নগা সমস্যা : ডিমাপুৰত ক’ৰ কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক

0 17

শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ৪ জুনঃ নগা ৰাজনৈতিক সমস্যাৰ সমাধানৰ ক্ষেত্রত এন এছ চি এন (আই এম ) আৰু ভাৰত চৰকাৰৰ মাজত বৰ্তমান সৃষ্টি হোৱা অচলাৱস্থাৰ বিষয়টোক আলোচনা কৰিবলৈ শুকুৰবাৰে নাগালেণ্ড চৰকাৰৰ ক’ৰ কমিটীৰ আহবান ক্ৰমে অসমৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা নাগালেণ্ডৰ ডিমাপুৰৰ ছুমুকেডিমাত উপস্থিত হয়। ছুমুকেডিমাৰ নিয়াথু ৰিজ’ৰ্টত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ৰ অধ্যক্ষতাত অনুষ্ঠিত ক’ৰ কমিটীৰ এঘণ্টাজোৰা ৰুদ্ধদ্বাৰ পৰামৰ্শমূলক বৈঠকত হিমন্ত বিশ্ব শৰ্মাক ২৮ মে’ত এন এছ চি এন (আই এম)ৰ সৈতে হোৱা ক’ৰ কমিটিৰ বৈঠক সন্দৰ্ভত অৱগত কৰোৱা হয়। ক’ৰ কমিটীয়ে নগা ৰাজনৈতিক সমস্যাৰ শীঘ্ৰে সমাধানত  হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থন আৰু এন এছ চি এন আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত স্থবিৰ হৈ পৰা আলোচনা সঠিক পথত আগবঢ়াই নিয়াৰ বাবে সক্ৰিয় ভূমিকা বিচাৰে। ইফালে বৈঠকৰ অন্তত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত নগা সমস্যাৰ সন্দৰ্ভত ক’ৰ কমিটিৰ হোৱা আলোচনাৰ বিষয়ে মন্তব্য কৰাৰ পৰা বিৰত থাকে। অৱশ্যে বৈঠকৰ পূৰ্বে তেওঁ কয় যে জটিল নগা ৰাজনৈতিক সমস্যা সমাধানত তেওঁৰ ভূমিকা সীমিত। ‘নেডা’ৰ আহবায়ক হিচাপে কেন্দ্ৰীয় চৰকাৰক ক’ৰ কমিটিৰ পৰামৰ্শ বিষয়ে অৱগত কৰাব। তেওঁ কয় যে জটিল নগা ৰাজনৈতিক বিষয়টো এন এছ চি এন আৰু ভাৰত চৰকাৰৰ ওপৰত এৰি দিয়া উচিত । আন সকলে মন্তব্য দিয়াৰ পৰা বিৰত থাকিব লাগে। বৈঠকত নাগালেণ্ডৰ বিধায়কসকল আৰু দুগৰাকী সাংসদৰ লগতে অসমৰ মন্ত্রী পীয়ূষ হাজৰিকা উপস্থিত আছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More