দেশৰ গৰিষ্ঠসংখ্যক বিশ্ববিদ্যালয়ৰ অধ্যাপক-প্ৰতিনিধিৰ অংশগ্ৰহণেৰে দৰং মহাবিদ্যালয়ত দুদিনীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ

পাঠ হ'ব শতাধিক গৱেষণা পত্ৰ

0 38

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৭ নৱেম্বৰ : ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ দ্বাৰা মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান মূল্যায়ন কোষ (IQAC) আৰু অসম প্ৰাণীবিজ্ঞান সমিতিৰ সহযোগত অহা ১৮ আৰু ১৯ নৱেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে ‘Recent Advances in Biological Sciences: Biodiversity and Human Welfare’ শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰৰ আয়োজন কৰা হৈছে। ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ আৰু বিজ্ঞান আৰু অভিযান্ত্ৰিক পৰিষদৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হ’বলগীয়া আলোচনাচক্ৰখনত দেশৰ বিভিন্ন অগ্ৰণী শিক্ষানুষ্ঠান যেনে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয়, কলিকতা বিশ্ববিদ্যালয়, পঞ্জাৱ বিশ্ববিদ্যালয়, ছিকিম বিশ্ববিদ্যালয়, উত্তৰ ওড়িশা বিশ্ববিদ্যালয়, উৎকল বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আদিৰ অধ্যাপক, গৱেষক, ছাত্ৰ-ছাত্ৰী আৰু তামিলনাডু বন বিভাগৰ গৱেষকসকলে এশৰো অধিক গৱেষণাপত্ৰ পাঠ কৰিব। শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুক মুখ্য অতিথি আৰু গুৱাহাটী বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যদ্বয় ক্ৰমে ড: প্ৰতাপজ্যোতি সন্দিকৈ আৰু ড: ৰমেশ চন্দ্ৰ ডেকাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা কথা। তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড: বীৰেণ দাসে উক্ত আলোচনাচক্ৰখন উদ্বোধন কৰাৰ বাবে সন্মতি প্ৰদান কৰিছে। আলোচনাচক্ৰখনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড: পৰিমল চন্দ্ৰ ভট্টাচাৰ্য, বৰ্তমানৰ মুৰব্বী অধ্যাপক ড: যোগেন চন্দ্ৰ কলিতা, প্ৰাক্তন মুৰব্বী অধ্যাপক তথা বিজ্ঞানগুৰু ড: প্ৰশান্ত কুমাৰ শইকীয়া, প্ৰাক্তন মুৰব্বী অধ্যাপক ড: ধীৰেন্দ্ৰ কুমাৰ শৰ্মা, ওড়িশাৰ মহাৰাজা শ্ৰীৰামচন্দ্ৰ ভঞ্জ দেও বিশ্ববিদ্যালয়ৰ অধ্যাপক ড: অশোক কুমাৰ মল্লিক, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক ড: যতীন শৰ্মা আৰু শিৱসাগৰ ডিমৌ আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক ডা: সুৰজিৎ গিৰিয়ে তেওঁলোকৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিব। তদুপৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ আণৱিক জীৱবিজ্ঞান আৰু জৈৱপ্ৰযুক্তি বিভাগৰ মুৰব্বী অধ্যাপক ড: ৰবীন দলে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড: ৰাজন শৰ্মা আৰু USTM, মেঘালয়ৰ উপ উপাচাৰ্য ড: বলেন্দ্ৰ কুমাৰ দাসে আলোচনাচক্ৰখনত পৌৰোহিত্য কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰিব। আলোচনাচক্ৰৰ কাৰ্যবিৱৰণী গ্ৰন্থখন (Proceeding) অসম বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ পৃষ্ঠপোষকতাত প্ৰকাশ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More