তেজপুৰত নাট্যভূষণ, জাতীয়তাবাদী সংগ্ৰামী যোদ্ধা, অগপ নেতা অৰ্পণ বেজবৰুৱাক স্মৰণ

সোঁৱৰণী গ্ৰন্থ "যোদ্ধা" উন্মোচন - অসমীয়া সাংস্কৃতিক সমাজৰ "আখৰা গৃহ" উদ্বোধন

0 12

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৬ জানুৱাৰী : আজীৱন জাতীয়তাবাদী আৰু সংগ্ৰামী সত্ত্বা, নাট্য যোদ্ধা অৰ্পণ বেজবৰুৱা এগৰাকী আত্মসন্মানবোধ সম্পন্ন, সকলো ক্ষেত্ৰতে আত্মমৰ্যাদা বজাই ৰখা দেশাত্মবোধৰ অধিকাৰী আছিল। জীয়াই থকাৰ সময়ত নিজৰ বাবে কেতিয়াও কাৰোৰ পৰা একো নিবিচৰাকৈ নিষ্ঠা আৰু সততাৰে সমাজৰ বাবে বহু সম্পদ দি যোৱা বেজবৰুৱাৰ অকাল বিয়োগে আমাৰ সমাজখন ৰিক্ত কৰি গ’ল বুলি আজি বিয়লি তেজপুৰত মন্তব্য কৰে প্ৰাক্তন শিক্ষামন্ত্ৰী তথা তেজপুৰৰ প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বামীয়ে। উল্লেখ্য যে যোৱা ৭ ডিচেম্বৰত অকালতে কায়িকভাৱে আঁতৰি যোৱা ৬২ খনকৈ পূৰ্ণাংগ নাটকৰ স্ৰষ্টা, নাট্যভূষণ তথা তেজপুৰৰ অগপ নেতা অৰ্পণ বেজবৰুৱাৰ মৃত্যুৰ এমাহৰ দিনটোত অৰ্পণ বেজবৰুৱাই গঢ় দি যোৱা ডিপোটাৰ “অসমীয়া সাংস্কৃতিক সমাজ” ৰ উদ্যোগত অনুষ্ঠিত হোৱা বিশেষ স্মৃতিচাৰণ অনুষ্ঠানত মৃগেন চন্দ্র বড়া আৰু পংকজ বৰুৱা সম্পাদিত সোঁৱৰণী গ্ৰন্থ “যোদ্ধা” আনুষ্ঠানিক ভাৱে উন্মোচন কৰি ঘনিষ্ঠ সান্নিধ্য লাভ কৰা বৃন্দাবন গোস্বামীয়ে নিজৰ জীৱনত অৰ্পণ বেজবৰুৱাই সৃষ্টি কৰি যোৱা নাটকসমূহেই সদায় জীয়াই ৰাখিব বুলি কৈ অৰ্পণ বেজবৰুৱা এগৰাকী আপোচহীন জাতীয়তাবাদী সংগ্ৰামী আছিল বুলি মন্তব্য কৰে। উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি, অৱসৰপ্ৰাপ্ত শিক্ষক কুশল শইকীয়াৰ পৌৰোহিত্যত অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱাই আঁত এই অনুষ্ঠানতে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ সাংসদ পুঁজিৰে অৰ্পণ বেজবৰুৱাৰ বাসগৃহতে নিৰ্মাণ কৰি উলিওৱা অসমীয়া সাংস্কৃতিক সমাজৰ “আখৰা গৃহ” টি আনুষ্ঠানিক ফিটা কাটি উদ্বোধন কৰে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে। উদ্বোধনী ভাষণত সাংসদ পল্লৱ লোচন দাসে সমাজৰ সকলো ধৰণৰ বিকাশ আৰু উত্তৰণৰ বাবে নিষ্ঠা আৰু সততাৰে অৱদান আগবঢ়াই যোৱা অৰ্পণ বেজবৰুৱাৰ দৰে ব্যক্তি সত্বা সমূহক সমাজে উপযুক্ত স্বীকৃতিৰে যেনেদৰে জীয়াই ৰখাৰ প্ৰয়োজন একেদৰে চৰকাৰৰো দায়িত্ব আছে বুলি মন্তব্য কৰে। অৰ্পণ বেজবৰুৱাই দীৰ্ঘদিন ধৰি নিজৰ বাসগৃহতে গ্ৰাম্যাঞ্চলৰ যুৱক-যুৱতীসকলক বিনামূলীয়াকৈ নাটশিল্পৰ পাঠদান কৰি একোগৰাকী দক্ষ নাট্যশিল্পী