নাওবৈচাত ভাগিনীয়েকৰ দাৰ ঘাপত মোমায়েকৰ নিহত

এডাল গছেই হ’ল কাল

0 15

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ , ২০ মাৰ্চঃ লখিমপুৰ জিলাৰ নাওবৈচাৰ সমীপৰ তথা লালুক থানাৰ অন্তৰ্গত হৰিপুৰত যোৱা নিশা এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়৷ এই ঘটনাই সমগ্ৰ নাওবৈচা আঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷ প্ৰাপ্ত খবৰ অনুসৰি এটা মছজিদত ইমাম হিচাপে কাম কৰা ছফিকুল ইছলাম নামৰ লোকজনে নিজৰ মোমায়েক মকবুল হুছেইনক [৪৮] দাৰে ঘপিয়াই হত্যা কৰে৷ বাৰীৰ এজোপা গছ কটাক লৈ দুয়োৰে মাজত কাজিয়াৰ সুত্ৰপাত হয় আৰু উক্ত ঘটনাৰ আলমত যোৱা নিশা ৯ মান বজাত ছফিকুল ইছলামে মোমায়েক মকবুল হুছেইনক দাৰে উপৰ্যুপৰি ঘপিয়াই আহত কৰাৰ পিছত ঘটনাস্থলীতে মোমায়েকৰ মৃত্যু হয়৷ ঘটনা সংঘটিত কৰি ছফিকুলে পলায়ন কৰে যদিও আজি পুৱা আৰক্ষীয়ে হত্যাকাৰী ছফিকুলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ নাওবৈচা হৰিপুৰৰ এটা মছজিদৰ ইমাম ছফিকুলে এনেদৰে মোমায়েকক হত্যা কৰা কাৰ্যই নাওবৈচাত চাঞ্চল্যৰ সৃষ্টি কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More