নগাঁও আৰু কাছাৰ কাগজ কলৰ ২৭৫১গৰাকী কৰ্মচাৰীৰ বাবে ৮১০ কোটি টকাৰ আৰ্থিক সাহায্য  প্ৰদান চৰকাৰৰ

0 13

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৭ জুলাইঃ সুদীৰ্ঘ পাঁচ বছৰ পাছত হিন্দুস্তান পেপাৰ কৰ্প’ৰেচন লিমিটেডৰ কাগজ কল দুটাৰ কৰ্মচাৰীয়ে লাভ কৰিলে আৰ্থিক সাহায্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন চৰকাৰে অৱশেষত আজি নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীক প্ৰদান কৰিলে আৰ্থিক সাহায্য। এই উপলক্ষ্যে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কাগজ কল দুটাৰ কৰ্মচাৰী সকলক আৰ্থিক সাহায্য বিতৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজহুৱাখণ্ডৰ দুয়োটা পেপাৰ মিল বন্ধ হোৱা ঘটনা কাৰো বাবে সুখবৰ নাছিল। কিন্তু কিয় এই মিল বন্ধ হ’বলগীয়া হ’ল আৰু ইয়াৰ বাবে কোন দায়বদ্ধ আমি সকলোৱে ক’ম বেছি পৰিমাণে অৱগত বুলি তেওঁ সদৰি কৰে। তেওঁ লগতে কয় যে বিভিন্ন সময়ত চলি থকা গোচৰ, দুৰ্নীতিৰ অভিযোগ আদিয়ে আমাৰ মনত নিশ্চয় চিন্তাৰ উদ্বেগ কৰে। যি সময়ত ব্যক্তিগত খণ্ডৰ পেপাৰ মিল ঠিক মতে চলি আছে তেনে ক্ষেত্ৰত এই পেপাৰ মিল দুটাৰ মৃত্যুয়ে বহু নক’বলগীয়া কথা কৈ যায়। এক কথাত ক’বলৈ গ’লে এই পেপাৰ মিলৰ যি সকল বিষয়া কৰ্মচাৰীয়ে মেনেজমেন্ট কৰিছিল তেওঁলোকে আমাৰ জাতিটোক এটা ভীষণ ক্ষতি কৰি গৈছে তাক সময়ে প্ৰমাণ কৰি গৈছে। তেওঁ কয় যে যি সকলৰ বাবে এই পেপাৰ মিলৰ এই অৱস্থা হৈছে সেই সকলে হয়তো এতিয়া সুন্দৰ জীৱন যাপন কৰি আছে। আজি তেওঁলোকক মই অসমৰ ৰাইজৰ হৈ কঠোৰ ঘৃণা আৰু সমালোচনাৰে উপচাই দিব বিচাৰো বুলি উল্লেখ কৰি তেওঁ কয় যে সময়ে সময়ে আমি পেপাৰ মিলৰ কৰ্মচাৰী সকলৰ ওচৰত থিয় হৈ আহিছো। সমালোচনা হৈছে যে চৰকাৰে কাম কৰিব লাগিছিল। প্ৰসংগ ক্ৰমে তেওঁ কয় যে ২০১৪ চনৰ পৰা বিনামূলীয়া বিদ্যুতৰ যোগান ধৰি অহা হৈছে। লগতে বিভিন্ন সময়ত কৰ্মচাৰী সকলক বৃত্তি দিয়াৰো ব্যৱস্থা কৰা হৈছিল। কিন্তু কিছুমান সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বহু কথা ভাৱিব লগীয়া হয়। তেওঁ লগতে কয় যে ৮১০ কোটি টকা ৩০০০ কৰ্মচাৰীলৈ বিতৰণ কৰিম, যদি কৰিব নালাগিলেহেঁতেন তেন্তে সেই টকাৰে কোনো গাঁৱৰ হাস্পতাল, ৰাস্তা পথ নিৰ্মাণ হ’লহেতেন। কাগজ মিল দুটাৰ ইউনিয়নৰ লগত কথা পাতি সিদ্ধান্ত লোৱা