দৰিদ্ৰৰ বাবে আবন্টিত চৰকাৰী বগা চাউলৰ ক’লা বেপাৰ: ছীল কৰিলে সমবায়

0 14

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৩মাৰ্চঃ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ অধীনত দৰিদ্ৰৰ বাবে আৱন্টন দিয়া চাউল ক’লা বজাৰত বিক্ৰী কৰিলে চাউল সৰবৰাহ কৰা ঠিকাদাৰে৷ এক দুই কিলোগ্ৰাম নহয় এখন সমবায়তে ৮০০ কুইন্টল চাউলৰ হৰলুকি কৰিছে ঠিকাদাৰে৷ পৰিণতিত শোণিতপুৰ জিলাৰ ঘোৰামাৰী সমবায় সমিতি ছীল কৰিলে শোণিতপুৰ যোগান বিভাগে৷ শোণিতপুৰ প্ৰশাসনে দিছে তদন্তৰ নিৰ্দেশ। উল্লেখযোগ্য যে,ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ঘোৰাঁমাৰী সমবায়লৈ আবন্টিত চাউলৰ পৰা প্ৰায় ৮০০শ কুইন্টল চাউল হৰলুকি ঘটাৰ অভিযোগ উত্থাপিত হৈছে৷সমবায়খনে লাভ কৰিবলগীয়া চাউলৰ ভিতৰত এই সপ্তাহতে প্ৰায় আঠহেজাৰ কুইন্টল চাউল কমকৈ লাভ কৰাৰ বিষয়ে ঘোঁৰামাৰী সমবায়ৰ সম্পাদক ক্ষীৰেশ্বৰ নাথে শোণিতপুৰ খাদ্য আৰু অসামৰিক যোগান বিভাগলৈ এক লিখিত অভিযোগ দাখিল কৰে৷ ইয়াৰ পিছতেই বিভাগটোৰ পৰিদৰ্শক ৰিজি বৰুৱাক সমগ্ৰ বিষয়টো তদন্তৰ দায়িত্ব দিয়াৰ পিছত ঘোৰামাৰী সমবায়তেই মুঠ ৮০০শ কুইন্টল প্ৰয়োজনতকৈ কম যোগান ধৰাৰ তথ্য লাভ কৰাত ঘোৰামাৰী সমবায় ছীল কৰি দিয়ে৷ এই সমবায়ৰ লগতে চামধৰা আৰু বালিপৰা সমবায় দুখনেও আৱন্টিত চাউলতকৈ বহু কম পৰিমানৰ চাউল লাভ কৰাক লৈ অভিযোগ দাখিল কৰিছে এই সৰবৰাহৰ ঠিকা লাভ কৰা “বৰা ট্ৰেন্সপৰ্ট“ৰ স্বত্তাধিকাৰী পংকজ ৰায় বৰাৰ বিৰুদ্ধে৷ দৰিদ্ৰৰ বাবে আৱন্টিত চৰকাৰী চাউল যোৱা এটা বছৰত ক’লা বজাৰত বিক্ৰী কৰি আছে পংকজ ৰায় বৰাই ৷ খাদ্য সুৰক্ষা আঁচনিৰ অধীনত আৱন্টিত বিনামুলীয়া চাউলৰ এই ক’লা বেপাৰ একাংশ বিভাগটোৰ বিষয়া কৰ্মচাৰীৰ আশীৰ্বাদতেই চলাই আহিছিল পংকজ ৰায় বৰাই৷ বিগত বৰ্ষত ভাৰতীয় খাদ্য নিগমৰ ভঁৰালৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত আৱন্টিত বিনামুলীয়া চাউলৰ ঠিকা লাভ কৰিছিল পংকজ ৰায় বৰাই৷ সমগ্ৰ বিষয়টো তদন্তৰ পিছত বিভাগে এইজন দুৰ্নীতি পৰায়ণ ঠিকাদাৰৰ বিৰূদ্ধে কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ’ব৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More