ধেমাজিত জি-২০, ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ আৰু নিপুণ অসমৰ পটভূমিত জিলা পৰ্যায়ৰ এদিনীয়া কৰ্মশালা

0 66

ধেমাজি, ১২ জুনঃ ধেমাজি জিলা শিক্ষা বিভাগ আৰু সমগ্ৰ শিক্ষা ধেমাজিৰ উদ্যোগত জি-২০, ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ আৰু নিপুণ অসম (FLN) ৰ পটভূমিত আজি ধেমাজি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এদিনীয়া কাৰ্যসূচীৰে জিলা পৰ্যায়ৰ এখন কৰ্মশালা অনুষ্ঠিত হৈ যায় ।WhatsApp Image 2023 06 12 at 9.47.53 PM পুৱা ৯-১৫ বজাত জিলা তথা খণ্ড পৰ্যায়ৰ বিষয়াসকল, শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু আমন্ত্ৰিত বিশিষ্ট অতিথিসকলৰ উপস্থিতিত জি-২০, ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ আৰু নিপুণ অসম (FLN) ৰ অধীনত ৰূপায়িত হৈ থকা বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা অভিযান সম্পৰ্কে সজাগতা ৰেলী উলিওৱা হয়। কৰ্মশালাখনি ধেমাজি কলেজিয়েট মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত সমবেত সংগীতেৰে শুভাৰম্ভ কৰা হয় আৰু আদৰণি ভাষণ প্ৰদান কৰে বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু জিলা মিছন সমন্বয়ক কবিতা ডেকাই । ভাষণ প্ৰসংগত তেখেতে ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ আৰু নিপুণ অসম (FLN) ৰ সফল ৰূপায়ণত শিক্ষক, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী সকলোৰে সহযোগিতা কামনা কৰাৰ লগতে উদ্ভাৱনীমূলক শিক্ষণ-শিকণ সামগ্ৰীৰ প্ৰদৰ্শনত অংশগ্ৰহণ কৰা বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু বিভিন্ন ক্ৰিয়া-কলাপ প্ৰদৰ্শন কৰিবলৈ অহা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন-কৃতজ্ঞতা জ্ঞাপন কৰে । মুখ্য অতিথিৰ ভাষণত ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত (শিক্ষা) সঞ্জীৱ ফুকনে কৰ্মশালাখনিৰ গুৰুত্ব সম্পৰ্কে বক্তব্য আগবঢ়ায় আৰু অংশগ্ৰহণকাৰী সকলো শিক্ষক, ছাত্ৰ-ছাত্ৰীকে অভিনন্দন জ্ঞাপন কৰে । কৰ্মশালাখনিৰ সমল ব্যক্তি মৰিধল মহাবিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ মুৰব্বী অধ্যাপক ড০ লেখন গগৈয়ে ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ ৰ ওপৰত আলোকপাত কৰে । বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা অভিযানৰ জিলা পৰামৰ্শদাতা ৰশ্মি দলেয়ে নিপুণ অসমৰ অধীনত ধেমাজি জিলাত ৰূপায়িত হৈ থকা বিভিন্ন ক্ৰিয়া-কলাপ আৰু কৰ্মসূচীৰ এক চমু খতিয়ান দাঙি ধৰে । ইয়াৰোপৰি ধেমাজি জিলা শিক্ষাগ্ৰহণ আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা মায়াশ্ৰী চেতিয়া ফুকনে বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা অভিযানৰ অধীনত বিদ্যালয় পৰ্যায়ত গ্ৰহণ কৰিব পৰা উদ্ভাৱনীমূলক ক্ৰিয়া-কলাপৰ বিষয়ে শিক্ষণ-শিকণ সামগ্ৰীৰ সহায়ত বক্তব্য প্ৰদান কৰে ।WhatsApp Image 2023 06 12 at 9.49.25 PM কৰ্মশালাখনিত ২ নং ভৰালীচুক প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে যোগাভ্যাস প্ৰদৰ্শন কৰাৰ লগতে নলনিপাম প্ৰাথমিক বিদ্যালয় ছাত্ৰ-ছাত্ৰীসকলে আবৃত্তি-পঠন আদিত অংশগ্ৰহণ কৰে । কৰ্মশালাৰ সৈতে সংগতি ৰাখি বিদ্যালয়সমূহৰ মাজত অনুষ্ঠিত কৰা উদ্ভাৱনীমূলক শিক্ষণ-শিকণ সামগ্ৰীৰ প্ৰদৰ্শন-প্ৰতিযোগিতাখনি উদ্বোধন কৰে ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দিপক নেওগে । এই প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে বৰদলপা প্ৰাথমিক বিদ্যালয়ে, দ্বিতীয় স্থান লাভ কৰে নলনিপাম প্ৰাথমিক বিদ্যালয়ে, তৃতীয় স্থান লাভ কৰে চিলাপথাৰ কেন্দুগুৰি প্ৰাথমিক বিদ্যালয়ে আৰু উদগণিমূলক বঁটা লাভ কৰে যঁতৰকটীয়া প্ৰাথমিক বিদ্যালয়ে। স্থানপ্ৰাপ্ত বিদ্যালয়সমূহক সমগ্ৰ শিক্ষা ধেমাজিৰ তৰফৰ পৰা মান-পত্ৰ আৰু পুৰস্কাৰ প্ৰদান কৰা হয় । সমগ্ৰ শিক্ষা ধেমাজিৰ জিলা আঁচনি বিষয়া পংকজ বৰা, অৱনী নাথ, অৰুনিমা দুৱৰা, লক্ষীমপুৰ ডায়েটৰ প্ৰবক্তা ইন্দ্ৰজিত গাম, বিবেকানন্দ্ৰ কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ, মাডাৰছ প্ৰাইড বিদ্যালয়ৰ পৰিচালন সঞ্চালক, খণ্ড সমল ব্যক্তি কনক গগৈ, মুকুল সূত, ৰূপশিখা গগৈ, প্ৰণতি দেৱী, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক ৰিতু দাস, বিপুল কাকতি, জ্যোতিপ্ৰসাদ বৰা, তুলন শইকীয়া, জিনি ফুকন উপস্থিত থাকি কৰ্মশালাখনি সাফল্যমণ্ডিত কৰি তোলে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More