নামচাইৰ পৰা অপহৃত পেট্ৰল ডিপোৰ কেচিয়াৰৰ মুক্তিপণ ৫ কোটি

অন্ধকাৰত আৰক্ষী

0 31

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৮ এপ্ৰিল : অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ মমং গাঁৱৰ এটা পেট্ৰল ডিপোৰ পৰা বুধবাৰে নিশা মাৰণাস্ত্ৰধাৰী যুৱকৰ তিনিজনীয়া দলে অপহৰণ কৰা ডিপোটোৰ কেচিয়াৰ দিনেশ কুমাৰ শৰ্মাৰ আজিলৈকে কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই অৰুণাচল আৰক্ষী তথা নিৰাপত্তা বাহিনী ৷ উল্লেখ্য যে নামচাই জিলাৰ চংখামৰ বিজেপি দলৰ জিলা পৰিষদ সদস্য চাও জেনিয়া নামচুমৰ পেট্ৰল ডিপোৰ পৰা বুধবাৰে নিশা অত্যাধুনিক মাৰণাস্ত্ৰৰে সু-সজ্জিত তিনিজনীয়া যুৱকৰ দলটোৱে ডিপোটোত কেচিয়াৰ হিচাপে কৰ্মৰত বিহাৰৰ মুজাফৰপুৰৰ দিনেশ কুমাৰ শৰ্মাক অপহৰণ কৰিছিল ৷ ইফালে কেচিয়াৰজনক লগত লৈ যুৱকৰ দলটো ডিপোৰ পৰা ৰাওনা হোৱাৰ সময়ত আততায়ীৰ ওপৰত ফ্লাচ লাইটেৰে পোহৰ নিক্ষেপ কৰাৰ বাবে অপহৰণকাৰী দলে তিনি জাঁই গুলীচালনা কৰাত গুৰুতৰভাৱে আহত হোৱা জিলা পৰিষদ সদস্য নামচুমৰ গাড়ীচালক মিঠাই মাৰাণ্ডী (২৮) বৰ্তমান ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে ৷ সূত্ৰমতে অপহৰণকাৰীয়ে দিনেশ কুমাৰ শৰ্মাক পদব্ৰজে অসমৰ দিশে লৈ যায় ৷ এই ঘটনাৰ পাছতে অৰুণাচল আৰক্ষীয়ে সেনা আৰু অন্যান্য নিৰাপত্তা বাহিনীৰ সহযোগত অপহৃত দিনেশ কুমাৰ শৰ্মাৰ সন্ধানত তীব্ৰ অভিযান অব্যাহত ৰখাৰ উপৰি ঠায়েঠায়ে তালাচী চকী স্থাপন কৰিছে যদিও আজিলৈকে কোনো বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ ঘটনা সন্দৰ্ভত তিনিচুকীয়া আৰক্ষীকো সষ্টম কৰি দিয়াৰ লগতে অসম-অৰুণাচল সীমান্তত নিৰাপত্তা বাহিনী অধিক মোতায়েন কৰা হৈছে ৷ ইফালে অপহৰণ কাণ্ডৰ লগত কোন উগ্ৰপন্থী সংগঠন জড়িত হৈ আছে সেয়া এতিয়াও নিশ্চিত হোৱা নাই যদিও ৰূপম অসমৰ নেতৃত্বত আলফাৰ (স্বাধীন) দ্বাৰা এই অপহৰণ সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ৷ অপহৃতক মুকলি কৰি দিয়াৰ বিনিময়ত মুক্তিপণ দাবী কৰি কাৰোবাৰ সৈতে যোগাযোগ কৰা হৈছে নেকি সেই বিষয়েও আনুষ্ঠানিকভাৱে কোনো তথ্য লাভ কৰিব পৰা হোৱা নাই ৷ জানিব পৰা মতে উক্ত দিনা কেচিয়াৰ শৰ্মাক অপহৰণ কৰি নিয়াৰ সময়ত অপহৰণকাৰীয়ে মুক্তিপণ হিচাপে ৫ কোটিৰ ব্যৱস্থা কৰাৰ বাবে মালিকক জনাবলৈ পেট্ৰল ডিপোটোৰ আন তিনিজন কৰ্মচাৰীক নিৰ্দেশ দি গৈছিল ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More