দেশত স্বতন্ত্ৰ সাংবাদিকতাক ৰাইজে গুৰুত্ব দিছেঃ অজিত ভূঞা

নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ অধিৱেশন সম্পন্ন

0 48

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭ জুলাইঃ দেশত এতিয়া মূল সুঁতিৰ সংবাদ গোষ্ঠীৰ পৰিৱৰ্তে ৰাইজে independent media ৰ গুৰুত্ব অনুভৱ কৰিছে। মূলসুঁতিৰ সংবাদ মাধ্যমে চৰকাৰৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰিলেই সংবাদ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীলৈ ভাবুকি আহে… সম্পাদকক অব্যাহতি দিব লাগে। এনে বহু ঘটনা ইতিপূৰ্বে দেশত ঘটি গৈছে। আপোনালোকে ৰবীশ কুমাৰ,পূণ্য প্রসূন বাজপেয়ীৰ কথা নিশ্চয়কৈ জানে। তেওঁলোকৰ দৰে আন একাংশ প্ৰসিদ্ধ সাংবাদিকেও চৰকাৰৰ ওচৰত শিৰনত নকৰি সংশ্লিষ্ট সংবাদ মাধ্যমৰ পৰা ওলাই আহি স্বতন্ত্ৰৰীয়াকৈ ইউ টিউব চেনেল খুলি চৰকাৰৰ দোষ ত্ৰুটি ৰাইজৰ আগত প্ৰকাশ কৰি আহিছে।- এই ভাষ্য বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাৰ।WhatsApp Image 2024 07 07 at 2.44.54 PM e1720370870930 আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ দ্বি বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত অংশ গ্ৰহণ কৰি বিশিষ্ট সাংবাদিক তথা ৰাজ্যসভাৰ সাংসদজনে এইদৰে কয়। নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ সভাপতি কুমুদ বৰুৱাই পৌৰোহিত্য কৰা আজিৰ মুকলি সভাখন উদ্বোধন কৰে লখিমপুৰৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া বংকিম ভাগৱতীয়ে। সভাত বিশিষ্ট অতিথি হিচাপে অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ দেৱজিৎ ফুকনে প্ৰকৃতিৰ লগতে মানৱৰ উন্নয়নৰ ক্ষেত্ৰত বহনক্ষম উন্নয়নৰ পোষকতা কৰে ।WhatsApp Image 2024 07 07 at 10.17.46 PM তেঁও লগতে গ্ৰীন ৰিপৰ্টিং সন্দৰ্ভতো সচেতন হবলৈ সাংবাদিকসকলক আহ্বান জনায়। সভাত আন এজন বিশিষ্ট অতিথি শংকৰ পাটোৱাৰীয়ে ভূপেন হাজৰিকাৰ গীত আৰু কথাৰে ৰাইজক আপ্লুত কৰে। আজিৰ সভাতে বিভিন্ন ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়োৱা ৬ গৰাকী ব্যক্তিক সাদৰ সম্বৰ্ধনা জনোৱা হয়। চিত্ৰশিল্পী পৰেশ ভূঞা, অৱসৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাঃ নিখিল কাকতি, সাংবাদিক-অনুবাদক অৰুণজ্যোতি বৰা, আৰক্ষী হাবিলদাৰ হেকিম আলি, কৃষক লক্ষী গগৈক সম্বৰ্ধনা পত্ৰ -গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে নাট্যকৰ্মী নাজিম আহমেদ সভাত উপস্থিত হব নোৱাৰাত তেখেতক পৰৱৰ্তী সময়ত সম্বৰ্ধনা জনোৱা হব বুলি সভাই সদৰি কৰে।WhatsApp Image 2024 07 07 at 2.45.04 PM e1720371094388 নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ দ্বি-বাৰ্ষিক অধিবেশন খনি কালি আৰু আজি (৬ আৰু ৭ জুলাই) বিস্তৃত কাৰ্যসূচীৰে অনুস্থিত কৰা হয়। প্ৰথম দিনা কাৰ্য্যসূচীত প্ৰেছ ক্লাবৰ পতাকা উত্তোলন কৰে সভাপতি কুমুদ বৰুৱাই। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সাংবাদিক টুটুমণি ফুকনে। বিয়লি নতুনকৈ নিৰ্মাণ কৰা প্ৰেছ ক্লাবৰ সভা কক্ষটি উন্মোচন কৰে ভাৰতীয় জনতা পাৰ্টীৰ জিলা সম্পাদক ফণীধৰ বৰুৱাই। কালি নিশা প্ৰতিনিধি সভা অনুষ্ঠিত কৰি নতুন সমিতি গঠন কৰা হয়।WhatsApp Image 2024 07 07 at 2.44.54 PM 1 e1720371227697

নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ ২০২৪ -২৫ -২৬ বৰ্ষৰ কাৰ্যকালৰ বাবে নৱ নিৰ্বাচিত কমিটি খন
কুমুদ বৰুৱা (সভাপতি )
কুমুদ শইকীয়া (কাৰ্যকৰী সভাপতি)
বুবুল হাজৰিকা (উপ সভাপতি )
দ্বীপেন বৰা (উপ সভাপতি)
কৰুণা কৃষ্ণ নাথ (সাধাৰণ সম্পাদক )
মানৱ শইকীয়া (সহকাৰী সম্পাদক )
অজিত কুমাৰ মেধি (সহকাৰী সম্পাদক )

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More