দেশৰ ১৭টা বেংকত ৩৪,৬১৫ কোটিৰ জালিয়াতি !

দেশৰ ১৭টা বেংকত ৩৪,৬১৫ কোটিৰ জালিয়াতি !

0 14

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ জুন : দেশৰ বৃহত্তম বেংক জালিয়াতিৰ ক’লা ছাঁ পৰিছে ভাৰতৰ অর্থনীতিত। এইবাৰ ১৭টা বেংকৰ পৰা প্রায় ৩৪ হাজাৰ কোটি টকা উধাও হোৱাৰ তথ্য ফাদিল হৈছে। অভিযোগৰ আঙুলি উঠিছে এটা সংস্থাৰ প্রাক্তন চিএমডি কপিল ৱাধৱান, পৰিচালক ধীৰজ ৱাধাৱান আৰু অনেকৰ বিৰুদ্ধে। এই বিষয়ে গোচৰ ডায়েৰ কৰিছে কেন্দ্রীয় তদন্তকাৰী সংস্থাই। অভিযোগ অনুসৰি দেশৰ বৃহত্তম বেংক কেলেঙ্কাৰিত জড়িত হৈ পৰিছে দেৱান হাউচিং ফাইনেন্স লিমিটেডৰ নাম। হৰলুকী হৈছে মুঠ ১৭টা বেংকৰ ৩৪ হাজাৰ কোটি টকা। ২০ জুনত ডায়েৰ কৰা হৈছে গোচৰ। ২২ জুনত চিবিআইৰ প্রায় ৫০জনীয়া তদন্তকাৰী এটা দলে অভিযুক্তসকলৰ কাৰ্যালয়ত অভিযান চলায়। অভিযুক্তৰ তালিকাত আছিল এমেৰিলিচ ৰিয়েলটৰ্চৰ সুধাকৰ শেট্টিসহ মুঠ আঠজন বিল্ডার্ছ। ১৭টা ঋণদাতা বেঙ্কৰ কনচর্টিয়ামৰ পক্ষৰ পৰা অভিযোগ ডায়েৰ কৰা হয়। প্রাথমিকভাৱে অভিযোগ ডায়েৰ কৰে ইউনিয়ন বেঙ্ক অব ইণ্ডিয়াই। অভিযোগত কোৱা হৈছে যে, এই কনচর্টিয়ামটোৱে ২০১০ চনৰ পৰা ২০১৮ চনৰ মাজভাগলৈ মুঠ ৪২,৮৭১ কোটি টকা ঋণ দিছিল দেৱান হাউচিং ফাইনেন্স লিমিটেডক। বেঙ্কৰ তৰফৰ পৰা অভিযোগ কৰা হৈছে যে, কপিল ৱাধৱান আৰু ধীৰজ ৱাধৱান তথা অন্যসকল মিলি ষড়যন্ত্র কৰি এই দুর্নীতি কৰিছে। সম্পুর্ণ ভুল পৰিসংখ্যা তুলি ধৰিছে। কেৱল সেয়াই নহয়, সকলো তথ্যকে গোপন কৰি বিশ্বাসৰ অপৰাধমূলক লঙ্ঘনো কৰিছে তেওঁলোকে। জনা গৈছে যে, ২০১৯ চনৰ মে’ মাহৰ পৰাই ঋণ পৰিশোধ কৰাটো বন্ধ কৰিছিল সংস্থাটোৱে। আৰু তাৰ ফলতেই নোহোৱা হৈ যায় কনচর্টিয়ামৰ ৩৪,৬১৪ কোটি টকা। ইয়াৰ পিছতেই পাব্লিক ফাণ্ডৰ অপব্যৱহাৰৰ অভিযোগ তোলা হয় ডিএইচএফএলৰ কৰ্মকৰ্তাসকলৰ বিৰুদ্ধে। ডিএইচএফএলৰ অডিট কৰি দেখা যায় যে, সংস্থাটোৱে বেঙ্কে কোৱা দৰে জনসাধাৰণৰ টকা ব্যৱহাৰ কৰি কপিল আৰু ধীৰজ ৱাধাৱানৰ সম্পদ বৃদ্ধি কৰিছে। সমগ্ৰ বিষয়টো ঢাকি ৰাখিবলৈ চেষ্টা কৰা হৈছিল। অৱশ্যে এতিয়া সংস্থাটোৰ দুয়োজন মালিকেই জেল হাজোতত। সর্ব প্রথম ২০১৯ চনৰ জানুৱাৰী মাহত ডিএইচএফএলৰ বিৰুদ্ধে তহবিল অনিয়মৰ অভিযোগ পোহৰলৈ আহে। ২০১৯ চনৰ ১ ফেব্রুৱাৰীত সকলো ঋণদাতা বেঙ্কে এখন সভাৰ আয়োজন কৰে। সেই সভাতেই ঠিক হয় যে, ১ এপ্রিল, ২০১৫ চনৰ পৰা ২০১৮ চন পর্যন্ত ডিএইচএফএলৰ অডিট পৰীক্ষা কৰা হ’ব। অডিট কৰাৰ বাবে কেপিএমজি-ক নিয়োগ কৰা হয়। সূত্রৰ খবৰ অনুসৰি, বেঙ্কসমূহে ২০১৯ চনৰ ১৮ অক্টোবৰত কপিল আৰু ধীৰজ ৱাধাৱানৰ বিৰুদ্ধে এখন লুক আউট নটিছ জাৰি কৰে, যাতে তেওঁলোক দেশ এৰি পলাই যাব নোৱাৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More