দেশৰ মিছাইলৰ তথ্য পাকিস্তানৰ হাতত? পাক মহিলাৰ জালত ভাৰতৰ প্রতিৰক্ষা কর্মচাৰী

0 20

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ জুন : পুনৰ হানিট্রেপৰ কবলত ভাৰতৰ প্রতিৰক্ষা গৱেষণা বিভাগৰ কর্মচাৰী। দেশৰ মিছাইল ব্যৱস্থাৰ গুৰুত্বপূর্ণ আৰু গোপন তথ্য পাকিস্তানৰ হাতলৈ গৈছে বুলিয়েই অনুমান কৰা হৈছে। জনা গৈছে যে, ছচিয়েল মিডিয়াৰ মাধ্যমেৰে পাকিস্তানৰ আইএছআই অপাৰেটিভক ভাৰতৰ ক্ষেপণাস্ত্র উন্নয়নৰ গোপন প্রতিৰক্ষা তথ্য দিয়াৰ বাবে গ্রেপ্তাৰ কৰা হৈছে এজন কর্মচাৰীক। ১৭ জুনত হায়দৰাবাদৰ বালাপুৰৰ ত্রিবেণী নগৰৰ নিজৰ ঘৰৰপৰা কৰ্মচাৰীজনক গ্রেপ্তাৰ কৰিছে ৰাচাকোণ্ডাৰ এলবি নগৰ জোন পুলিচৰ স্পেচিয়েল অপাৰেচন টিম আৰু বালাপুৰ পুলিচে। পুলিচ সূত্রৰ খবৰ মতে হায়দৰাবাদত প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন গৱেষণাগাৰৰ (ডিআৰডিএল) এজন চুক্তিভিত্তিক কর্মচাৰীকে হানিট্রেপত বন্দী কৰে এক পাকিস্তানী এজেন্টে। ২৯ বছৰ বয়সৰ এই অভিযুক্তৰ নাম ডুক্কা মল্লিকার্জুন ৰেড্ডি ওৰফে অর্জুন বিট্টু। ৰাচাকোণ্ডাৰ পুলিচ কমিচনাৰ মহেশ এম ভাগৱত, অতিৰিক্ত পুলিচ কমিচনাৰ জি সুধীৰ বাবু, এলবি নগৰৰ ডিচিপি চানপ্রীত সিং, ডিচিপি (এছঅ’টি) কে মুৰলীধৰ আৰু পুলিচৰ ডেপুটি কমিচনাৰ, বিশেষ অপাৰেচন টিম, ৰাচাকোণ্ডাৰ তত্ত্বাৱধানত গ্রেপ্তাৰ কৰা হয় অর্জুনক। ৰেড্ডিৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ৪০৯ ধাৰা আৰু ৰাচাকোণ্ডা পুলিচ কমিশনাৰেটৰ বালাপুৰ থানাত অফিচিয়েল চিক্রেট এক্ট-১৯২৩-এৰ ৩ (১) (চি), ৫ (৩), ৫ (১) (এ) ধাৰাত গোচৰ ৰুজু কৰা হৈছে। তেওঁৰ দুটা মোবাইল ফোন, এখন ছিমকার্ড আৰু এটা লেপটপ বাজেয়াপ্ত কৰিছে পুলিচৰ স্পেচিয়েল টিমে। পুলিচৰ পক্ষৰ পৰা দিয়া তথ্যৰ ভিত্তিত জনা গৈছে যে, বিয়াৰ অজুহাতত হায়দৰাবাদ ডিআৰডিএল কর্মীজনক ফান্দত পেলাই পাকিস্তানৰ সেই আইএছআই অপাৰেটিভে। ৰিপর্ট অনুসৰি, অর্জুনে হায়দৰাবাদৰ বালাপুৰত ডিফেন্স লেবৰ আৰচিআই কমপ্লেক্সত এটা নেভি প্ৰগ্রামত কাম কৰিছিলে। তেওঁ ২০১৮ চনৰ মার্চ মাহত ফেচবুকত DRDLত তেওঁৰ চাকৰিৰ ষ্টেটাচ আপডেট কৰিছিল। দুবছৰ পিছত ২০২০ চনৰ মার্চ মাহত নাটাশা ৰাও নাম ব্যৱহাৰকাৰী পাকিস্তানৰ এগৰাকী ইন্টাৰ-চার্ভিচেজ ইন্টেলিজেন্স হেন্ডলাৰৰ লগত পৰিচয় ঘটে তেওঁৰ। গুপ্তচৰ নাটাশাই নিজকে ইউকে ডিফেন্স জার্নালৰ কর্মচাৰী হিচাবে পৰিচয় দিছিল। নাটাশাৰ পিতৃয়ে যুক্তৰাজ্যলৈ স্থানান্তৰিত হোৱাৰ আগেয়ে ভাৰতীয় বিমান বাহিনীত কাম কৰিছিল বুলিও অৰ্জুনক কয়। নাটাশা ৰাও ওৰফে চিমৰান চোপ্ৰা ওৰফে অমিশা আডিয়ে ছচিয়েল মিডিয়াত ৰেড্ডিৰ লগত বন্ধুত্ব কৰে। প্রেম আৰু বিয়াৰ কথা কৈ হানিট্রেপত পেলায়। ইয়াৰ পিছতেই সুযোগ বুজি ডিআৰডিএল-আৰচিআই কমপ্লেক্স সম্পর্কে গোপন তথ্য ফাদিল কৰিবলৈ কয়। ৰিপর্ট অনুসৰি, অর্জুন ৰেড্ডিয়ে যোৱা বছৰৰ ডিচেম্বৰ পর্যন্ত আইএছআই হেন্ডলাৰৰ ওচৰত গোপন প্রতিৰক্ষা বিৱৰণ দিয়ে। কিন্তু নাটাশাই যেতিয়া ফেচবুক প্রফাইলত নাম পৰিৱর্তন কৰি চিমৰান চোপ্ৰা কৰে আৰু ৰেড্ডিৰ লগত চাট কৰা বন্ধ কৰে তেতিয়া অর্জুনৰ সন্দেহ জাগে। অৱশ্যে তেতিয়ালৈ যি ক্ষতি হ’বলগীয়া আছিল, সেইখিনি হৈ গৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More