হৈছিল যে মিলটো বন্ধ হোৱা দিনলৈকে কৰ্মচাৰী সকলে দৰমহা পাব, উপযুক্ত সকলক চাকৰি পাব, ২৫ কোটি টকাৰে ট্ৰাষ্ট হ’ব যাতে সেই টকাৰে কৰবাত প্ৰাক্তন কৰ্মচাৰী সকলক সকাহ দিব পাৰি। তেওঁ লগতে কয় যে চৰকাৰে ৩৫০ কোটি লিকুইডিটৰক দিছে, তাৰে ৫০ কোটি কৰ্মচাৰীয়ে পাব। কাগজ কল দুটা চৰকাৰৰ নামত পঞ্জীয়ন কৰাৰ সময়ত ১৫ কোটি টকা দিয়া হৈছে। তেওঁ কাগজ কলৰ কোৱাৰ্টাৰত থকা কৰ্মচাৰীক কোৱাৰ্টাৰ খালী কৰাৰ বাবে আহ্বান জনায়। তেওঁ কয় যে মুঠ ৯০০ কোটি টকা খৰচ কৰাৰ কথা আছিল। পেঞ্চন ফাণ্ডৰ টকা পি এফ অফিচত দি দিয়া হ’ব। লিকুইডিটৰে দিয়া ধন কৰ্মচাৰীসকলৰ মাজত ভগাই দিয়া হ’ব বুলি তেওঁ সদৰি কৰে। গ্রেছুইটি আৰু পেঞ্চন ফাণ্ডৰ ধনো ৰাজ্য চৰকাৰে দিব। তেওঁ কয় যে বিগত বৰ্ষৰ ৩০ ছেপ্টেম্বৰত অনুষ্ঠিত কেবিনেট বৈঠকত চৰকাৰে নগাঁও আৰু কাছাৰ কাগজ কল দুটাৰ বাবে ৭০০ কোটি টকাৰ এক সাহায্য পেকেজত অনুমোদন জনাইছিল। আনহাতে চলিত বৰ্ষৰ ১১ মে’ত এইচ পি চি এলৰ অংশীদাৰসকলৰ সৈতে অনুষ্ঠিত বৈঠকৰ আলোচনা মৰ্মে চৰকাৰে পূৰ্বে ঘোষণা কৰা ৭০০ কোটি টকাৰ সাহায্য পুঁজিৰ উপৰি কৰ্মচাৰী আৰু কৰ্মীসকলৰ গ্ৰেচুইটী পেমেণ্টৰ বাবে অতিৰিক্ত ১১০ কোটি টকা প্ৰদান কৰিবলৈ সিদ্ধান্ত লয়। এই পদক্ষেপৰ ফলত ৮১০ কোটি টকাৰ এই সাহায্য পুঁজিয়ে কাগজ কল দুটাৰ ২০০৩গৰাকী নিয়মীয়া কৰ্মচাৰী আৰু ৭৪৮গৰাকী ঠিকাভিত্তিক কৰ্মীকে ধৰি সৰ্বমুঠ ২৭৫১গৰাকী কৰ্মচাৰীক উপকৃত কৰিব। এই সাহায্য পেকেজৰ অধীনত ২৫ কোটি টকাৰ বৰ্ধিত পুঁজিৰে এইচ পি চি এলৰ “প্ৰাক্তন কৰ্মচাৰী আৰু ছুপাৰভাইজাৰ ৱেলফেয়াৰ ফাণ্ড” গঠন কৰা হ’ব। এই ন্যাসৰ পুঁজিৰ পৰা বছৰি লাভ কৰা সুতৰ টকা কৰ্মচাৰীসকলৰ চিকিৎসা, শৈক্ষিক আৰু সামাজিক সুৰক্ষাৰ দিশত ব্যয় কৰা হ’ব। সাহায্য বিতৰণৰ সমান্তৰালভাৱে কাগজ কল দুটাৰ ৮৪ গৰাকী নিয়োগযোগ্য কৰ্মচাৰীক যোগ্যতাৰ ভিত্তিত ৰাজ্য চৰকাৰৰ অধীনত পুনৰ সংস্থাপন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ সদৰি কৰে। আজিৰ অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা, পৰিমল শুক্লবৈদ্য, অজন্তা নেওগ, যোগেন মহন, ৰণজিৎ কুমাৰ দাস, সঞ্জয় কিষাণ, ইউ জি ব্ৰহ্ম, বিমল বড়া, পীযুষ হাজৰিকা আৰু নন্দিতা গাৰ্লোছা, বিধায়ক প্ৰশান্ত ফুকনৰ উপৰি কাগজ কলৰ কৰ্মচাৰীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More