দেশৰ ৰোজগাৰ মেলা – খণ্ড ৪ ৰ উত্তৰ পূৰ্বাঞ্চলৰ নডেল কাৰ্যালয় হিচাপে নিৰ্বাচিত তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান

উপ সঞ্চালক ডা০ হেমন্ত দত্ত নডেল বিষয়া হিচাপে নিৰ্বাচিত

0 19

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১ এপ্ৰিল : অলপতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ লাখ লোকক নিযুক্তি প্ৰদানৰ লক্ষ্য হিচাপে লৈ ইতিমধ্যে ৭৫০০০ লোকক ভিডিও কনফাৰেন্স যোগে নিযুক্তি পত্ৰ প্ৰদান কৰে ।” মিছন ” হিচাবত সম্পন্ন কৰিবলৈ স্থিৰ কৰা এই ৰোজগাৰ মেলাত গ্ৰুপ এ ,বি , আৰু চি পদবীত কেন্দ্ৰীয় সশস্ত্ৰ বাহিনী, উপ পৰিদর্শক , কনিষ্টবল, এল ডি চি , ষ্টেনোগ্ৰাফাৰ , ইনকম টেক্স ইন্সপেক্টৰ আদি পদত মুঠ ৩৮ টা বিভাগত নিৰ্বাচিত হোৱা সকলক নিযুক্তি প্ৰদান কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে । উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ মানসিক স্বাস্থ্য প্ৰতিষ্ঠান তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানক এই মেলাৰ নডেল অফিচ হিচাপে নিৰ্বাচিত কৰাৰ লগতে প্ৰতিষ্ঠানৰ উপ সঞ্চালক ডঃ হেমন্ত দত্ত ক নডেল বিষয়া হিচাপে নিৰ্বাচিত কৰা বিষয়টোৱে চিকিৎসা প্ৰতিষ্ঠানৰ সকলোকে আনন্দ প্ৰদান কৰিছে ।

————————————————-
তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্হ্য প্ৰতিষ্ঠানত “ৱৰ্ল্ড বাইপুলাৰ দিৱস ” ( মেনিক ডিপ্ৰেছন ) উদযাপন 

বিশ্ব বিখ্যাত চিত্ৰশিল্পী ভিনচেণ্ট ভেন গঘক স্মৰণ

উত্তৰ পূৰ্বাঞ্চলৰ মানসিক স্বাস্থ্য প্ৰতিষ্ঠান তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত “ৱৰ্ল্ড বাইপুলাৰ দিৱস ” উদযাপন কৰা হয় । এইবছৰৰ মুখ্য বিষয় “বাইপুলাৰ টুগেদাৰ” শীৰ্ষক বিষয়ৰে আৰম্ভ কৰা ৩০ মাৰ্চৰ এই দিনটোত বিশ্ব বিখ্যাত চিত্ৰ শিল্পী ভিনচেণ্ট ভেন গগ ৰ জন্ম দিনটোত এই দিৱস উদযাপন কৰা হয় ।উল্লেখ্য যে, বিশ্ব বিখ্যাত এই শিল্পী গৰাকী নিজে মেনিক ডিপ্ৰেছনত ভোগা ৰোগী আছিল । ঘাইকৈ এই মানসিক ৰোগ সম্বন্ধে মানুহক সজাগ কৰা , ৰোগৰ কাৰণৰ লগতে এই ধৰণৰ ৰোগীক কেনেকৈ সহায় কৰা উচিত – এই বিষয় সমূহেৰে এই দিনটো গোটেই বিশ্বতে ২০১৪ চনৰ পৰাই উদযাপন কৰা হৈ আহিছে । এই দিনটো বৰ্তমান এছিয়ান নেটৱৰ্ক অব বাইপুলাৰ দিছ অৰ্ডাৰ চমুকৈ (ANBD) , ডি ইন্টাৰনেচনাল বাইপুলাৰ ফাউণ্ডেশ্যন ( IBPF) , আৰু ডি ইন্টাৰনেচনাল চচাইটি ফৰ বাই পুলাৰ দিচঅৰ্ডাৰ (ISBD) সংস্থাৰ দ্বাৰা উদযাপিত হৈ আহিছে । তেজপুৰৰ প্ৰতিষ্ঠানত এই দিনটোৰ কাৰ্য্যসূচী আৰম্ভ কৰি মনোৰোগ বিভাগৰ সহকাৰী অধ্যাপক ডাঃ সুভাষ নাথে এই ৰোগৰ কাৰণ ,প্ৰতিকাৰৰ লগতে সমাজৰ দায়িত্ব এৰি মানসিক স্বাস্থ্য কৰ্মীৰ দায়বদ্ধতাৰ ওপৰত আলোকপাত কৰে । এই ৰোগ নিৰাময় হয় আৰু প্ৰতিৰোধৰ জৰিয়তে বহুত ৰোগীয়ে সাধাৰণ জীৱন যাপন কৰিব পাৰে । এই ৰোগক মেনিক দিপ্ৰেছিভ দিচ অৰ্ডাৰ বুলিও কোৱা হয় । অনুষ্ঠানত ছাত্ৰ ছাত্ৰী সকলৰ মাজত এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । কুইজ প্ৰতিযোগিতা পৰিচালনা কৰে ডাঃ নেহা গুপ্তাই । দিৱসত প্ৰতিষ্ঠানখনৰ বিভিন্ন বিভাগৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্র ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More