‘নগা জাতীয় পতাকা’ : কেন্দ্ৰৰ নাকচ, এন এছ চি এনৰ মতে আপোচ নহ’ব

এন এছ চি এনৰ ভাষ্যই পুনৰ জটিল কৰিছে নগা সমস্যাৰ সমাধান

0 45

শতাব্দ বিশেষ প্ৰতিনিধি, ২৮ মে’ : দীৰ্ঘদিনীয়া নগা সমস্যাটোৰ সমাধানৰ পথত আকৌ জটিলতাৰ সৃষ্টি হৈছে। শেহতীয়াকৈ নগা বিদ্ৰোহী সংগঠন এন এছ চি এন(আই এম) এ তেওঁলোকৰ মুখপত্ৰ ‘নাগালিম ভয়চ’ ৰ মে’ মাহৰ সংখ্যাত কৈছে যে, নগা জাতিৰ অবিচ্ছেদ্য ‘নগা জাতীয় পতাকা’ক লৈ কেতিয়াও আপোচ কৰা নহ’ব। উল্লেখযোগ্য যে, নগা লোকসকলৰ বাবে এখন সুকীয়া পতাকা আৰু সংবিধানৰ যি দাবী বিদ্ৰোহী সংগঠনটোৱে উত্থাপন কৰিছে সেয়া ভাৰত চৰকাৰে পোনচাতেই নাকচ কৰিছে আৰু ইয়াক কেতিয়াও মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিছে। যোৱা এপ্ৰিল মাহত নাগালেণ্ড ভ্ৰমণ কৰি যোৱা নগা সমস্যাটোৰ মধ্যস্থতাকাৰী এ কে মিশ্ৰয়ো এন এছ চি এন(আই এম)ৰ নেতৃবৰ্গক দ্ব্যৰ্থসূচক ভাৱেই এই দুটা দাবী মানি ল’ব পৰা নাযাব বুলি জনাইছিল। এখন সুকীয়া পতাকাৰ সলনি সাংস্কৃতিক কাৰ্যসূচী সমূহত এই পতাকাখন নগা লোকসকলে ব্যৱহাৰ কৰাত ভাৰত চৰকাৰৰ কোনো আপত্তি নাই বুলিও মিশ্ৰই পৰামৰ্শ দিছিল। কিন্তু নগা পতাকাখনক কেৱল সাংস্কৃতিক পতাকা হিচাপে ব্যৱহাৰ কৰাৰ যি পৰামৰ্শ ভাৰত চৰকাৰে আগবঢ়াইছে সেয়া এন এছ চি এন(আই এম)ৰ বাবে সপোনৰো অগোচৰ বুলি মুখপত্ৰখনত কঠোৰ মন্তব্য কৰিছে।
সংগঠনটোৱে আৰু কৈছে, ২০১৫ চনৰ ৩ আগষ্টত ‘নাগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট’ স্বাক্ষৰ কৰাৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে গৌৰৱৰে ঘোষণা কৰিছিল যে, দক্ষিণ পূব এছিয়াৰ সবাতোকৈ দীৰ্ঘদিনীয়া বিদ্ৰোহী সমস্যাটো সমাধান কৰাত তেওঁ সফল হৈছে। এন এছ চি এনে পৰম ঔৎসুক্যৰে এতিয়া লক্ষ্য কৰি আছে যে, যিজন প্ৰধানমন্ত্ৰীয়ে সমস্যাটো সমাধানৰ গৌৰৱ আৰু কৃতিত্ব নিজেই লৈছিল সেইজন প্ৰধানমন্ত্ৰীয়ে এতিয়া কেনেদৰে নগা সমস্যাটোৰ সমাধান কৰিব। সংগঠনটোৱে লগতে আৰু উল্লেখ কৰি কয় যে, চুক্তিৰ পাছত চুক্তিত স্বাক্ষৰ কৰি ভাৰত চৰকাৰে নগা সকলক কেনেদৰে বিশ্বাসঘাটকতা কৰি গৈছে তাত নগা লোকসকল বিশেষকৈ এন এছ চি এন(আই এম) ভালদৰেই অৱগত। সংগঠনটোৱে ঘোষণা কৰে যে, ভয়-ভাবুকি বা কোনোধৰণৰ চাপত তেওঁলোকে লক্ষ্যৰ পৰা বিচ্যূৎ নহয় আৰু ভগৱান তথা নগা জনসাধাৰণৰ ওচৰত কেতিয়াও কোনোধৰণৰ ঘৃণনীয় বা জাতিদ্ৰোহী কাম নকৰে।
অহা স্বাধীনতা দিৱসৰ পূৰ্বে নগা সমস্যাটোৰ ফলপ্ৰসূ সমাধান এটাৰ আশা সকলোৱেই কৰিছিল যদিও এতিয়া নগা বিদ্ৰোহী সংগঠনটোৰ শেহতীয়া এই স্থিতিত পৰিস্থিতি পুনৰ জটিল আৰু স্থবিৰ হোৱাৰেই সম্ভাৱনা অধিক।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More