নগ্নতা যেতিয়া প্রতিবাদৰ ভাষা

0 42

দাদুল দেৱকৃষ্ণ বৰুৱা

165335945323116533594532091653359453196

নগ্নতা। প্রতিবাদৰ অন্য এক ভাষা। তথাকথিত সভ্য সমাজে আদিকালৰ পৰা যি ঢাকিবলৈ শিকিছে তাকেই বুকু ফালি প্রকাশ্যে মেলি ধৰা। বেপৰোৱাগিৰিৰ শেষ কথা। নগ্ন হৈ কৰা প্রতিবাদৰ নতুনকৈ খবৰ আহিছে কান চলচ্চিত্রোৎসৱৰ সৌজন্যত। ফ্রান্সৰ দক্ষিণৰ এই চহৰত ৭৫সংখ্যক আন্তর্জাতিক ছবি প্রদর্শনৰ আচৰ বহিছিল। ছবিৰ কুশীলৱসকলক স্বাগতম জনাবলৈ পাৰি দিয়া হৈছিল ৰঙা দলিচা। কানৰ সেই চকু কাঢ়ি নিয়া ৰঙা দলিচাতেই হঠাৎ পোছাক খুলি পেলালে এগৰাকী অতিথিয়ে। নগ্ন হৈয়েই দুকাষৰ ফটোগ্রাফাৰসকলৰ ওচৰ চাপি আহে তেওঁ। পিন্ধনত আছিল মাত্ৰ নিম্নাঙ্গৰ অন্তর্বাস। তাত অঁকা আছিল তেজৰ দাগ। অনাবৃত ঊর্ধ্বাঙ্গত নীলা হালধীয়া ৰঙৰ ওপৰত লিখা আছিল— ‘আমাক ধর্ষণ নকৰিবা’। ইউক্রেইনৰ নীলা হালধীয়া পতাকাৰ ৰঙেৰে শৰীৰ ৰঙাইছিল সেই প্ৰতিবাদী তৰুণীয়ে। যুদ্ধবিধ্বস্ত দেশখনৰ মহিলাসকলৰ ওপৰত ৰুছ সেনাৰ যৌন অত্যাচাৰৰ বিৰুদ্ধে প্রতিবাদ জনাবলৈকে কানৰ দৰে আন্তর্জাতিক মঞ্চক ব্যৱহাৰ কৰিলে তেওঁ। গোটেই দুনিয়াৰ সমুখত আৱৰণমুক্ত কৰিলে নিজকে।

প্রতিবাদৰ বাবে পোছাক খুলি পেলোৱা এয়াই প্রথম নহয়। সামাজিক অধিকাৰ পাবলৈ সমাজবিপ্লৱীসকল নগ্ন হৈছে বহুবাৰ। কাৰণ সকলো সময়তে যে যৌন নির্যাতন হয় তেনে নহয়। প্রতিবাদৰ কাৰণ হিচাবে কেতিয়াবা ঠাই লৈছে মাটিৰ অধিকাৰে, কেতিয়াবা জলবায়ু পৰিৱর্তনে, কেতিয়াবা যুদ্ধ বিৰোধিতাই।

নগ্ন হৈ প্রতিবাদ জনোৱাৰ ঘটনা সকলোতকৈ বেছি বোধহয় দেখিছে ফ্রান্সেই। বছৰ খনেক আগেয়ে বেতন পৰিকাঠামো সলনিৰ প্রতিবাদতো সম্পূর্ণ নগ্ন হৈ পথত নামিছিল চৰকাৰী কর্মচাৰীসকল। নগ্ন হৈ এজনে আনজনৰ কান্ধত উঠি সৃষ্টি কৰিছিল নগ্ন মানুহৰ পিৰামিড। আন্দোলনকাৰীসকলৰ লগত আলোচনা কৰিবলৈ আহিছিল ফ্রান্সৰ সাংস্কৃতিক মন্ত্রী। তেওঁ সেই ‘ন্যুড পিৰামিড’ৰ মুখামুখি হ’বলগীয়া হয়। পোছাকত পচমৰ ব্যৱহাৰৰ প্রতিবাদ— তাৰ বাবেও নগ্ন হৈছে পশু অধিকাৰ আন্দোলনকর্মীসকল। ফ্রান্সতো বাদেই গোটেই বিশ্বত চলিছে সেই আন্দোলন। আন্দোলনকাৰীসকলে শৰীৰত এডাল সূতাও নৰখাকৈ পিন্ধিছিল কেৱল পশুৰ মুখা।

