নাট্যভূষণ অৰ্পণ বেজবৰুৱা গুৰুতৰ ভাবে অসুস্থ: চিকিৎসাধীন

0 107

শতাব্দ প্ৰতিনিধি ,তেজপুৰ,১নৱেম্বৰ: এক সংগ্ৰামী সত্বা হিচাপে পৰিচিত তেজপুৰ নিবাসী নাট্যভূষণ অৰ্পণ বেজবৰুৱা(৬৫)গুৰুতৰ ভাবে অসুস্থ হৈ সম্প্ৰতি তেজপুৰৰ ই এম এম নামৰ ব্যক্তিগত চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছে৷কালিৰে পৰা শাৰিৰীক অৱস্থাৰ অৱনতি ঘটাত তেওঁক প্ৰথমে তেজপুৰৰ ব্যাপ্টিষ্ট মিছন হাস্পতালত চিকিৎসকে পৰীক্ষা কৰে যদিও আজি পুৱা তেওঁক ব্যক্তিগত চিকিৎসালয়খনত ভৰ্তি কৰোৱা হয়৷ একাধিক বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত নাট্য শিক্ষা আৰু নাট্য তত্ব নামৰ গ্ৰন্হৰ ৰচক বেজবৰুৱা এগৰাকী প্ৰচুৰ অধ্যয়ন পিপাসু ব্যক্তি হোৱাৰ উপৰি জাতীয় চেতনাৰ অন্যতম প্ৰতিভূ৷ দুৰ্দান্ত সাহসী এইজন ব্যক্তি বিদেশী বহিস্কাৰৰ দাবীত হোৱা অসম আন্দোলনৰ স’তে জড়িত থকাৰ উপৰি আৰক্ষীৰ নিৰ্যাতনৰো সন্মুখীন হ’বলগীয়া হৈছিল৷ আনকি আলফাৰ পূৰ্বেই এপিএলএ নামৰ এক সশস্ত্ৰ সংগঠনৰ জন্মলগ্নৰে জড়িত থাকি সংগঠনটো পৰিচালনাৰ দায়িত্ব পালন কৰা বেজবৰুৱাই আত্মগোপন কৰিবলগীয়া হৈছিল৷ অৱশ্যে এই সময়তো ধন দাবীৰ দৰে কাৰ্যৰ পৰা বিৰত থকা নিষ্ঠাবান সংগ্ৰামী জনে থলুৱা যুৱকৰ স্বাৱলম্বিতাৰ ক্ষেত্ৰতহে অধিক গুৰুত্ব দিছিল৷ আন্দোলনৰ সময়ত তেওঁ শাৰিৰীক ভাবে আঘাতপ্ৰাপ্ত হোৱাৰ উপৰি এন এছ এ ৰ অধীনত কাৰাৰুদ্ধ হ’বলগীয়া হৈছিল৷ পৰৱৰ্তী সময়ত আঞ্চলিকতাবাদত বিশ্বাস অটুত ৰখা এইজন সংগ্ৰামীয়ে কিন্তু কোনোধৰণৰ চৰকাৰী সুবিধা গ্ৰহণ কৰাৰ বহু দূৰত আছিল৷ নাটকৰ মাজতে আৱদ্ধ থাকি এদল প্ৰগতিশীল নাট্যকৰ্মী উলিয়াই অনাত ব্যস্ত হৈ পৰা এইজন বৰ্ণিল প্ৰতিভাধৰ ব্যক্তিয়ে পৌৰাণিক তথা মহাকাব্যিক চৰিত্ৰ সমূহক বিশ্লেষণাত্মক দৃষ্টিভংগীৰে ৰচনা কৰা নাটকে ৰাজ্যৰ লগতে দেশৰ নাট্যক্ষেত্ৰৰ দ্বিগজ সকলৰ মাজত বহুল চৰ্চাৰ বিষয় হৈ পৰিছিল৷ আৰ্থিক প্ৰত্যাহ্বানৰ সন্মূখীন হোৱাৰ পাছতো নিজা বাসগৃহ চৌহদত এটা নাট্য মঞ্চ স্হাপন কৰি নাটকৰ আখৰা তথা চৰ্চা কৰা এইজন শিল্পীয়ে থলুৱা বাদ্য,থলুৱা কলা শিল্পক নাটকত ব্যৱহাৰ কৰি এক পৃথক ধাৰাৰ প্ৰগতিশীল নাটকৰ যাত্ৰা অব্যাহত ৰখাৰ প্ৰয়াস চলাই গৈছিল৷ বিভিন্ন বিষয়ত গভীৰ ব্যুৎপত্তি থকা শিল্পীজনৰ গুৰতৰ শাৰিৰীক অৱস্থাৰ বিষয়ে জানিব পাৰি আজি চিকিৎসালয়ত উপস্থিত হয় তেজপুৰৰ প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বামী, প্ৰবীন নাট্য শিল্পী মৃগেন বৰা,সমাজ তথা সাংস্কৃতিক কৰ্মী প্ৰশান্ত দাস প্ৰমুখ্যে বহুকেজন বিশিষ্ট ব্যক্তি৷ নিজস্ব শৈলীৰে আৰু একক ভাবেই ব্যতিক্ৰমী আৰু প্ৰগতিশীল চিন্তা আৰু পৰীক্ষাৰে নাট্যচৰ্চা অব্যাহত ৰখা এইজন নাট্যশিল্পীৰ বৰ্তমান শাৰিৰীক জটিলতাৰ বিপৰীতে আৰ্থিক সমস্যাও আন এক প্ৰত্যাহ্বান হৈ পৰিছে৷ সমাজ,সংস্কৃতি আৰু জাতিৰ বাবেই জীৱনৰ সকলো সময় ব্যয় কৰা নাট্যভূষণ গৰাকীৰ কৰ্মৰাজীৰ প্ৰকৃত মূল্যায়ন এইপৰ্যন্ত হোৱা নাই বুলি কণিষ্ঠ ভাতৃৰ দৰেই সম্পৰ্ক ৰক্ষা কৰা প্ৰশান্ত দাসে আক্ষেপ প্ৰকাশ কৰি নাট্যভূষণকে ধৰি একাধিক সন্মান লাভ কৰা অৰ্পণ বেজবৰুৱাৰ আশু আৰোগ্য কামনা কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More