নতুন শিক্ষা নীতিৰে মোকাবিলা কৰিব পৰাকৈ শিক্ষক সমাজক সাজু হবলৈ আহ্বান বিশিষ্ট শিক্ষাবিদ ৰমেশ চন্দ্ৰ বৰাৰ
তেজপুৰ জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ নতুন সমিতিৰ কাৰ্যভাৰ গ্ৰহণ
শতাব্দ প্ৰতিনিধি তেজপুৰ , ১০ জুন : শিক্ষকতা বৃত্তিৰ পৰা অৱসৰ গ্ৰহণ কৰিলেও অৱসৰী শিক্ষক – শিক্ষয়িত্ৰী সকলক সামাজিক দায়বদ্ধতাৰে সমাজৰ বিকাশ আৰু উত্তৰণত অংশ ল’বলৈ আজি আহ্বান জনাই বিশিষ্ট শিক্ষাবিদ, প্ৰবীণ সংবাদিক তথা বিশিষ্ট লেখক ৰমেশ চন্দ্ৰ বৰাই। ঢেকীয়াজুলি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত আজি পুৱাৰ পৰা অনুষ্ঠিত তেজপুৰ জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি শিক্ষাবিদ তথা এসময়ৰ সন্হাৰ সম্পাদক ৰমেশ চন্দ্ৰ বৰাই শিক্ষক সমাজৰ সমাজলৈ অৱদান সৰ্বাধিক বুলি মন্তব্য কৰে। তেজপুৰ জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সভাপতি যদু উপাধ্যায়ৰ পৌৰোহিত্যত সম্পাদক ভূপেন বৰদলৈৰ উদ্দেশ্য ব্যাখ্যাৰ লগতে বিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি তথা বিশিষ্ট কন্ঠশিল্পী নৰেন্দ্ৰ নাথ হালৈৰ বৰগীতেৰে আৰম্ভ হোৱা সভাখনত ভাষণ প্ৰদান কৰি লেখক – শিক্ষাবিদ ৰমেশ চন্দ্ৰ বৰাই আৰু কয় – বৰ্তমানৰ নতুন শিক্ষা নীতিৰ সৈতে শিক্ষাৰ্থীসকল সহজে অভ্যস্ত হ’ব পৰাকৈ এতিয়াৰে পৰা শিক্ষক – শিক্ষয়িত্ৰী সকলে সঠিক পাঠদানেৰে সাজু কৰি তুলিব লাগিব। তেতিয়াহে আমাৰ শিক্ষাৰ্থী সকলে উন্নত ফল প্ৰদৰ্শন কৰিব পাৰিব। ঢেকীয়াজুলি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাতুল বৰাই আদৰণী ভাষণ প্ৰদান কৰা আৰু শিক্ষাৰ্থী সকলে বিদ্যালয়ৰ শীৰ্ষক গীত পৰিবেশন কৰা সভাতেই সন্হাৰ অন্তৰ্গত বিদ্যালয় সমূহৰ পৰা সদ্য অৱসৰ গ্ৰহণ কৰা ৬০ গৰাকীকৈ শিক্ষক – শিক্ষয়িত্ৰীক সম্বৰ্ধনা পত্ৰ, সন্হাৰ স্মাৰক সম্বলিত গামোচা আৰু সন্হাৰ মুখপত্ৰ “জ্ঞানশ্ৰী” ৰ জড়িয়তে বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰে ক্ৰমে বিশিষ্ট শিক্ষাবিদ ৰমেশ চন্দ্ৰ বৰা, সন্হাৰ উপদেষ্টা বেদানন্দ ফুকন, গোৱিন্দ নাথ, সভাপতি যদু উপাধ্যায় আৰু ঢেকীয়াজুলি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বীৰেন শইকীয়াই। সন্হাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য কুমুদ নাথ, যুটীয়া সম্পাদক লন্টু শইকীয়া, ঝুলন শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষক বানেশ্বৰ বৰা আদিয়ে ভাষণ দিয়া সভাখনত সন্হাৰ নতুন কাৰ্যনিৰ্বাহক সমিতিয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতেই বৰ্তমান কাৰ্যকালৰ সভাপতি শৈলেন্দ্ৰ কুমাৰ শৰ্মাই সভাপতিৰ আসন গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে বৰ্তমানৰ সভাপতি শৈলেন্দ্ৰ কুমাৰ শৰ্মা আৰু সম্পাদক ভূপেন বৰদলৈয়ে আনুষ্ঠানিক ভাবে সন্হাৰ নথিপত্ৰ লৈ কাৰ্যভাৰ গ্ৰহণ কৰে। সভাত নতুন সমিতিৰ সভাপতি সম্পাদকৰ লগতে উপসভাপতি প্ৰদীপ বৰঠাকুৰ, মৃদুল কুমাৰ শৰ্মা, সহ সম্পাদক বিউতি বেজবৰুৱা, যুটীয়া সম্পাদক লন্টু শইকীয়া, ঝুলন শৰ্মা আৰু পত্ৰিকা সম্পাদক পংকজ বৰুৱাক সকলোৰে সন্মুখত পৰিচয় কৰাই দিয়ে। সভাই আগন্তুক কাৰ্যকালৰ কৰ্ম নিৰ্ধাৰণ সমিতি, শিক্ষা উপসমিতি, গৃহ নিৰ্মাণ উপসমিতি গঠন কৰাৰ লগতে পত্ৰিকা উপ সমিতিৰ সদস্য সকলক অন্তৰ্ভুক্ত কৰিবলৈ সম্পাদক পংকজ বৰুৱা আৰু ৰঞ্জিত বৰাক কৰ্তৃত্ব প্ৰদান কৰে।