দেৱব্ৰত থিয়েটাৰৰ প্ৰযোজক-পৰিচালক তথা ভ্ৰাম্যমাণ থিয়েটাৰৰ বলিষ্ঠ অভিনেতা প্ৰফুল্ল শইকীয়া ৰোগাক্ৰান্তঃ শিল্পী পেঞ্চনৰ পৰাও বঞ্চিত

0 317

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১ ছেপ্টেম্বৰ : এসময়ৰ কেইবাখনো ভ্ৰাম্যমাণ থিয়েটাৰৰ বলিষ্ঠ অভিনেতা, নাট্যকাৰ, তথা দেৱব্ৰত থিয়েটাৰৰ প্ৰযোজক-পৰিচালক প্ৰফুল্ল শইকীয়া আজি ৰোগত আক্ৰান্ত। ভ্ৰাম্যমাণ জগতত অভিনয়েৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা সু অভিনেতা , পৰিচালক আৰু প্ৰযোজক প্ৰফুল্ল শইকীয়া ৰোগত আক্ৰান্ত হৈ ঘৰতে দিন পাৰ কৰিব লগা হৈছে ৷ লখিমপুৰ জিলাৰ পশ্চিম প্ৰান্তৰ ধলপুৰ মৌজাৰ অন্তৰ্গত তথা ধলপুৰ গাঁও পঞ্চায়তৰ ২ নং খলিহামাৰীৰ নিবাসী প্ৰফুল্ল শইকীয়াই আজিকোপতি লাভ নকৰিলে শিল্পী পেঞ্চন ৷ উল্লেখযোগ্য যে, তেওঁ শৈশৱৰ পৰাই নাটক, ভাওনাকে ধৰি সংস্কৃতিৰ বিভিন্ন দিশত পাৰদৰ্শিতা দেখুৱাই অভিনয়কে সাৰোগত কৰি পৰৱৰ্তী সময়ত অভিনয়কে জীৱন জীৱিকা হিচাপে লৈ ভ্ৰাম্যমাণ মঞ্চ জগতত প্ৰৱেশ কৰে ৷ মুকুন্দ থিয়েটাৰত দুবছৰ, ভাগ্যদেৱী থিয়েটাৰত চাৰি বছৰ আৰু মণিকূট থিয়েটাৰত তিনি বছৰ কাল অভিনয় কৰা বলিষ্ঠ অভিনেতা জন আজি প্ৰায় নিসংগ ৷ এসময়ত অভিনেতাজনৰ অভিনয়ক বহু দৰ্শকে শলাগ লোৱাৰ লগতে বহু শুভাকাংক্ষীয়ে অঞ্চলটোৰ পৰা এখন থিয়েটাৰৰ আশা কৰি প্ৰযোজকৰ দায়িত্ব ল’বলৈ আহ্বান জনায় আৰু তাৰে পৰিপ্ৰেক্ষিতত শইকীয়াই নিজা উদ্যোগত ১৯৯৫ চনত কলাবাৰীৰ পৰা দেৱব্ৰত থিয়েটাৰ নামৰ ভ্ৰাম্যমাণ থিয়েটাৰে ৰাইজৰ মাজত আত্মপ্ৰকাশ কৰি ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হয় ৷ সময়ৰ বিভিন্ন প্ৰত্যাহ্বানত থিয়েটাৰখন বন্ধ কৰিব লগা হয় যদিও তেওঁ নিজা অভিনয় অব্যাহত ৰাখে ৷ ভ্ৰাম্যমাণ মঞ্চৰ অভিনয়ৰ সময়ৰ বাদে তেওঁ আজৰি সময়ত গাঁও বা বিভিন্ন অঞ্চলত ৰাস ,ভাওনা , নাটক প্ৰতিযোগিতা আদিত নাট পৰিচালনা কৰি নাট্যশিল্পক এক কলা হিচাপে প্ৰতিষ্ঠিত কৰাৰ উদ্দেশ্যে নৱপ্ৰজন্মক উৎসাহিত কৰি আহিছে ৷ তাৎপৰ্যপূৰ্ণ যে, পত্নী,এজন শিক্ষিত পুত্ৰ আৰু এগৰাকী শিক্ষিত কন্যাৰে কোনোমতে সংসাৰ চলাই যোৱা শইকীয়া ২০১৯ বৰ্ষত জাপানী এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ কৰ্মহীন হোৱা পৰিয়ালটোৰ অৱস্থা এতিয়া জটিল হৈ পৰিছে ৷ আজিলৈকে শিল্পী পেঞ্চন লাভ কৰিবলৈ সক্ষম নোহোৱাত স্হানীয় ৰাইজৰ লগতে তেওঁ অনুৰাগী সকলে শীঘ্ৰে নাট্যশিল্পী গৰাকীক পেঞ্চনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More