দেশৰ সকলোতকৈ বয়সস্থ ঢেঁকীয়াপতীয়া বাঘৰ মৃত্যু

অভিলেখ গঢ়ি 'ৰাজা'ই ল'লে বিদায়

0 14

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ জুলাই : বেতাজ বাদশ্বাহ ৰাজাই বন্দী অৱস্থাত জীৱনৰ অন্ত পেলালে। ভাৰতৰ আটাইতকৈ বয়সস্থ বাঘটো আছিল বন্দী অৱস্থাত থকা ৰাজা। আজি মৃত্যুৰ সময়ত বয়স হৈছিল ২৫ বছৰ। আলিপুৰদুৱাৰৰ দক্ষিণ খৈৰবাৰী বাঘ পুনৰ্বাসন কেন্দ্ৰত নিৰৱ নিতাল পৰিৱেশ। ৰাজা ৰজাৰ দৰে গুচি গ’ল বনকৰ্মীসকলক আৱেগিক কৰি থৈ। যোৱা বছৰ বন বিভাগে ৰাজাৰ ২৫ সংখ্যক জন্মদিন উদযাপন কৰিছিল। ২০০৬ চনত সুন্দৰবনত মাটলা নৈ পাৰ হৈ যোৱাৰ সময়ত ঘঁৰিয়ালে বাওঁফালে থকা পিছফালৰ ঠেংখন খাইছিল। মৃত্যুমুখৰ পৰা কোনোমতে বাচিবলৈ সমৰ্থ হোৱা ৰাজা তেতিয়াৰ পৰাই জালদাপাৰা বন সংমণ্ডলৰ দক্ষিণ খাইৰবাৰীস্থিত বাঘ পুনৰ্বাসন কেন্দ্ৰত আছিল। কেইবামাহ ধৰি মৃত্যুৰ সৈতে যুঁজ দিয়াৰ পাছত সুন্দৰবনৰ এই মতা ঢেঁকীয়াপতীয়া বাঘটোৱে নতুন জীৱন লাভ কৰিছিল যদিও আজি ১১ জুলাই সোমবাৰে বাৰ্ধক্যজনিত কাৰণত মৃত্যুমুখত পৰে। আজিৰে পৰা ঢেঁকীয়াপতীয়া বাঘ শূন্য হৈ পৰিল দক্ষিণ খৈৰবাৰী বাঘ পুনৰ্বাসন কেন্দ্ৰ। দক্ষিণ খাইৰবাৰীত ৰাজাক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হয় জলদাপাৰাৰ ডি এফ অ’ দীপক এম আৰু আলিপুৰদুৱাৰ জিলা দণ্ডাধীশ সুৰেন্দ্ৰ কুমাৰ মিনা। বন বিভাগৰ মতে বাঘৰ আয়ুস সাধাৰণতে ১৮-২০ বছৰ। কিন্তু সুন্দৰবনৰ ৰাজাই নতুন ইতিহাস সৃষ্টি কৰি গ’ল। ২০০৬ চনত ৰাজাক দক্ষিণ খৈৰবাৰী বাঘ পুনৰ্বাসন কেন্দ্ৰলৈ অনাৰ সময়ত বয়স আছিল ১১ বছৰ। ঘঁৰিয়ালৰ লগত যুঁজি বাওঁ ভৰি এৰাই যোৱাৰ পিছত ১০ টুকুৰা ঘাঁ বাকী আছিল শুকাবলৈ। যাৰ চিকিৎসা কৰিছিল জালদাপাৰাৰ পশু চিকিৎসক আৰু তেওঁৰ দলে। স্বভাৱৰ ফালৰ পৰাও ৰাজা আছিল ৰাজকীয়। তাৰ চাৱনি, লোহাৰ পিঞ্জৰা কঁপি উকা গৰ্জনে বনকৰ্মীৰ টোপনি আঁতৰাই পেলাব পাৰে। কোৱা হয় যে ৰাজাই লোহাৰ বাৰৰ সন্মুখত বনকৰ্মীসকলৰ কথা-বতৰা ভাল নাপায়। নিৰ্জন পৰিৱেশ প্ৰিয় আছিল ৰাজাৰ। খোৱা-বোৱাতো ৰাজাৰ ৰাজকীয়তা দেখা গৈছিল। বৃহস্পতিবাৰৰ বাহিৰে সপ্তাহৰ বাকী দিনবোৰত ৰাজাৰ খাদ্য তালিকাত থাকে দহ কিলোগ্ৰামকৈ মাংস। গ্লুক’জ আৰু অ’ আৰ এছ পানীৰ লগত মিহলাই ৰাজাক দিয়া হয়। স্নান নকৰিলে ৰাজাৰ টোপনিও নাহিছিল। ২৩ আগষ্ট ৰাজাৰ জন্মদিন। এই উপলক্ষে ৰাজাৰ জন্মদিন ভাৰ্চুৱেলি পালন কৰা হয়। ৰাজাৰ কোঠাৰ লোহাৰ দণ্ডবোৰ বেলুন আৰু চাকিৰে সজাই তোলা হয়। বাঘ সংৰক্ষণৰ ওপৰত দেশজোৰা কুইজ প্ৰতিযোগিতা আয়োজন কৰে বন বিভাগে। বিজয়ীসকলক বঁটা প্ৰদান কৰাৰ উপৰি ৰাজাৰ জীৱন সংগ্ৰামৰ বিভিন্ন ইতিহাস আৰু বিভিন্ন ফটো আৰু ভিডিঅ’সমূহ ৰাজ্যিক বন বিভাগৰ ৱেবছাইটত প্ৰদৰ্শিত হয়। ৰাজাক পহৰা দিয়া বনকৰ্মীসকল ৰাজাৰ মৃত্যুত মানসিকভাৱে বিধ্বস্ত হৈ পৰিছে। ৰাজা সঁচাকৈয়ে ৰজা আছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More