দৰং মহাবিদ্যালয়ত “এন ইলাষ্ট্ৰেডেদ জিঅ’গ্ৰাফী অব আছাম” শীৰ্ষক গ্ৰন্থ উন্মোচন

0 21

শতাব্দ প্ৰতিনিধি তেজপুৰ,৬জুন: আজি দৰং মহাবিদ্যালয়ত ভূগোল বিষয়ৰ এখন বিস্তৃত কলেৱৰৰ গ্ৰন্থ উন্মোচন কৰা হয় । “এন ইলাষ্ট্ৰেডেদ জিঅ’গ্ৰাফী অব আছাম” নামৰ এই গ্ৰন্থখনত ৰাজ্যৰ ভৌগোলিক ক্ষেত্ৰৰ একুৰি দিশ সামৰি লোৱা হৈছে । ড° অশোক কুমাৰ বৰা আৰু ড° মৃণাল নাথে সম্পাদনা কৰা ইংৰাজী ভাষাৰ গ্ৰন্থখন দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ তথা মহাবিদ্যালয়খনত ভূগোল বিভাগৰ প্ৰতিষ্ঠাপক অধ্যাপক প্ৰয়াত এছ পি মণ্ডলৰ স্মৃতিত উৎসৰ্গা কৰি প্ৰকাশ কৰা হৈছে। উল্লেখযোগ্য যে আজি দিনৰ ১১বজাত দৰং মহাবিদ্যালয়ৰ দুই নম্বৰ গেলাৰীত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হয়। মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ সহযোগত অনুষ্ঠিত আৰু বিভাগীয় মূৰব্বী অধ্যাপক ড° হেমন্ত জ্যোতি নাথে আঁত ধৰা এই সভাখনত দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পলাশমণি শইকীয়াই গ্ৰন্থখন উন্মোচন কৰে। ড° শইকীয়াই প্ৰয়াত অধ্যাপক মণ্ডলৰ অৱদানক স্মৰণ কৰি এইখন গ্ৰন্থই ভূগোল বিভাগৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক, গৱেষক, বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আগ্ৰহী সকলৰ লগতে অসমৰ বিষয়ে জানিবলৈ আগ্ৰহী সকলক যথেষ্ট সহায় কৰিব বুলি মন্তব্য কৰে। আনহাতে,উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা তেজপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধক্ষ্যা তথা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ড° চাৰু চহৰীয়া নাথে এনে এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ প্ৰকাশ কৰা কাৰ্যৰ শলাগ লৈ এই গ্ৰন্থখনে অসমৰ বিষয়ে বহুজনকে জনাৰ এক নতুন সুবিধা প্ৰদান কৰিব বুলি কয়। সভাত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে বহুকেজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিশেষ গ্ৰন্থখন উন্মোচনৰ পূৰ্বে মহাবিদ্যালয়খনত ভূগোল বিভাগটো প্ৰতিষ্ঠা কৰাৰ লগতে ৰাজ্যৰ ভিতৰতে বিভাগটোক বিদ্যায়তনিক দিশত অনন্য মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হোৱা প্ৰয়াত অধ্যাপক মণ্ডলৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More