ধুমুহাত বিধ্বস্ত তিনিচুকীয়ালৈ ঘূৰি অহা নাই স্বাভাৱিক পৰিস্থিতি

অন্ধকাৰছন্ন বহু অঞ্চল : হেল্পলাইন নম্বৰ মুকলি : শিক্ষানুষ্ঠান বন্ধ

0 35

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৪ এপ্ৰিল : শনিবাৰে নিশা অহা বিধ্বংসী ধুমুহা তথা শিলাবৃষ্টিৰ পাছত দেওবাৰে সন্ধিয়া পুনৰ এজাক প্ৰচণ্ড ধুমুহাই কোবাই যোৱা তিনিচুকীয়া জিলালৈ এতিয়াও স্বাভাৱিক পৰিস্থিতি ঘূৰি অহা নাই ৷ উল্লেখ্য যে শনি আৰু দেওবাৰৰ ধুমুহা তথা শিলাবৃষ্টিত তিনিচুকীয়া চহৰৰ লগতে তিনিচুকীয়া আৰু ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত বহু গাওঁ ব্যাপক ক্ষয়ক্ষতিৰ সন্মুখীন হৈছে ৷ বাটেপথে উভালি পৰিছে অসংখ্য সৰুবৰ গছ ৷ বিধ্বস্ত হৈছে বিস্তীৰ্ণ খেতিপথাৰ ৷ জিলা প্ৰশাসনে ধুমুহাত ক্ষতিগ্ৰস্ত এলেকাসমূহৰ পৰা উভালি পৰা গছ আতৰাই বাট-পথ মুকলি কৰাৰ লগতে বিভিন্ন এলেকাত বিদ্যুতৰ খুটাসমূহ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ ফলত বিছিন্ন হৈ পৰা বিজুলী সংযোগ পুনৰুদ্ধাৰ বাবে তীব্ৰ অভিযান অব্যাহত ৰাখিছে যদিও এতিয়াও বহু অঞ্চল শনিবাৰে নিশাৰ পৰা বিদ্যুত বিচ্ছিন্ন হৈ আছে ৷ তিনিচুকীয়াৰ উপায়ুক্ত স্বপ্নীল পালে তৎকালীনভাৱে ধুমুহা তথা শিলাবৃষ্টিত হোৱা ক্ষয়ক্ষতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে তাৎক্ষণিকভাৱে যাৱতীয় সাহাৰ্য্যৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগক দিয়া নিৰ্দেশ অনুসৰি পুনৰুদ্ধাৰৰ অভিযান অব্যাহত আছে । ইতিমধ্যে তিনিচুকীয়া জিলা প্ৰশাসনে জনসাধাৰণৰ সুবিধাৰ্থে দুটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। জনসাধাৰণে ৯৩৬৫১১৮৫০৩ আৰু ৯৩৯৪৫৮৫৬২২ নম্বৰৰ জৰিয়তে ধুমুহা তথা শিলাবৃষ্টিত হোৱা ক্ষয়ক্ষতিৰ বিষয়ে প্ৰশাসনক অৱগত কৰিব পাৰিব ৷ ইতিমধ্যে প্ৰশাসনে ক্ষতিগ্ৰস্ত পৰিয়ালৰ মাজত টাৰ্পলিন আদি বিতৰণ কৰিছে ৷ আনহাতে ধুমুহা তথা শিলাবৃষ্টিৰ ফলত সৃষ্টি হোৱা ক্ষয়ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি উপায়ুক্ত স্বপ্নীল পালে এক নিৰ্দেশনাযোগে টিনপাত, টাৰ্পলিন, বাঁহ আদিৰ লগতে ঘৰৰ চালৰ মেৰামতি তথা অস্থায়ী আশ্ৰয়স্থল নিৰ্মাণৰ বাবে প্ৰয়োজনীয় অন্যান্য সামগ্ৰীৰ মূল্যবৃদ্ধি নকৰিবলৈ আহ্বান জনাইছে ৷ এই নিৰ্দেশনাৰ উলংঘা কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ ৷ উল্লেখ্য যে শনিবাৰ নিশাৰ প্ৰৱল ধুমুহাত দুৰ্ভাগ্যজনকভাৱে মৃত্যুমুখত পৰা ৰাইডাং চাহ বাগিচাৰ বিজয় মানকী আৰু বৰডুবি চাহ বাগিচাৰ দেৱ কুমাৰ ঠাকুৰৰ নিকতাত্মীয়ক ৪ লাখকৈ মৰোনোত্তৰকালীন সাহাৰ্য হিচাপে প্ৰদান কৰা হৈছে ৷ ইফালে ধুমুহাত বিধ্বস্ত তিনিচুকীয়াত আজি উপায়ুক্তই এক নিৰ্দেশযোগে ছাত্ৰছাত্ৰীসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More