দেশৰ শ্ৰেষ্ঠ তিনি জিলাৰ ভিতৰত নলবাৰী জিলা

গ্ৰামীণ জীৱিকা অভিযানে পাৰদৰ্শিতাৰ বাবে লাভ কৰিলে প্ৰধান মন্ত্ৰীৰ বঁটা

0 30

নলবাৰীৰ পৰা চম্পক বৈশ্য, ২১ এপ্ৰিলঃ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে নলবাৰী জিলা। ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ কাৰ্যসূচীসমূহ সঠিকভাৱে ৰূপায়ন কৰাৰ ক্ষেত্ৰত জিলাখনে দেখুওৱা পাৰদৰ্শিতাৰ বাবে দেশৰ শ্ৰেষ্ঠ তিনিখন জিলাৰ ভিতৰত নলবাৰী জিলাই স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। জিলাখনৰ মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ বিভাগটোৱে পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱা বাবে ‘Prime Minister’s Award for Excellence in Public Administration, 2019’ বঁটাৰ বাবে নিৰ্বাচিত হৈছে নলবাৰী জিলা। দেশৰ শ্ৰেষ্ঠ তিনিখন জিলাৰ ভিতৰত নলবাৰী জিলাই এনে সন্মান লাভ কৰাত জিলাবাসীৰ লগতে সমগ্ৰ অসমবাসীকে গৌৰৱান্বিত কৰিছে। উল্লেখ্য, নতুন দিল্লীৰ বিজ্ঞান ভৱনত বুধবাৰৰ পৰা অনুষ্ঠিত ১৫ সংখ্যক অসামৰিক সেৱা দিৱসৰ লগত সংগতি ৰাখি আজি উক্ত বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে নগদ ধন ১০ লাখ টকাৰ লগতে এটা ট্ৰফী, প্ৰমাণ পত্ৰ। জিলাখনৰ হৈ এই বঁটা গ্ৰহণ কৰে উপায়ুক্ত গীতিমণি ফুকন আৰু ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, নলবাৰী জিলাৰ প্ৰকল্প প্ৰবন্ধক চন্দন তালুকদাৰে।তাৎপৰ্যপূৰ্ণভাৱে ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান শিতানত প্ৰথমবাৰৰ আগবঢ়োৱা হৈছে এনে সন্মান। এনে বঁটাৰ বাবে বাচনিভুক্ত দেশৰ আন দুখন জিলা হৈছে অন্ধ্ৰ প্ৰদেশৰ চিত্তৰ জিলা আৰু কেন্দ্ৰীয় শাসিত দিউ জিলা। উল্লেখ্য, ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ কাম-কাজসমূহ ৰাষ্ট্ৰীয় পৰ্যায়ত এক মূল্যাংকনৰ জৰিয়তে পৰ্যালোচনা কৰা হয়। সেই মৰ্মে বিগত ২০১৯ বৰ্ষত নলবাৰী জিলাৰ হৈ জিলা পৰিষদৰ তদানীন্তন মুুুুখ্য কাৰ্যবাহী বিষয়া কৃষ্ণা বৰুৱা আৰু ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, নলবাৰী জিলাৰ প্ৰকল্প প্ৰবন্ধক চন্দন তালুকদাৰে নতুন দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত এই সন্দৰ্ভত বিভাগটোৱে কৰা কাম-কাজৰ ওপৰত এটা খতিয়ান উপস্থাপন কৰিছিল। তাৰ ওপৰত ভিত্তি কৰিয়েই পৰৱৰ্তী সময়ত সংশ্লিষ্ট কৰ্তৃপক্ষৰ উচ্চ পৰ্যায়ৰ এটা দলে চলোৱা ক্ষেত্ৰভিত্তিক পৰিদৰ্শনৰ লগতে গাঁও পৰ্যায়ৰ বিভিন্ন আত্ম সহায়ক গোটৰ পৰা ফিডবেক লৈ এক বিশেষ প্ৰতিবেদন ভাৰত চৰকাৰৰ ওচৰত দাখিল কৰে। এনে প্ৰতিবেদনৰ ওপৰতে জিলাখনক উক্ত বঁটাৰ বাবে বাচনি কৰা হয়। উল্লেখ্য, গ্ৰামীণ জীৱিকা অভিযানৰ নলবাৰী জিলাই মহিলা সকলক সামাজিক দিশত আগবঢ়াই নিবলৈ চৰকাৰী অনুদানৰ উপৰি বেংক ঋণ প্ৰদানেৰে জিলাখনত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। জিলাখনত থকা মুঠ ১০,৬৩৪ টা আত্ম সহায়ক গোটৰ ১১০৪২৮ টা পৰিয়ালক সামৰি লৈ উপাৰ্জন বৃদ্ধিৰ বাবে পৰ্যায়ক্ৰমে ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰতি গৰাকী মহিলাক স্বনিৰ্ভৰশীল হোৱাৰ লক্ষ্য ৰাখি অতি কমেও এক লাখ টকাৰ ঋণ প্ৰদান আৰু প্ৰতি মাহত ৮-১০ হাজাৰ টকা উপাৰ্জন কৰিব পৰাকৈ জীৱিকা অভিযানে প্ৰচেষ্টা অব্যাহত ৰাখিছে। বিগত বিত্তীয় বৰ্ষত ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বৰ্তমানৰ মিছন সঞ্চালক কৃষ্ণা বৰুৱাৰ বিশেষ তৎপৰতাত ৫০৪৭ টা আত্ম সহায়ক গোটক প্ৰায় ১০৫ কোটি টকাৰ ঋণ প্ৰদান কৰি গ্ৰাম্য অৰ্থনীতি উন্নয়নৰ ক্ষেত্ৰত এক বিশেষ অৰিহণা যোগাইছে বিভাগটোৱে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More