ভাৰততো হৈছে নগ্ন প্রতিবাদ। ২০০৪ চনত মণিপুৰত ১২গৰাকী মহিলা নগ্ন হৈ ৰাস্তাত নামে। ইম্ফলত কাংলা ফর্টৰ সমুখত প্রকাশ্যে নগ্ন হয় তেওঁলোক। শৰীৰ ঢাকিছিল এখন কাপোৰৰ বেনাৰেৰে। তাত লিখা আছিল— Indian army rape us। মণিপুৰ সেই নগ্ন প্রতিবাদ আছিল অসম ৰাইফলছৰ বিৰুদ্ধে। মনোৰমা দেৱী নামৰ এগৰাকী যুৱতীক জেৰা কৰাৰ নামত ঘৰৰ পৰা তুলি নি ধর্ষণ কৰি খুন কৰাৰ অভিযোগ উঠিছিল অসম ৰাইফলছৰ কেইবাজনো জোৱানৰ বিৰুদ্ধে। নগ্ন হৈ প্রতিবাদ কৰা মণিপুৰৰ সেই ১২গৰাকী মহিলাক ‘মণিপুৰৰ মা’ বোলা হৈছিল সেই সময়ত। প্রতিবাদৰ সময়ত তেওঁলোকে কৈছিল— ‘‘আমি সকলোৱেই মনোৰমাৰ মা। আমাকো লৈ যোৱা, ধর্ষণ কৰা, মাৰি পেলোৱা।’’

মাটিৰ অধিকাৰ বিচাৰি নগ্ন হৈ প্রতিবাদ আন্দোলনত নামিছিল উগাণ্ডাৰ মহিলা। কৃষিভূমি হেৰুৱাবলগীয়া হোৱাৰ প্রতিবাদত উগাণ্ডাৰ আমুৰু জিলাৰ মহিলাসকল পোছাক খুলি পথত নামিছিল। ইৰাকৰ যুদ্ধ বন্ধ কৰাটো বিচাৰি নগ্ন হৈছে মানুহ। ফ্ল’ৰিদাৰ পাম বীচ্চত নগ্ন হৈ শান্তিৰ প্রতীক সৃষ্টি কৰিছিলে তেওঁলোকে। পোছাক খুলি প্রতিবাদত চামিল হৈছিল হাজাৰোধিক মানুহ। ২০১৬ চনৰ ২৯ জুনত কেমব্রিজৰ এজন শিক্ষাবিদ অর্থনীতি বিশাৰদসকলৰ বৈঠকত প্ৰৱেশ কৰে সম্পূর্ণ নগ্ন হৈ। তেওঁৰ শৰীৰত লিখা আছিল ‘ব্রেক্সিটে ব্রিটেইনক নগ্ন কৰি দিব’।

এগৰাকী ৰূপান্তৰকামীয়ে তেওঁৰ অধিকাৰ ৰক্ষাৰ বাবে নগ্ন হৈ প্রতিবাদ জনাইছিল আমেৰিকাৰ টেনেচিত। ড্রাইভিং লাইচেন্সত তেওঁৰ লিঙ্গ পুৰুষৰ সলনি মহিলা লিখাৰ অনুৰোধ কৰিছিল তেওঁ। যিটো মানি ল’ব বিচৰা নাছিল সংশ্লিষ্ট কর্তৃপক্ষ। প্রতিবাদত পোছাক খুলি পেলায় তেওঁ। সেই কামৰ বাবে অৱশ্যে তেওঁ জেললৈ যাবলগীয়া হয়।

আর্জেন্টিনাৰ বুয়েনাচ আয়াৰ্ছত মহিলাসকলৰ বিৰুদ্ধে হিংসাৰ প্রতিবাদত পোছাক খুলি পথত নামিছিল শতাধিক মহিলা। অতি সংৰক্ষণশীল বুলি পৰিচিত আৰৱতো হৈছে নগ্ন প্রতিবাদ। নিজৰ অধিকাৰৰ দাবীত আৰৱৰ মহিলাসকলেও নিজৰ নগ্ন ফটো পোষ্ট কৰিছিল ইন্টাৰনেটত। এবাৰ ঊর্ধ্বাঙ্গৰ আৱৰণৰ পৰা মুক্ত হ’ব বিচাৰিও পোছাক খুলিছিল আন্দোলনকাৰীয়ে। তেওঁলোকৰ দাবী আছিল, পুৰুষসকলৰ দৰে তেওঁলোকেও বিনা বাধাই ঊর্ধ্বাঙ্গ উন্মুক্ত কৰিব বিচাৰে। সমাজত পুৰুষ নাৰী দুয়োপক্ষৰেই সমানাধিকাৰ হোৱা উচিত।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More