নগাঁৱত ৪৫ফুট গভীৰ কুঁৱাৰ পৰা ভিন্ন প্ৰজাতিৰ ১২টা দুস্প্ৰাপ্য কাছ উদ্ধাৰ 

0 31

শতাব্দ প্ৰতিনিধি তেজপুৰ,৩১আগষ্ট: এটা ৪৫ফুট গভীৰ কুঁৱাৰ পৰা কালি উদ্ধাৰ কৰা হয় বিভিন্ন প্ৰজাতিৰ মুঠ ১২টা দুস্প্ৰাপ্য কাছ ৷ নগাঁৱৰ লাওখোৱা বজাৰ অঞ্চলত কালি চলা চাৰি ঘন্টাযোৰা এই সফল অভিযানক নেতৃত্ব দিয়ে নগাঁও কন্যা মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ সহকাৰী অধ্যাপক ড° স্মাৰাজিৎ ওজাই ৷IMG 20220831 WA0072 বন আৰু বন্যপ্ৰাণী সুৰক্ষাৰে জড়িত দেৱজ্যোতি নাথ, বিজু ডেকা আৰু নগাঁও বন সংমণ্ডলৰ লাওখোৱা খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মী অভিজিৎ শৰ্মা কোঁৱৰ, নন্দদুলাল দাস, প্ৰণৱ বৰদলৈ আৰু যাদৱ কোঁৱৰৰ সহযোগত কালি চলিছিল এই বিশেষ উদ্ধাৰ অভিযান ৷ এই সন্দৰ্ভত আজি ড° ওজাই প্ৰকাশ কৰা অনুসৰি এই কাছসমূহ স্হানীয় একাংশ মাছমৰীয়াই নিয়মীয়াকৈ ব্ৰহ্মপুত্ৰৰ পৰা ধৰি আনি লাওখোৱা বজাৰৰ পাইকাৰী মাছ বিক্ৰী কেন্দ্ৰৰ সমীপৰ নিৰ্দিষ্ট কুঁৱাটোত পেলাই থৈছিল ৷ এই বিষয়ে লাওখোৱা খণ্ড বন কাৰ্যালয়ৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত কাছসমূহ উদ্ধাৰৰ এক নিখুঁত পৰিকল্পনা প্ৰস্তুত কৰা হয় আৰু পাম্পৰ সহায়ত কুঁৱাটোৰ পৰা যথেষ্ট পৰিমানৰ পানী নিস্কাষণ কৰাৰ পাছত ড° ওজা আৰু এজন স্হানীয় ব্যক্তি হৰেণ দাসে বাঁহৰ খুটাৰ সহায়ত কুঁৱাটোৰ ৪৫ফুট গভীৰতালৈ নামি কাছ কেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ পাছত আটাইকেইটা কাছৰ স্বাস্থ্য পৰীক্ষা কৰে বিশিষ্ট পশু চিকিৎসক ৰূপক নাথে ৷ আনহাতে,কাছকেইটাৰ প্ৰজাতি চিনাক্ত কৰে ডি আৰ মহাবিদ্যালয়ৰ জীৱবিজ্ঞান বিষয়ৰ সহকাৰী অধ্যাপক তথা কাছ সংৰক্ষণৰে জড়িত ড° ৰাজীৱ বসুমতাৰীয়ে ৷ উল্লেখযোগ্য যে আজি শোণিতপুৰৰ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত ধনীয়া বনাঞ্চলিক বিষয়া সোনম কুমাৰ গুপ্তা তথা বনকৰ্মী সকলৰ উপস্থিতিত আটাইকেইটা কাছক প্ৰাকৃতিক পৰিৱেশত মুকলি কৰি দিয়া হয় ৷ উল্লেখযোগ্য যে,উদ্ধাৰ কৰা আৰু আজি প্ৰাকৃতিক পৰিৱেশত মোকলাই দিয়া কাছ কেইটাৰ ভিতৰত এটা গেংগেটিক কোমল চলং কাছ , দুটা অসম চলং কাছ, তিনিটা ফুটুকী পুখুৰী কাছ আৰু ছয়টা ভাৰতীয় টেন্ট কাছ বুলি চিনাক্ত কৰা হৈছে ৷ এই গেংগেটিক কোমল চলং কাছ অতি দুস্প্ৰাপ্য, অসম চলং আৰু ফুটুকী কাছ ১৯৭২ৰ বন্যপ্ৰাণী সংৰক্ষণ আইনৰ প্ৰথম শ্ৰেণীৰ অন্তৰ্ভুক্ত ৷ একেদৰে উদ্ধাৰ হোৱা আন প্ৰজাতিৰ কাছ সমূহো দুস্প্ৰাপ্য বুলি সদৰি কৰিছে বিশেষজ্ঞ সকলে৷ স্হানীয় তথা বিশেষজ্ঞসকলে এই উদ্ধাৰ অভিযানৰ শলাগ লোৱাৰ লগতে বন বিভাগক এই সন্দৰ্ভত সজাগতা সৃষ্টিৰ লগতে নজৰ দিবলৈ আহ্বান জনাইছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More