নতুন নাম পালে কালাপাহাৰ আৰু চেৰাবভাটিয়ে

0 11

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৩ জুলাইঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পাছতে গুৱাহাটীৰ বিভিন্ন ঠাইৰ নাম সলনি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ল। সেই অনুসৰি নতুন নামেৰে নামাকৰণ কৰা হ’ল গুৱাহাটীৰ কালাপাহাৰ আৰু চেৰাবভাটিৰ। বহু চৰ্চিত মহানগৰীৰ দুই স্থান কালাপাহাৰ আৰু চেৰাবভাটিৰ নতুন নাম প্ৰদান কৰিলে গুৱাহাটী পৌৰ নিগমে। বুধবাৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই আনুষ্ঠানিকভাৱে ঘোষণা কৰে এই দুই স্থানৰ নাম। কালাপাহাৰৰ নতুন নাম হ’ব নীলাচল নগৰ আৰু চেৰাবভাটিৰ নতুন নাম হ’ব আৰ্য নগৰ। তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে কালাপাহাত আৰু চেৰাবভাটিৰ নতুন নামাকৰণ কৰাৰ সিদ্ধান্ত লোৱাৰ সমান্তৰালকৈ মহানগৰীৰ ছটা পথৰো নামাকৰণ কৰিছে গুৱাহাটী পৌৰ নিগমে। গুৱাহাটী পৌৰ নিগমৰ সিদ্ধান্তমৰ্মে উলুবাৰী-কছাৰীবস্তি সংযোগী পথটোৰ নাম হ’ব বাথৌ মন্দিৰ পথ। একেধৰণে বি কে কাকতি ১নং উপপথটোৰ নাম হ’ব পবিত্ৰ পথ আৰু উলুবাৰী-ৰিহাবাৰী সংযোগী পথটোৰ নাম হ’ব ভৱ পথ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More