ক্ষতিৰ মুখত ভাৰতীয় ৰে’ল। জ্বলাই দিয়া হৈছে ৰে’লৰ ৬০টা ডবা আৰু ১০টা ইঞ্জিন। আজি ১৮ জুনৰ পুৱাৰ পৰাও বিভিন্ন ঠাইত বিক্ষোভ দেখা যায়। সকলো মিলি পৰিস্থিতি ক্রমে আৰু বেয়াৰ ফালে ঢাল খাইছে। এক সর্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্রৰ পৰা জনা গৈছে যে, ৰে’ল বিভাগে এতিয়ালৈকে ২৩৪খন ট্রেইন বাতিল কৰিছে। ইয়াৰ ভিতৰত ৯৪খন মেইল ট্রেইন আৰু ১৪০খন যাত্রীবাহী ট্রেইন। ৩৪০খন ট্রেইন ক্ষতিগ্রস্ত হৈছে। আনহাতে কেন্দ্রৰ তৰফৰ পৰা ৰাজ্যসমূহৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে সকলো ষ্টেচন আৰু অন্য ঠাইতো নিৰাপত্তা কটকটীয়া কৰিবৰ বাবে। তদুপৰি জাতীয় সম্পদ ধ্বংসকাৰীসকলক চিহ্নিত কৰিবৰ বাবে তদন্তত নামিছে আৰক্ষী। ইফালে ১৭ জুনত ছেকেন্দ্রাবাদ ষ্টেচনত হোৱা বিক্ষোভ-আক্ৰমণত মৃত্যু হৈছে দামিৰা ৰাকেশ নামৰ এজন ২৪ বছৰীয়া তৰুণৰ। তেওঁৰ পৰিয়াললৈ ২৫ লাখ টকা আর্থিক সাহায্যৰ কথা ঘোষণা কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্রী কে চন্দ্রশেখৰে। তদুপৰি পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি দিয়াৰ ঘোষণাও কৰিছে তেওঁ। উল্লেখ্য যে, সেনা বাহিনীৰ লোকবল অক্ষুণ্ণ ৰাখি আধুনিকীকৰণৰ স্বার্থত কেন্দ্রৰ নতুন প্রকল্প অগ্নিপথ। ইয়াৰ মাধ্যমেৰে সেনাত অস্থায়ীভাৱে ৪ বছৰৰ বাবে কর্মী নিয়োগ হ’ব। যিসকলৰ পোছাকী নাম ‘অগ্নিবীৰ’। কিন্তু কেন্দ্রৰ ঘোষিত এই অগ্নিপথ প্রকল্পই দেশজুৰি সেনাৰ চাকৰিপ্রার্থীসকলৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে। এনেদৰে অস্থায়ী পদত নিয়োগক লৈ চাকৰিপ্রার্থীসকল অসন্তুষ্ট। ইতিমধ্যেই দেশৰ বিভিন্ন প্রান্তত আৰম্ভ হৈছে বিক্ষোভ। চৰকাৰৰ দাবী— এনেদৰে সেনাত নিয়োগ হ’লে বেতন আৰু পেঞ্চনৰ বাবদ অর্থ ৰাহি হ’ব। সেই টকা সেনাৰ প্রযুক্তিৰ উন্নতিৰ কামত লগোৱাৰ কথা ভাবিছে প্রতিৰক্ষা মন্ত্রণালয়ে। কিনা হ’ব আৰু আধুনিক অস্ত্র-শস্ত্র। যুৱ সমাজক দেশসেৱা আৰু প্রশিক্ষণ লোৱাৰ সুযোগ দিব বিচাৰিছে চৰকাৰে। বর্তমান ভাৰতীয় সেনা বাহিনীৰ জোৱানৰ গড় বয়স ৩২ বছৰ। অগ্নিবীৰসকলৰ নিয়োগৰ ফলত ১০ বছৰৰ ভিতৰত সেয়া নামি আহিব ২৬ বছৰলৈ। এইক্ষেত্রত বাহিনী উৎসাহী আৰু শাৰীৰিক সামর্থৰে ভৰপুৰ হ’ব বুলি দাবী কেন্দ্রৰ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More