দেশৰ পৰিধি ভেদি ‘লাকাডং’ এতিয়া বিশ্বমুখী

মেঘালয়ৰ এখন গাঁৱৰ নামেৰে জনপ্ৰিয় হালধিৰ চাহিদা ক্ৰমাৎ বৃদ্ধি

0 44

ৰাণু বৰুৱা

sahana ghosh turmeric 3 meghalaya teacherমেঘৰ দেশ মেঘালয়ৰ পশ্চিম জয়ন্তীয়া জিলাৰ এখন গাঁও ‘লাকাডং’ এতিয়া লাহে লাহে দেশখনৰ ৰান্ধনিশাল সমূহত এটা চিনাকী আৰু জনপ্ৰিয় নাম হৈ পৰিছে। এই গাঁওখনৰ নামৰ পৰাই উদ্ভৱ হোৱা ‘লাকাডং’ নামৰ হালধি বিধৰ চাহিদাই বৰ্তমান বজাৰত উৰ্ধমুখী গতি লাভ কৰিছে। ভাৰতীয় ৰন্ধন-প্ৰকৰণত সততে ব্যৱহাৰ হোৱা হালধিৰ এই নতুন প্ৰজাতিটোৱে খাদ্যৰসিক সকলৰ মাজতো কৌতুহলৰ সৃষ্টি নকৰা নহয়। মেঘালয়ৰ পূব আৰু পশ্চিম জয়ন্তীয়া জিলাৰ বিভিন্ন অঞ্চলত পৰম্পৰাগত ভাৱে পূৰ্বৰ পৰাই দুই-তিনিটা জাতৰ হালধিৰ খেতি কৰি অহা হৈছে যদিও ‘লাকাডং’ নামৰ স্থানীয় এই বিশেষ জাতৰ হালধিবিধৰ গুণাগুণ বৈজ্ঞানিক ভাৱে নিৰ্ধাৰণ হোৱাৰ পাছত আজি মাত্ৰ কেইবছৰমানৰ ভিতৰতে ইয়াৰ জনপ্ৰিয়তা আৰু চাহিদা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। বিশেষকৈ কাৰকুমিন নামৰ এটা উজ্জ্বল হালধীয়া ৰাসায়নিক পদাৰ্থৰ পৰিমাণ আন জাতৰ হালধিতকৈ ‘লাকাডং’ হালধি বিধত অধিক হাৰত থকা বাবে ইয়াৰ গুৰুত্ব বৃদ্ধি পোৱাৰ এটা অন্যতম কাৰণ। উল্লেখযোগ্য যে, এই পদাৰ্থবিধৰ পৰিমাণৰ ওপৰতেই নিৰ্ভৰ কৰে হালধিৰ গুণাগুণৰ মাত্ৰা। সাধাৰণ জাতৰ হালধিত ২ ৰ পৰা ৩ শতাংশ কাৰকুমিন থকাৰ বিপৰীতে ‘লাকাডং’ জাতৰ হালধিত ইয়াৰ পৰিমাণ ৭ ৰ পৰা ৯ শতাংশলৈকে থাকে। তদুপৰি ইয়াৰ প্ৰাকৃতিক ৰং, সুগন্ধ, স্বাদ আৰু ঔষধি গুণৰ বাবেও ই বিশ্বৰ ভিতৰতে এবিধ উৎকৃষ্ট হালধি হিচাপে পৰিচিত হৈছে। কোনো ৰাসায়নিক সাৰ, কীটনাশক প্ৰয়োগ নকৰি সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে ইয়াৰ কৃষি কাৰ্য কৰাৰ ফলত এই হালধি বিধৰ আৰু অধিক মূল্য সংযোজন ঘটিছে। উল্লেখযোগ্য যে, দেশৰ বিভিন্ন ঠাইৰ উপৰি ২০২১ চনত পৰীক্ষামূলক ভাৱে নেদাৰলেণ্ড আৰু গ্ৰেটব্ৰিটেইনলৈ মুঠতে ৩৬০ কিলোগ্ৰাম লাকাডং গুড়ি হালধি ৰপ্তানি কৰা হৈছিল।
‘লাকাডং’ হালধি বিধৰ খেতি প্ৰধানকৈ পশ্চিম জয়ন্তীয়া জিলাৰ নংবাহ-শ্বেংপুং অঞ্চলতে বৰ্তমান সীমিত হৈ আছে যদিও মেঘালয় চৰকাৰৰ কৃষি বিভাগে ‘মিছন লাকাডং’ নামৰ আঁচনিৰ অধীনত ইয়াৰ উৎপাদন বছৰি ৫০ মেট্ৰিক টনলৈকে কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। হালধি বিধৰ বাণিজ্যিক চাহিদা ক্ৰমাৎ বৃদ্ধি পাই অহাত জিলাখনৰ এগৰাকী উদ্যমী মহিলা ট্ৰিনিটি ছায়োৰ নেতৃত্বত প্ৰায় আঠশ গৰাকী মহিলাই এশটা আত্মসহায়ক গোটৰ মাধ্যমেৰে এতিয়া হালধি বিধৰ কৃষি কাৰ্যৰ পৰা হালধি গুড়ি প্ৰস্তুত, পেকেজিং আদিৰ কামত নিয়োজিত হৈছে। নিদৰ্শনীয় এই উদ্যমিতাৰ বাবে ট্ৰিনিটি ছায়োক কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ে ‘মহিলা কৃষক সন্মান’ৰে সন্মানিত কৰাৰ উপৰি ২০২১ চনত তেওঁক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More