নতুন ধৰণৰ বৰফৰ সম্ভেদ লাভ বিজ্ঞানীৰ

যিবিধ পৃথিৱীত থকাৰ সম্ভাৱনাই নাই !

0 37

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ এপ্ৰিলঃ উচ্চ চাপৰ মাধ্যমেৰে পানীৰ বিভিন্ন উপকৰণ পৰ্যালোচনা কৰি নতুন ধৰণৰ যিবিধ বৰফৰ সম্ভেদ বিজ্ঞানীয়ে লাভ কৰিছে,সেইবিধ বৰফ পৃথিৱীত থকাৰ সম্ভাৱনাই নাই ! আৱিষ্কাৰ কৰা হৈছে dubbed Ice-VIIt নামৰ বৰফৰ নতুন ৰূপ। নতুন ধৰণৰ বৰফ (New Form of Ice) বিচাৰি পাইছে বিজ্ঞানীয়ে ! কোৱা যুগুত যে, এনে এক অদ্ভুত ৰূপৰ বৰফৰ (Ice in New Form) আৱিষ্কাৰ হৈছে যাক পৃথিৱীত বিচাৰি পোৱা নাযায়। আনকি মহাকাশৰ দূৰৰ জগতৰ অজানা গ্ৰহতহে (Exoplanet) এনে বৰফ থাকিব পাৰে বুলি অনুমান কৰিছে বিজ্ঞানীসকলে। বৃহস্পতিৰ ডিছটেন্ট মুন বা জোন যেতিয়া ইউৰোপা ক্লিপাৰ মিছন পাবগৈ তেতিয়া সেই অভিযানতে পানীৰ উৎস বিচাৰি উলিওৱাৰ চেষ্টা চলোৱা হ’ব। কোৱা হৈছে, ইউৰোপাৰ পৃষ্ঠদেশৰ তলদেশত বৰফৰ আকাৰত এই জল সজ্জিত থকাৰ সম্ভাৱনা আছে। বৃহস্পতিৰ ডিছটেন্ট মুনৰ বাবে যি মহাকাশ অভিযান চলোৱাৰ কথা কোৱা হৈছে, সেই ইউৰোপা ক্লিপাৰ মিছন আৰম্ভ কৰাৰ পূৰ্বেই বিজ্ঞানীসকলে বৰফৰ এক নতুন ধৰণ বা ৰূপ বিচাৰি পাইছে যি সেই নিলগৰ গ্ৰহতেই থাকিব পাৰে। বিজ্ঞানীসকলে ইতিমধ্যে এই নতুন ধৰণৰ বৰফৰ পৰ্যবেক্ষণ আৰম্ভ কৰিছে। উচ্চ চাপৰ মাধ্যমেৰে পানীৰ বিভিন্ন উপকৰণ পৰ্যালোচনা কৰি নতুন ধৰণৰ dubbed Ice-VIIt আৱিষ্কাৰ কৰা হৈছে। এইটো আচলতে এটা মধ্যমীয়া মাধ্যম আৰু কিউবিক ফেজ, Ice-VII আৰু Ice-X এই তিনি ধৰণৰ বৰফৰ মাজৰ এক পৰ্যায় (tetragonal phase)। বিজ্ঞানীসকলে কৈছে যে, এই ধৰণৰ বৰফ সম্পূৰ্ণ অন্য ৰকমৰ। পৃথিৱীৰ ক’তো এইধৰণৰ বৰফৰ নমুনা পোৱা নাযায় যদিও পৃথিৱীৰ মেন্টেল অংশৰ ক্ষেত্ৰত এটি এটি সাধাৰণ উপাদান হ’ব পাৰে। তদুপৰি আমাৰ সৌৰমণ্ডলৰ বাহিৰে কোনো পানীৰ নমুনা সমৃদ্ধ গ্ৰহত এই ধৰণৰ বৰফ দেখা যায়। বৃহস্পতি গ্ৰহৰ ডিছটেণ্ট মুনতো থাকিব পাৰে এই বৰফ। ইয়াত মূলতঃ অতিৰিক্ত চাপৰ মাজেৰে পানীৰ বিভিন্ন উপাদানৰ পৰিমাপ কৰিছে। Physical Review B-ত এই পদ্ধতি সংক্ৰান্তীয় প্ৰতিবেদনো প্ৰকাশ হৈছে। University of Nevada Las Vegas-ৰ পদাৰ্থবিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞান বিভাগৰ হৈ গৱেষকসকলে এই নতুন গৱেষণা কৰিছে। দুটা বিপৰীতমুখী হৈ থকা হীৰাৰ মূৰত পানীৰ নমুনা ৰখা হৈছিল। লেজাৰ হিটিং টেকনিকৰ যোগেদিও সাময়িকভাৱে বৰফৰ উপকৰণসমূহ গলোৱাৰ চেষ্টা কৰা হৈছে। সৰু সৰু ক্ৰিষ্টলত পৰিণত হোৱাৰ আগেয়েই ইবোৰক গলাই দিয়া হৈছিল। লাহে লাহে বঢ়োৱা হৈছিল চাপ। ইয়াৰ পিছত লাহে লাহে এটা কিউবিক আকাৰ লৈছিল এই ‘ৱাটাৰ আইচ’-এ। পানীৰ উপকৰণসমূহক সংকুচিত কৰি তিনি টুকুৰা হীৰাৰ মাজতো ৰখা হৈছিল। তাৰ পৰা অক্সিজেন আৰু হাইড্ৰ’জেন পৰমাণু পৃথক কৰি নিয়া হয়। পৰৱৰ্তীত একাধিক ভিন্ন ব্যৱস্থাপনাৰ মাধ্যমেৰে এই নতুন ধৰণৰ বৰফ Ice-VIIt আৱিষ্কাৰ কৰা হৈছে। নতুন ধৰণৰ বৰফৰ আৱিষ্কাৰে এক্সোপ্লেনেটৰ গাঁথনিক উপাদান বুজি উঠাত জ্যোতিৰ্বিজ্ঞানীসকলক সহায় কৰিব। আমাৰ সৌৰ জগতৰ বাহিৰে কোনো গ্ৰহত এই উপকৰণ অৰ্থাৎ নতুন ধৰণৰ বৰফ থাকিলে বুজা যাব যে, সেই গ্ৰহত বসবাসৰ বাবে উপযুক্ত পৰিস্থিতি পৰিৱেশ হয়তো থাকিব পাৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More