দেশৰ ১০ ৰাজ্যত কভিডৰ নতুন ভেৰিয়েণ্টঃ ৬৯ জন আক্ৰান্ত

গৱেষকে কৰিলে সদৰিঃ কেন্দ্ৰীয় চৰকাৰ এই পৰ্যন্ত নিমাত

0 23

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ জুলাই : দেশৰ ১০ খন ৰাজ্যত ধৰা পৰিছে নতুন উপপ্ৰজাতিৰ কভিড। ইজৰাইলৰ টেল হাছ’মাৰা চাৰ্ভিচ মেডিকেল চেণ্টাৰৰ ভাইৰ’লজি লেবৰেটৰীৰ গৱেষক ডাঃ শ্বে ফ্লেছনে জানিবলৈ দিয়ামতে ভাৰতত চিনাক্ত কৰা হৈছে কৰ’না ভাইৰাছৰ অতি সংক্ৰমক এমিনো এচিড ষ্ট্ৰেইনৰ এটা নতুন ষ্ট্ৰেইন। নাম বি এ.২.৭৫। গৱেষকসকলৰ মতে, অমিক্ৰনৰ নতুন প্ৰজাতিটোৱে ইতিমধ্যে দেশৰ কেইবাখনো ৰাজ্যত ৬৯ জন লোকক আক্ৰান্ত কৰিছে। কিন্তু এই তথ্য এতিয়াও কেন্দ্রীয় চৰকাৰে নিশ্চিত কৰা নাই। গৱেষকসকলৰ মতে, হাৰিয়ানাত ৬ জন, দিল্লীত এজন, হিমাচল প্ৰদেশত ৩ জন, জম্মুত এজন, কৰ্ণাটকত ১০ জন, মধ্যপ্ৰদেশত ৫ জন, মহাৰাষ্ট্ৰত ২৬ জন, তেলেংগানাত ২ জন, উত্তৰ প্ৰদেশত এজন আৰু ১৩ জন লোক আক্ৰান্ত হৈছে পশ্চিম বংগত। ডাঃ ফ্লেচাৰৰ মতে, জাপানত এজন, জাৰ্মানীত দুজন, যুক্তৰাজ্যত ৬জন, কানাডাত দুজন, আমেৰিকাত দুজন, অষ্ট্ৰেলিয়াত এজন আৰু নিউজিলেণ্ডত দুজন লোক এই নতুন ষ্ট্ৰেইনত আক্ৰান্ত হৈছে। BA2.75 প্ৰজাতিটো প্ৰথমবাৰৰ বাবে আমেৰিকাৰ ফ্ৰেড হাছ ৰিচাৰ্চ ইনষ্টিটিউটত ধৰা পৰিছিল। সময় আৰু পৰিৱেশ পৰিৱৰ্তনৰ লগে লগে কৰ’নাৰো ৰূপ সলনি হৈছে। ৰাছিয়াতো এটা বিশেষ প্ৰজাতিৰ অমিক্ৰন ধৰা পৰিছে। সময়ৰ লগে লগে পৃথিৱীৰ বিভিন্ন প্ৰান্তত কৰ’না ভাইৰাছৰ ৰূপ সলনি হৈছে। ডেল্টা, অমাইক্ৰন আদিৰ পিছত কভিডৰ নতুন প্ৰজাতিৰ এক্স-ই ধৰা পৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে বিশ্বৰ প্ৰতিখন দেশক এক্স-ৰে ভাইৰাছক লৈ সতৰ্ক কৰি দিছে, যিটো অমিক্ৰনতকৈ ১০ গুণ বেছি সংক্ৰমক। WHOৰ মতে এই নতুন প্ৰজাতিটো এক্স-ৰে মাইক্ৰনৰ উপপ্ৰকাৰ BA2তকৈ দহগুণ বেছি সংক্ৰমক। আজিলৈকে BA2 প্ৰজাতিটোক আটাইতকৈ বেছি সংক্ৰমক প্ৰজাতিৰ কভিড হিচাপে চিনাক্ত কৰা হৈছে। BA2 উপপ্ৰজাতিৰ কভিডে আমেৰিকাত আতংকৰ সৃষ্টি কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে XE প্ৰজাতিটো হৈছে Omicron, BA1 আৰু BA2ৰ সংমিশ্ৰণ। উল্লেখ্য যে, ১৯ জানুৱাৰীত ব্ৰিটেইনত প্ৰথমবাৰৰ বাবে এই প্ৰজাতিটো চিনাক্ত কৰা হৈছিল। এতিয়ালৈকে সমগ্ৰ বিশ্বতে ৮০০ জন লোক এই নতুন প্ৰজাতিৰ দ্বাৰা আক্ৰান্ত হৈছে। এই মাৰাত্মক ভাইৰাছটো দক্ষিণ-পূব এছিয়া, ইউৰোপ আৰু আমেৰিকাৰ বহু দেশলৈ বিয়পি পৰিছে যদিও এই নতুন প্ৰজাতিৰ কভিড ভাৰতত এতিয়াও ধৰা পৰা নাই। এই নতুন ষ্ট্ৰেইন ফ্ৰান্স, ডেনমাৰ্ক আৰু বেলজিয়ামলৈ বিয়পি পৰাৰ সম্ভাৱনা আছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More