দেশৰ প্ৰখ্যাত সাহিত্যিকৰ অংশ গ্ৰহণেৰে তেজপুৰত অহা ৯, ১০ আৰু ১১ ডিচেম্বৰত “সাহিত্য উৎসৱ”

ৰাজহুৱা সভাত বিধায়ক পৃথ্বিৰাজ ৰাভাই উন্মোচন কৰিলে সাহিত্য উৎসৱৰ দৃশ্য-শ্ৰব্য প্ৰতীক

0 39

শতাব্দ প্ৰতিনিধি তেজপুৰ , ৮ ছেপ্টেম্বৰ : উঠি অহা প্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ প্ৰতি বা কিতাপ পঢ়াৰ প্ৰতি অধিক আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰে অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ জনপ্ৰিয় লেখক-সাহিত্যিকৰ উপস্থিতিত “মেজমেল”, লেখকৰ স’তে মুখামুখি”, “সৃজনীমূলক লেখাৰ কৰ্মশালা”, “বহুভাষিক গদ্য-কবিতা”, “থিতাতে কবিতা ৰচনা”, “লেখকৰ সৈতে কথোপকথন”, শ্লেম কবিতা বা দৃশ্য-শ্ৰব্য কবিতা আদি আকৰ্ষণীয় কাৰ্যসূচীৰে অহা ৯ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ তেজপুৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব “সাহিত্য উৎসৱ”। তেজপুৰৰ সাহিত্য আৰু শৈক্ষিক অনুষ্ঠান “টেল” (Tezpur Academy of Literature and Education) ৰ উদ্যোগত আৰু তেজপুৰীয়া ৰাইজৰ সহযোগত অনুষ্ঠিত হ’ব লগা এই বৌদ্ধিক অনুষ্ঠান সফলকাম কৰি তোলাৰ লক্ষ্যৰে কালি সন্ধিয়া তেজপুৰ সাহিত্য সভা ভৱনত এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱাই আঁত ধৰা আৰু বিশিষ্ট শিক্ষাবিদ ড° প্ৰাণজিৎ হাজৰিকাই পৌৰোহিত্য কৰা সভাখনৰ আৰম্ভণিতে “টেল” ৰ সভানেত্ৰী জয়শ্ৰী ভূঞাই আদৰণী ভাষণ প্ৰদান কৰাৰ লগতে “টেল”ৰ লক্ষ্য উদ্দেশ্য আৰু এই সাহিত্য উৎসৱৰ পৰিকল্পনা আৰু প্ৰস্তুতিৰ সন্দৰ্ভত সবিশেষ দাঙি ধৰি “টেল” ৰ সম্পাদিকা তথা এগৰাকী ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ লেখিকা ড°শ্বৰিতা শৰ্মাই ইতিমধ্যে এই সাহিত্য উৎসৱৰ বাবে প্ৰখ্যাত সাহিত্যিক য়েছে দৰজে ঠংচি, ডাঃ ধ্ৰুৱজ্যোতি বৰা, মুম্বাইৰ প্ৰখ্যাত সাহিত্যিক দেৱ দত্ত পাটনায়ক, নতুন দিল্লীৰ জেনিচ পেৰিয়েট, অৰুণাচল প্ৰদেশৰ সাহিত্য অকাদেমী বঁটা প্ৰাপক প্ৰখ্যাত সাহিত্যিক নমাং দাই, মিত্ৰ ফুকন, বৰ্তমান প্ৰজন্মৰ জনপ্ৰিয় সাহিত্যিক অংকুশ শইকীয়া, অন্তৰ আত্ৰেয় আদিয়ে অংশগ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বুলি মন্তব্য কৰে। আনহাতে সভাখনত এই সাহিত্য উৎসৱৰ সৈতে জড়িত থকা তথা দীৰ্ঘদিন ধৰি তেজপুৰত গ্ৰন্থমেলাৰ সৈতে জড়িত হৈ অহা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মহেন্দ্ৰ কুমাৰ নাথে এই প্ৰয়াস এক সুন্দৰ প্ৰয়াস বুলি মন্তব্য কৰি তেজপুৰত এক সুস্থ বৌদ্ধিক আৰু সাংস্কৃতিক পৰিৱেশ সৃষ্টিৰ বাবে এনে আয়োজনত সকলোকে চামিল হ’বলৈ আহ্বান জনাই শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে।বিশিষ্ট শিক্ষাবিদ তথা তৰুণ অসম সংঘৰ সভাপতি ৰবীন্দ্ৰ নাথ শৰ্মাই পৰামৰ্শমূলক ভাষণ প্ৰদান কৰি বৰ্তমান সময়ত এনেধৰণৰ বৌদ্ধিক অনুষ্ঠান আয়োজন কৰা অতি কঠিন কাম হৈ পৰিছে বুলি মন্তব্য কৰে। স্থুল ৰুচিৰ অনুষ্ঠান সমূহৰ প্ৰতিহে সৰ্বসাধাৰণ ৰাইজ অধিক উৎসাহী হোৱাৰ দিশটোত উদ্বিগ্নতা প্ৰকাশ কৰি অৱসৰপ্ৰাপ্ত অধ্যাপক শৰ্মাই তেজপুৰত প্ৰথমবাৰৰ বাবে এনে অনুষ্ঠানৰ আয়োজন আশাব্যঞ্জক খবৰ যদিও উদ্যোক্তা সকল কিছু প্ৰত্যাহ্বানৰ সন্মূখীন হ’ব লগীয়া সম্ভাৱনাৰ কথা উল্লেখ কৰি এই আয়োজনৰ প্ৰতি সহাঁৰি জনায়। নাট্যশিল্পী তথা মঞ্চ আৰু চলচ্চিত্ৰৰ অভিনেত্ৰী ডাঃ জাহানাৰা বেগমে ৰাজহুৱা সভাখনত দীৰ্ঘদিন ধৰি নিৰবে সাহিত্য আৰু শৈক্ষিক অনুষ্ঠানেৰে এক বৌদ্ধিক আন্দোলনত জড়িত হৈ অহা “টেল” ৰ এনে পদক্ষেপ তেজপুৰবাসীৰ বাবেই এক আশাৰ বতৰা বুলি কৈ সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়েও এই আয়োজনে তেজপুৰত এক নতুন মাত্ৰা দিব বুলি মন্তব্য কৰে। ড° প্ৰাণজিৎ হাজৰিকাই এই সাহিত্য উৎসৱে তেজপুৰত এক বৌদ্ধিক পৰিৱেশৰ সূচনা কৰিব বুলি মন্তব্য কৰে। উল্লেখ্য যে, বিভিন্ন গৰাকীয়ে পৰামৰ্শমূলক ভাষণ প্ৰদান কৰি তেজপুৰত প্ৰথমবাৰৰ বাবে এনে আশাব্যঞ্জক পদক্ষেপৰ বাবে সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়া সভাখনত দীৰ্ঘদিন ধৰি নিৰবে সাহিত্য চৰ্চা কৰি অহা বিশিষ্ট চিকিৎসক ডাঃ ৰাণা মুকুট কেওঁটে গ্ৰন্থ অধ্যয়নৰ মানসিকতা ক্ৰমশঃ হ্ৰাস পাই অহা দিশটোত উদ্বেগ প্ৰকাশ কৰি এনেধৰণৰ অনুষ্ঠানৰ জৰিয়তে সেই পৰিৱেশ ঘূৰাই অনাৰ সময় সমাগত বুলি কয়। বিশিষ্ট শিক্ষাবিদ ৰমেশ চন্দ্ৰ কলিতা, অৱসৰপ্ৰাপ্ত অধ্যাপিকা কল্পনা বৰুৱা, ড° জ্যোৎস্না শৰ্মা বেজবৰুৱা, অসম নাট্য সন্মিলনৰ উপসভাপতি মৃগেন চন্দ্র বড়া, তেজপুৰ চায়েন্স একাডেমীৰ অধ্যক্ষা সুৰঞ্জনা শৰ্মা, লেখক কুসুম কুমাৰ বৰুৱা, উত্তৰ পশ্চিম তেজপুৰ শাখা সাহিত্য সভাৰ সম্পাদক প্ৰশান্ত দাস, সাংবাদিক পুলক কুমাৰ ডেকা, অপূৰ্ব বৰা, কবি – লেখক ৰণজিৎ বৰাকে ধৰি একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই সভাতেই সাহিত্য উৎসৱৰ বাবে পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ তেজপুৰৰ সক্ৰিয় সদস্য তথা এই গ্ৰন্থ উৎসৱৰ অন্যতম আহ্বায়ক বিক্ৰম কলিতাৰ তৎপৰতাত প্ৰস্তুত কৰা দৃশ্য-শ্ৰব্যৰ প্ৰতীক অৰ্থাৎ ল’গ বুটাম টিপি আনুষ্ঠানিক ভাবে উন্মোচন কৰে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই । ইয়াৰ পিছতেই বিধায়ক পৃথ্বিৰাজ ৰাভাই নিজৰ ভাষণত তেজপুৰত প্ৰথমবাৰৰ বাবে গ্ৰন্থ উৎসৱৰ আয়োজনৰ প্ৰয়াস এক সুন্দৰ প্ৰয়াস বুলি কৈ এই কাৰ্যসূচীত বিশেষকৈ শিক্ষাৰ্থী সমাজক জড়িত কৰোৱাৰ আহ্বান জনাই সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। কালিৰ সভাতেই তেজপুৰৰ সকলো নেতৃস্থানীয় অনুষ্ঠানৰ সভাপতি, সাংবাদিক সন্থা সমূহৰ সভাপতি আৰু একাংশ বিশিষ্ট ব্যক্তিক উপদেষ্টা মণ্ডলী, তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসক পৃষ্ঠপোষক, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাক মুখ্য উপদেষ্টা আৰু শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰক সভাপতি, “টেল”ৰ সভানেত্ৰী জয়শ্ৰী ভূঞাক কাৰ্যকৰী সভাপতি আৰু ড° শ্বৰিতা শৰ্মা, বিক্ৰম কলিতাক সম্পাদক হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতিও গঠন কৰে। উল্লেখ্য যে, এই গ্ৰন্থ উৎসৱত অতি কম সময়তে যোগদানৰ নিশ্চিতি প্ৰদান কৰিব মুম্বাইৰ প্ৰসিদ্ধ সাহিত্যিক ৰজত কাপুৰ, প্ৰসিদ্ধ অভিনেতা আদিল হুছেইন, বিশিষ্ট সাহিত্যিক হৰেকৃষ্ণ ডেকা, ৰীতা চৌধুৰী, অনুৰাধা শৰ্মা পূজাৰী, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাৰ লগতে আন একাংশ লেখক – সাহিত্যিক – শিল্পীয়ে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More