ধেমাজিৰ বিশিষ্ট সমাজকৰ্মী- জ্যেষ্ঠ অধিবক্তা নৰেন্দ্ৰ নাথ গোহাঁইৰ দেহাৱসান

0 9
শতাব্দ প্ৰতিনিধি, ধেমাজি, ৮ মেঃ ধেমাজিৰ বৰ্ষীয়ান সমাজকৰ্মী , জ্যেষ্ঠ অধিবক্তা নৰেন্দ্ৰ নাথ গোহাঁইয়ে আজি দিনৰ প্ৰায় ১১ বজাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে । লখিমপুৰ জিলাৰ ঘিলামৰা গোহাঁই মৌজাৰ ভকত গাঁৱত ১৯৩৯ চনৰ পহিলা ফেব্ৰুৱাৰীত জন্মলাভ কৰা গোহাঁই ওৰেটো জীৱন ধেমাজিৰ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জড়িত আছিল । ধেমাজি জাতীয় কংগ্ৰেছ দলৰ এজন নিষ্ঠাবান কৰ্মী হিচাপে সেৱা আগবঢ়োৱা নৰেন্দ্ৰ নাথ গোহাঁইয়ে এসময়ত প্ৰদেশ কংগ্ৰেছৰ সদস্য, জিলা কংগ্ৰেছৰ সভাপতি, সম্পাদক, কাৰ্যকৰী সমিতিৰ সদস্যকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰিছিল । ধেমাজিৰ এগৰাকী জ্যেষ্ঠ অধিবক্তা হিচাপে পৰিচিত নৰেন্দ্ৰ নাথ গোহাঁই ধেমাজি উকীল সন্থাৰ প্ৰাক্তন সভাপতি, ধেমাজি নগৰ পালিকাৰ সভাপতি, তাই আহোম উন্নয়ন পৰিষদৰ সভাপতি, ধেমাজি জিলা জেষ্ঠ নাগৰিক সন্মিলনৰ আইন উপদেষ্টা, সদৌ অসম পদ্মনাথ গোহাঞিবৰুৱা একাংক নাট প্ৰতিযোগিতাৰ প্ৰথমগৰাকী সভাপতি, ধেমাজি জিলা ৰেডক্ৰছ ছ’চাইটিৰ সভাপতি, ধেমাজি স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি, ধেমাজি মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি, ধেমাজি ছোৱালী মহাবিদ্যালয়ৰ পৰিচালনা কমিটিৰ সদস্য, যোগেশ গোহাঞি হাইস্কুলৰ পৰিচালনা সমিতিৰ সভাপতি আদিকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল । ধেমাজিৰ সমাজ জীৱনত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই যোৱা নৰেন্দ্ৰ নাথ গোহাঁইৰ মৃত্যুৰ বাতৰি বিয়পি পৰা লগে লগে তেওঁৰ মিলন নগৰস্থিত বাসগৃহলৈ অসংখ্য গুণমুগ্ধ উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । জিলাখনৰ বিভিন্ন দল-সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়-ববীয়াই তেখেতৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । মৃত্যুৰ সময়ত নৰেন্দ্ৰ নাথ গোহাঁইয়ে পত্নীসহ দুজন পুত্ৰ, দুগৰাকী বোৱাৰী, দুগৰাকী জী-জোঁৱাই, নাতি-নাতিনীকে ধৰি অসংখ্য আত্মীয় স্বজনক এৰি থৈ গৈছে । ইফালে তেখেতৰ নশ্বৰ দেহ ধেমাজি কংগ্ৰেছ কাৰ্যালয়, ধেমাজি বাৰ এ’চছিয়েছন আৰু ধেমাজি মহাবিদ্যালয়লৈ নিয়া হয় আৰু তাতে অসংখ্যজনে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More