নামঘৰৰ মাজেদিয়েই সমাজখন শৃংখলিতভাবে চলি আছে- ননীগোপাল দেৱগোস্বামী, সত্ৰাধিকাৰ
শ্ৰীশ্ৰীবাসুদেৱ নামঘৰ শাখা সত্ৰৰ তিনিদিনীয়া দ্বি-শতবাৰ্ষিকী অনুষ্ঠান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭ ফেব্ৰুৱাৰীঃ ‘ধৰ্ম হ’ল এটা উপায়- যাৰ মাধ্যমেৰে এখন সমাজক তললৈ পৰি নেযোৱাকৈ ধৰি ৰখা হয়৷ এজনে আন এজনৰ লগত সম্পৰ্ক স্থাপন কৰা কৰে৷ যাক ধাৰণ কৰিলে সমাজ আৰু ঘৰখনক ধৰি ৰাখিব পাৰি, ইয়াৰ বাবে কিছুমান নীতি-নিদেৰ্শনা, আচাৰ-ব্যৱহাৰ লাগে, যি নীতিয়ে জ্ঞান দিয়ে সেয়াই ধৰ্ম আৰু মানি ল’ব নোৱাৰা নীতি হ’লেই অধৰ্ম হয়৷ নামঘৰৰ মাজেদিয়েই সমাজখন শৃংখলিতভাবে চলি আছে৷ এই মন্তব্য কৰে দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীয়ে৷ উল্লেখ্যযে, চাৰি ফেব্ৰুৱাৰী,২০২৩ৰ পৰা তিনিদিনীয়াকৈ আয়োজিত শ্ৰীশ্ৰীবাসুদেৱ নামঘৰ শাখা সত্ৰ, দক্ষিণপাট, ধূণাগুৰী, উলুবাৰীৰ দ্বি-শতবাৰ্ষিকী অনুষ্ঠান কালি সন্ধিয়া সামৰণি পৰে৷ কালি বিয়লি অনুষ্ঠিত হোৱা মুকলি সভাত হেজাৰোধিক ভক্ত-বৈষ্ণৱ তথা ৰাইজৰ উপস্থিতিত সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীয়ে আৰু কয় যে, মানৱ জীৱনৰ লক্ষ্য হ’ল মুক্তি৷ মুক্তি পাবলৈ সমাজত আধ্যাত্মিক গুৰুৰ জন্ম হ’ল৷ হৰণ-ভজনৰ ব্যৱস্থা হ’ল৷ সমাজ আৰু পৰিয়ালক আগবঢ়াই নিব পৰাকৈ মানুহ উপযুক্ত হৈ উঠিল৷ মানৱ জীৱনৰ তত্ব ব্যাখ্যা কৰাৰ লগতে পঞ্চতত্বৰ বিষয়েও উল্লেখ কৰি তেওঁ আৰু কয় যে, বান্দৰহৈ জন্ম হোৱাৰ পিচতহে জীৱই মানুহৰ জন্ম পায়৷ কিন্তু মানুহ হোৱাৰ পিচত কি হ’ব বা কি হৈ জন্ম ল’ব, সেয়া ভগৱানৰ হাতত নাথাকিল৷ কাৰণ মানুহৰ কৰ্মইহে নিদ্ধাৰ্ৰণ কৰিব, পৰমাত্মাই নিৰ্ণয় কৰিব৷ সেয়ে, যদি আমাৰ কৰ্ম সঠিক হয়, আমাৰ লক্ষ্যও সুদৃঢ় হয়৷ যুগল উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিশ্বজিৎ বড়োৱে সভাপতিৰ আসনৰ পৰা মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দিনৰে পৰাই নামঘৰ আৰু সত্ৰসমূহে মানুহৰ মাজত শৈক্ষিক, সামজিক আৰু সাংস্কৃতিক সমন্বয় স্থাপন কৰাত গুৰুত্বপৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে৷ সেয়ে, মহাপুৰুষ দুজনাৰ জীৱনকীৰ্তি আৰু কৰ্মৰাজি মানৱ সমাজত অনন্তকাললৈকে প্ৰবাহিত হৈ থাকিব৷ এতিয়াৰ উন্নত বিজ্ঞান-প্ৰযুক্তিবিদ্যা সুলভ হৈ পৰাৰ সময়তো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শই এখন সমাজক সুসংগঠিত কৰি ৰাখিছে, ভাতৃত্ববোধ আৰু পাৰস্পৰিক সমন্বয়, শ্ৰদ্ধা-ভক্তি, ন্যায় আৰু সমতা স্থাপন কৰিছে৷ স্থানীয় যুৱক বেদান্ত বড়োৱে আঁত ধৰা সভাখনত সামজসেৱক তথা শোণিতপুৰ জিলা বিজেপিৰ সভাপতি বাতাচ ওৰাং উপস্থিত থাকে৷ আয়োজক সমিতিয়ে দীপ বড়ো, সমবায় পৰিদৰ্শক, নলিনীকান্ত বড়ো, প্ৰধানশিক্ষক, উলুবাৰী উচ্ছ মাধ্যমিক বিদ্যালয় বেদান্ত বড়ো, হিৰণ্য বড়ো আদিৰ প্ৰচেষ্টাত প্ৰকাশ কৰি উলিওৱা ‘ভক্তি প্ৰদীপ’ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰে বাতাচ ওৰাঙে৷ অৱশ্যে মুকলি সভাৰ আগে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়৷ হৰি ধ্বনি আৰু খোল-তাল, শংখ-ডবাৰ মাজত হেজাৰোধিক ভক্ত-বৈষ্ণৱে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷ সকলো জনগোষ্ঠীৰ লাকনৃত্য তথা লোকাচাৰ প্ৰতিফলিত হোৱা শোভাযাত্ৰা মুকলি কৰে অৱসৰপ্ৰাপ্ত শিক্ষক অনন্ত দাসে৷ বক্তব্যত তেওঁ বাৰেৰহনীয় সংস্কৃতিৰ সমন্বয়ৰ বিষয়ে ব্যাখ্যা কৰে৷ মনকৰিবলগীয়া যে, দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামী আহি শ্ৰীশ্ৰীবাসুদেৱ নামঘৰ শাখা সত্ৰত আইহ উপস্থিত হোৱাৰ লগতে তেওঁক খোল-তাল, চাকি-বন্তিৰে আগবঢ়াই অনাৰ সময়ত ভক্ত-বৈষ্ণৱসকলে সেৱালৈ সত্ৰাধিকাৰজনক প্ৰদান কৰা শ্ৰদ্ধা আৰু ভক্তি স্বাভাৱিকতে স্মৰণীয়৷ এনে আদৰ-আতিথ্য, সন্মন সত্ৰাধিকাৰ গৰাকী যে প্ৰকৃততে ভগৱানৰ প্ৰতিনিধি, সেই কথা দৃঢ়তাৰে বিশ্বাস কৰা ভৈকত-বৈষ্ণৱ ৰাইজে সন্ধিয়া অনুষ্ঠিত কৰিলে ‘কুৰুক্ষেত্ৰত শ্ৰীকৃষ্ণ’ শীৰ্ষক ভাওনা৷ উল্লেখ্য যে, ১৮১৭ চনতে স্থাপন হোৱা নামঘৰটোৱে দুশ বছৰ অতিক্ৰম কৰিলে৷ মানৰ বৰ্বৰ আক্ৰমণৰ সময়তে মাজুলীৰ এজন বৈষ্ণৱ ভকতে মানৰ অত্যাচাৰত বিভিন্ন ঠাইৰ পৰা অহা ৰাইজক ধূণাগুৰীতে নিগাজীকৈ বসবাস কৰাৰ পৰামৰ্শ প্ৰদান কৰি নামঘৰটো প্ৰতিষ্ঠা কৰি ভগৱানক প্ৰাৰ্থনা জনাবলৈ কৈছিল৷ তেতিয়াৰে পৰা আজি পৰ্যন্ত ভক্তি আৰাধনা অব্যাহত আছে৷