‘দ্য চেভেন মুন অব মাৰি আলমিদা’ৰ বাবে বুকাৰ বঁটা

দেশৰ গৃহযুদ্ধৰ পৰৱৰ্তী কাহিনী শ্ৰীলংকাৰ শ্বেহানৰ

0 9

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ অক্টোবৰ : সপ্ত চন্দ্ৰৰ কাহিনী— ‘দ্য চেভেন মুন অব মাৰি আলমিদা’। শ্বেহান কৰুণাতিলকাৰ গ্ৰন্থ। এইখন তেওঁৰ দ্বিতীয়খন গ্ৰন্থ। মৃত যুদ্ধ ফটোগ্ৰাফাৰৰ কাহিনী; যিয়ে নিজৰ পৰলোকৰ কথা চিন্তা কৰে। কালি ১৭ অক্টোবৰত কুইন কনচৰ্ট কেমিলাৰ পৰা শ্বেহান কৰুণাতিলকাই বুকাৰ বঁটা লাভ কৰে। শ্বেহানে মন্তব্য কৰে যে তেওঁ এই বঁটা লাভ কৰি সন্মান আৰু গৌৰৱ অনুভৱ কৰিছে। শ্বেহান কৰুণাতিলকাই শ্ৰীলংকাৰ গৃহযুদ্ধৰ পিছৰ প্ৰেক্ষাপটক লৈ এই উপন্যাসখন ৰচনা কৰিছে। কেন্দ্ৰীয় চৰিত্ৰটো হৈছে এজন মৃত ফটোগ্ৰাফাৰৰ। যুদ্ধৰ ভয়াৱহতা আৰু হতাহতিৰ সংখ্যাৰ ওপৰত বিতৰ্ক চলি থকাৰ সময়তে গ্ৰন্থখনৰ কাহিনীটো এজন ফটোগ্ৰাফাৰক লৈ ৰচিত হৈছে । ফটোগ্ৰাফাৰজনে তেওঁৰ এজন বন্ধুক কৈছিল যে, তেওঁ জীৱনকালত তোলা ছবিবোৰ প্ৰকাশ কৰিব বিচাৰিছে। কাৰণ এই ছবিবোৰ প্ৰকাশ পালেহে মানুহে যুদ্ধৰ ভয়াৱহতাৰ বিষয়ে জানিব আৰু বুজিব। কাহিনীটো আৰম্ভ হৈছে ১৯৯০ চনৰ গৃহযুদ্ধত আক্ৰান্ত শ্ৰীলংকাৰ পৰা। দুৰ্নীতি, বৰ্ণবাদ, বঞ্চনা আদি বিভিন্ন অভিশাপে দেশৰ সমাজখনক আগুৰি ধৰিছে। এইখন ৰাজনৈতিক ব্যংগ নেকি? মানুহে এই কিতাপখন কেনেকৈ মনত ৰাখিব? লেখকে নিজেই সোঁৱৰাই দিয়ে— আগন্তুক দিনত কিতাপখনে হয়তো ফেণ্টাচি শিতানত স্থান লাভ কৰিব পাৰে। কিন্তু ই এক আধ্যাত্মিক থ্ৰিলাৰ, মৃত্যুৰ পিছৰ জীৱনৰ কাহিনী য’ত জীৱন-মৃত্যু, দেহ-আত্মা, পূব আৰু পশ্চিম একত্ৰিত হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More