হিচাপে গঢ়ি তুলিছিল বাসগৃহতে আখৰা গৃহ নিৰ্মাণ কৰি। সেই সূত্ৰেই এই আখৰা গৃহটোৰ স্হায়ী ৰূপ দিবলৈ ব্যৱস্থা কৰা হৈছিল আৰু আজি তাৰ পূৰ্ণ ৰূপ পোৱাত আনন্দিত হৈছোঁ যদিও অৰ্পণ বেজবৰুৱাই নিজে ইয়াক ব্যৱহাৰ কৰিবলৈ নোপোৱাত দুখিত বুলি কৈ আগন্তুক সময়ত অসমীয়া সাংস্কৃতিক সমাজে ইয়াক জীপাল কৰি ৰাখিব বুলি আশা ব্যক্ত কৰে। এই বিশেষ স্মৃতিচাৰণ অনুষ্ঠানত অৰ্পণ বেজবৰুৱাৰ সান্নিধ্য লাভ কৰা সাংস্কৃতিক কৰ্মী ইন্দিৰা গগৈয়ে সান্নিধ্যৰ ডুখৰীয়া স্মৃতি ৰোমন্থন কৰাৰ লগতে অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়াই সংগ্ৰামী আৰু নাটকৰ জীৱনৰ কেতবোৰ দিশেৰে স্মৃতিচাৰণ কৰাৰ লগতে উত্তৰ পশ্চিম তেজপুৰ শাখা সাহিত্য সভাৰ সভাপতি তথা অসমীয়া সাংস্কৃতিক সমাজৰ কাৰ্যকৰী সভাপতি ৰবীন চন্দ্ৰ বৰাই আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত ডিপোটা কেন্দ্ৰীয় নাট্য মন্দিৰৰ সৈতে থকা অৰ্পণ বেজবৰুৱাৰ স্মৃতি ৰোমন্থন কৰে নাট্য মন্দিৰৰ সাংস্কৃতিক সম্পদক ভূপেন বৰদলৈয়ে। অৰ্পণ বেজবৰুৱাৰ বিভিন্ন শুভাকাংক্ষী উপস্থিত থকা অনুষ্ঠানটিত মিলনবাকৰি ৰাস মহোৎসৱৰ সৈতে অৰ্পণ বেজবৰুৱাৰ স্মৃতি ৰোমন্থন কৰে ৰাস মহোৎসৱ সমিতিৰ সম্পাদক অপূৰ্ব বৰাই ।অনুষ্ঠানটিত অসম জাতীয় যুৱ সন্মিলনীৰ কেন্দ্ৰীয় সভাপতি ৰাজীৱ দাসেও স্মৃতিচাৰণ কৰে ।উল্লেখ্য যে এই অনুষ্ঠানতে শাৰীৰিক অসুস্থতাৰ বাবে শিল্পী পেন্সনৰ বাবে অনলাইন আবেদন কৰিব নোৱাৰাৰ বাবে মৰণোত্তৰ ভাৱে পেন্সন লাভ কৰাৰ মানসেৰে আজিৰ অনুষ্ঠানটিতে অৰ্পণ বেজবৰুৱাৰ সহধৰ্মিনী ৰুণা নেওগ বেজবৰুৱা আৰু কন্যা মাজুলী বেজবৰুৱাই সাংসদ পল্লৱ লোচন দাসৰ হাতত অফ লাইন আবেদন পূৰণ কৰি সকলো তথ্য অৰ্পণ কৰে। ইয়াৰ আগেয়ে অৰ্পণ বেজবৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে সহধৰ্মিনী ৰুণা নেওগ বেজবৰুৱাই। আন তিনিগছি বন্তি সাংসদ, প্ৰাক্তন বিধায়ক আৰু সভাপতিগৰাকীয়ে প্ৰজ্বলন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উত্তৰ পশ্চিম তেজপুৰ শাখা সাহিত্য সভাৰ সম্পাদক প্ৰশান্ত দাস, মিলনবাকৰি ৰাস মহোৎসৱৰ প্ৰাক্তন সম্পাদক বিষ্ণুজ্যোতি কলিতা, অৰিন্দম নাট্য বিদ্যালয়ৰ পৰা ডিম্বেশ্বৰ শইকীয়া, জিলা পৰিষদৰ সদস্যা স্বপ্না বনিয়া, বিজেপিৰ গাভৰু মণ্ডলৰ সভাপতি জয়ন্ত কুমাৰ বৰা, অগপ নেতা উত্তম দাস, প্ৰধান শিক্ষক গজেন নাথ, গিতুমণি বৰা আদিয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ গ্ৰহণ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More