দ্বিপাক্ষিক বাণিজ্য : এতিয়া চীন নহয়, আমেৰিকাহে ভাৰতৰ বৃহত্তম সহযোগী দেশ

0 25

শতাব্দ বিশেষ প্ৰতিনিধি, ৩০ মে’ : আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে সম্প্ৰতি ভাৰত এখন বিশ্বস্ত সহযোগী দেশ হিচাপে পৰিগণিত হৈছে। শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰই চীনক অতিক্ৰমি ভাৰতৰ বৃহৎ বাণিজ্যিক অংশীদাৰ দেশৰ ৰূপত অৱতীৰ্ণ হৈছে। আজি বহু বছৰ ধৰি দ্বিপাক্ষিক বাণিজ্যৰ ক্ষেত্ৰত চীনেই আছিল ভাৰতৰ বৃহত্তম সহযোগী।ভাৰতৰ বাণিজ্য মন্ত্ৰালয়ে অলপতে প্ৰকাশ কৰা তথ্য অনুযায়ী যোৱা ২০২১-২২ বিত্তীয় বৰ্ষটোত দুয়োখন দেশৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ আছিল ১১ হাজাৰ ৯৪২ কোটি ডলাৰ। ইয়াৰ আগৰ বিত্তীয় বৰ্ষটোত এই পৰিমাণ আছিল ৮০০ কোটি ৫১ লাখ ডলাৰ। ভাৰতৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি কৰা পৰিমাণ ২০২০-২১ চনৰ ৫১০ কোটি ৬২ লাখ ডলাৰৰ বিপৰীতে ২০২১-২২ বৰ্ষত বৃদ্ধি হৈ হৈছিলগৈ ৭৬০ কোটি ১১ লাখ ডলাৰ। তেনেদৰে আমদানিৰ পৰিমাণো আগৰ বছৰৰ ২৯০ কোটি ডলাৰৰ পৰা বৃদ্ধি হৈ ৪৩০ কোটি ৩১ লাখ ডলাৰ হৈছেগৈ।
ইয়াৰ বিপৰীতে ভাৰত আৰু চীনৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ২০২১-২২ চনত আছিল ১১ হাজাৰ ৫৪২ কোটি ডলাৰ। ইয়াৰ পূৰ্বৰ বছৰটোত এই বাণিজ্যৰ পৰিমাণ আছিল ৮৬০ কোটি ৪০ লাখ ডলাৰ। উল্লেখনীয় ভাবে ২০২০-২১ বৰ্ষটোৰ তুলনাত ২০২১-২২ বৰ্ষত ভাৰতৰ পৰা চীনলৈ ৰপ্তানিৰ পৰিমাণ সামান্য বৃদ্ধি হৈ ২১০ কোটি ১৮ লাখ ডলাৰৰ পৰা ২১০ কোটি ২৫ লাখ ডলাৰ হৈছেগৈ আৰু আমদানিৰ পৰিমাণ আগৰ বছৰৰ ৬৫০ কোটি ২১ লাখ ডলাৰৰ পৰা বৃদ্ধি হৈ ৯৪০ কোটি ১৬ লাখ ডলাৰ হৈছেগৈ। চীনৰ লগত ভাৰতৰ বাণিজ্যিক ঘাটিৰ পৰিমাণো ক্ৰমাৎ বৃদ্ধি পাইছে। এই ঘাটিৰ পৰিমাণ ২০২০-২১ চনৰ ৪৪০ কোটি ডলাৰৰ পৰা বাঢ়ি ২০২১-২২ চনত হৈছেগৈ ৭২০ কোটি ৯১ লাখ ডলাৰ। আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত ভাৰতৰ বাণিজ্য উদ্বৃত্তৰ পৰিমাণ ৩২০ কোটি ৮০ লাখ ডলাৰলৈ বৃদ্ধি পোৱাটো ভাৰতৰ পক্ষে লাভজনক। আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ভাৰতে ৰপ্তানি কৰা প্ৰধান সামগ্ৰী সমূহ হৈছে পেট্ৰ’জাত সামগ্ৰী, প’লিছ কৰা হীৰা, আ-অলঙ্কাৰ, ঔষধ, শীতলীকৃত সাগৰীয় মাছ ইত্যাদি। তেনেদৰে ভাৰতে দেশখনৰ পৰা আমদানি কৰে মুখ্যতঃ পেট্ৰোলিয়াম, জুলীয়া প্ৰাকৃতিক গেছ, সোণ, কয়লা, হীৰা, বিভিন্ন স্ক্ৰেপ সামগ্ৰী, এলমণ্ড ইত্যাদি।
২০১৩-১৪ চনৰ পৰা ২০১৭-১৮ চনলৈকে আৰু ২০২০-২১ বৰ্ষত ভাৰতৰ বাণিজ্যিক সহযোগী দেশ হিচাপে চীনেই সৰ্ববৃহৎ দেশ আছিল। চীনৰ পূৰ্বে সংযুক্ত আৰৱ আমিৰাত আছিল ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক সহযোগী দেশ। ২০২১-২২ বৰ্ষত মুঠ ৭২০ কোটি ৯০ লাখ ডলাৰৰ বাণিজ্যৰে সংযুক্ত আৰৱ আমিৰাতৰ এইবাৰৰ স্থান তৃতীয়। ইয়াৰ পাছতেই আছে চৌদি আৰৱ (৪২০ কোটি ৮৫ লাখ ডলাৰ), ইৰাক (৩৪০ কোটি ৩৩ লাখ ডলাৰ) আৰু ছিঙ্গাপুৰ (৩০০ কোটি ডলাৰ)।
বাণিজ্য বিশ্লেষক সকলৰ মতে, নতুন দিল্লী আৰু ৱাশ্বিংটনৰ মাজত শেহতীয়াকৈ অৰ্থনৈতিক সম্পৰ্ক সুদৃঢ় কৰাৰ যি প্ৰচেষ্টা চলিছে তাৰ পৰা ভৱিষ্যতে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য অধিক ত্বৰান্বিত হোৱাৰ সম্ভাৱনা আছে। তদুপৰি অলপতে টকিঅ’ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত গঠন হোৱা Indo Pacific Economic Framework ত ভাৰতে যোগদান কৰাৰ পাছত ই আৰু আশাৰ বতৰা কঢ়িয়াই আনিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More