নামঘৰীয়ালৈ সাহায্য মুকলিৰ আহ্বানৰে সভা

0 18

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৯মাৰ্চঃ ৰাজ্যৰ ধৰ্মীয় পৰম্পৰা, ৰীতি নীতিৰ লগতে সাংস্কৃতিক তথা সমাজিক ক্ষেত্ৰখনলৈ বিভিন্ন প্ৰত্যাহ্বান নেওচি সেৱা আগবঢ়াই অহা সকলৰ এক সংস্হা ঢেকিয়াজুলি আৰু বৰছলা বিধানসভা সমষ্টিৰ ভকত, বায়ন, গায়ন, শিল্পী, নামঘৰীয়াসকলৰ এখন সভা আজি দিনৰ ১২বজাৰ পৰা দুইনম্বৰ বৰপুখুৰী ৰাজহুৱা নামঘৰত অনুষ্ঠিত হৈ যায়৷ সভাত ৰাজ্য চৰকাৰে ঘোষণা কৰা সাহায্য লাভ নকৰা বিষয়টো সন্দৰ্ভত আলোচনা কৰাৰ লগতে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনোৱা হয়৷ উল্লেখযোগ্য যে.ঢেকিয়াজুলি আৰু বৰছলাৰ প্ৰায় তিনিশ নামঘৰীয়াই এইপৰ্যন্ত সাহায্য লাভ কৰা নাই৷ তেওঁলোকে ইতিমধ্যেই আৱেদন দাখিল কৰিছে য’দিও চৰকাৰে ঘোষণা কৰা সাহায্য লাভৰ পৰা এইপৰ্যন্ত বঞ্চিত হৈ আছে৷ আজি অনুষ্ঠিত সভাখনত তিনিশতাধিক নামঘৰীয়া তথা ভকত-বৈষ্ণৱ উপস্থিত থাকে৷পাছত সংগঠনটোৰ সভাপতি ক্ষীৰোদ বৰা আৰু সাধাৰণ সম্পাদক দুল সূত স্বাক্ষৰিত এখন স্মাৰকপত্ৰও ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বৰছলাৰ বিধায়ক গণেশ কুমাৰ লিম্বুলৈ প্ৰেৰণ কৰি নামঘৰীয়া সকলৰ সাহায্য লাভৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More