ধেমাজিত কংগ্ৰেছত খহনীয়া আৰম্ভ

ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ জ্যেষ্ঠ কংগ্ৰেছীৰ

0 30

শতাব্দ প্ৰতিনিধি, ধেমাজি, ২৫ এপ্ৰিলঃ দেশৰ ৰাজনীতিত স্বকীয় গৰিমা আৰু মহিমাৰে উজ্জীৱিত হৈ থকা “ভাৰতীয় জাতীয় কংগ্ৰেছ দল” এতিয়া বেলি মাৰ যোৱাৰ দিশে গতি কৰিছে । সদ্যসমাপ্ত দুটাকৈ পৌৰ নিৰ্বাচনত শোচনীয় পৰাজয় হোৱাৰ পাছত দলটোৰ প্ৰতি আস্থা হেৰুৱাই যথেষ্টসংখ্যক কংগ্ৰেছৰ নেতা-কৰ্মীয়ে দলটোৰপৰা অব্যাহতি লৈ নতুন কুচকাৱাজ আৰম্ভ কৰিছে । কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ নেতা- কৰ্মীয়ে দলত্যাগ কৰাৰ সময়তে ধেমাজিৰো ভালেসংখ্যক কংগ্ৰেছ কৰ্মীয়ে অব্যাহতি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । জানিব পৰা মতে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা পঁচিশ বছৰৰো অধিককাল বিভিন্ন দায়িত্বত থাকি দলটোৰ উত্থানত সক্ৰিয় ভূমিকা পালন কৰা বাবুল সোণোৱালে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে । ধেমাজিত কংগ্ৰেছৰ এটা মজবুত ভেঁটি গঢ়িবলৈ সক্ষম হোৱা বাবুল সোণোৱালৰ পদাংক অনুসৰণ কৰি ধেমাজি এচেম্বলি এনএছইউআই, সেৱাদল আৰু ব্লক পৰ্যায়ৰ কেইবাজনো বিষয়-ববীয়াই কংগ্ৰেছ দলৰ অব্যাহতি বিচাৰি ছোনিয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিছে । উল্লেখ্য যে ১৯৯৬ চনত এনএছইউআইৰ জৰিয়তে ৰাজনৈতিক জীৱনৰ পাতনি মেলা বাবুল সোণোৱালে ধেমাজি জিলা যুৱ কংগ্ৰেছৰ সভাপতি হিচাপে তিনি বছৰ, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপে তিনি বছৰ, ধেমাজি জিলা কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক হিচাপে চাৰি বছৰ আৰু প্ৰায় সাত বছৰ কাল প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব পালন কৰিছিল । তদুপৰি ২০১৭ চনৰ বিধান সভাৰ উপ-নিৰ্বাচনত ধেমাজি বিধান সভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি ৬৫,৯৩২ টা ভোট লাভ কৰিবলৈ সক্ষম হৈছিল । অসমত বিজেপিৰ বিকল্প নাই নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নত বিজেপিক প্ৰতিহত কৰিবলৈ অসমৰ ৰাইজে অন্য দল বিচাৰিব লাগিব বুলি উল্লেখ কৰি ৰিপুণ বৰাই কংগ্ৰেছ দল ত্যাগ কৰাত কংগ্ৰেছৰ বৃহৎ ক্ষতি হ’ব বুলি কয় । আনহাতে বাবুল সোণোৱালে কংগ্ৰেছ দল ত্যাগ কৰাৰ পাছত ধেমাজিত দলটোৰ অৱস্থা অতি শোচনীয় হৈ পৰিব বুলি তৃণমূল পৰ্যায়ৰ নেতা – কৰ্মীসকলৰ মাজত চৰ্চা আৰম্ভ হৈছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More