ধেমাজিত ৰেলে মহতিয়াই নিলে স্কৰপিঅ’ গাড়ীঃ নিহত ২

0 21

শতাব্দ প্ৰতিনিধি, ধেমাজি, ৯ মে” ধেমাজিত আজি সংঘটিত এক ভয়ংকৰ-শোকাৱহ দুৰ্ঘটনাই সকলোকে মৰ্মাহত কৰি তুলিছে । দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে এখন স্কৰপিঅ’ গাড়ীৰ চালক থিতাতে মৃত্যু হোৱাৰ বিপৰীতে গাড়ীখনত বহি যোৱা মহিলাগৰাকী চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় । ঘটনাৰ বিৱৰণ অনুসৰি অৰুণাচলৰ নাহৰলগুন-তিনিচুকীয়া ইন্টাৰচিটি ৰেলেখনে মহতিযাই নিয়ে এখন নতুন স্কৰপিঅ’ গাড়ী । নাহৰলগুনৰ পৰা তিনিচুকীয়ালৈ গৈ থকা অৱস্থাত ধেমাজিৰ চমৰাজান পানীতোলাত গেটবিহীন পথেৰে ৰেল আলি পাৰ হ’বলৈ লওঁতেই স্কৰ’পিঅখন মহতিয়াই নিয়ে। দুৰ্ঘটনাটোত কেঁকুৰী আহোম গাঁৱৰ ডিম্পুল বুঢ়াগোহাঁই (৩০) নামৰ চালকজন থিতাতে নিহত হয় । আনহাতে অমৰাৱতী দলে (৬৫) নামৰ এগৰাকী বৰ্ষীয়ান মহিলা গুৰুতৰভাৱে আহত হয় । আহত মহিলাগৰাকীক চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নি থকা অৱস্থাতে মৃত্যু ঘটে । দুৰ্ঘটনাৰ পিছতে স্থানীয় উত্তেজিত ৰাইজে ডেকাৰগাওঁ-মুৰ্কংচেলেক ইন্টাৰচিটি ৰেল অৱৰোধ কৰি ৰেলৱে কৰ্তৃপক্ষৰ হেমাহিৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । উক্ত স্থানত স্থানীয় ৰাইজে ৰেলৱে গেটৰ বাবে দাবী উত্থাপন কৰি আহিছিল যদিও ৰেলৱে কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ বাবেই আজিৰ দুৰ্ঘটনাটো সংঘটিত হ’ল বুলি ৰাইজে অভিযোগ কৰিছে । জানিব পৰা মতে ধেমাজি নগৰৰ ৰতনপুৰৰ পৰা অমৰাৱতী দলেৰ পুৰণা গাওঁ জীয়াধল দিহিৰি গাঁৱলৈ গৈ আছিল । কিন্তু পুৰণা গৃহত ভৰি থোৱাৰ পূৰ্বেই দুয়োৱে অকাল মৃত্যুক সাৱটি লোৱাত দুয়োখন গাঁৱত গভীৰ শোকৰ ছাঁ পৰিছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More