নাৰায়ণপুৰত শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

মাধৱদেৱ বিশ্ববিদ্যালয়লৈ ডেৰশ কোটিৰ অনুদান

0 43

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১০ মে’ ঃWhatsApp Image 2023 05 10 at 7.59.54 PMনাৰায়ণপুৰ অসমৰ ভিতৰতে এখন পৱিত্ৰ স্থান৷ আজি এই পৱিত্ৰ স্থানত মই উপস্থিত হৈ সঁচাকৈ গৌৰৱ অনুভৱ কৰাৰ লগতে নিজকে পৱিত্ৰ অনুভৱ কৰিছোঁ৷ আধ্যাত্মিক তথা সাংস্কৃতিক ভাৱে সমৃদ্ধ স্থান বুলি কলে যি সমূহ ঠাইৰ নাম আমাৰ মনলৈ আহে সেই সমূহৰ ভিতৰত নাৰায়ণপুৰ অন্যতম ৷ –এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ ৰাজ্য চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ দিনটোত আজি নাৰায়ণপুৰত মাধৱদেৱ কলাক্ষেত্ৰ উদ্বোধন কৰি তেওঁ এনেদৰে কয়৷ মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান নাৰায়ণপুৰৰ বদলা পদ্মআতা সত্ৰই দান কৰা ৪৪ বিঘা ভূমিত নিৰ্মাণ কৰা শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰখন আজি পুৱা ১০ বজাত মুখ্যমন্ত্ৰী গৰাকীয়ে শুভ উদ্বোধন কৰি ৰাইজৰ বাবে উৎসৰ্গা কৰে৷ ২০০৭ চনৰ ২৩ মাৰ্চত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আধাৰশিলা স্থাপন কৰা কলাক্ষেত্ৰখন সুদীৰ্ঘ ১৬ বছৰৰ পিছত আজি মুকলি কৰা হয়৷ কংগ্ৰেছ চৰকাৰৰ আমোলত ৫ কোটি টকা আৰু বিজেপি চৰকাৰৰ আমোলত ৫৭ কোটি টকাৰ ব্যয়ে সাপেক্ষে নিৰ্মাণ প্ৰায় সম্পূৰ্ণ কৰি উলিওৱা উজনি অসমৰ উত্তৰপৰীয়া ৰাইজৰ বহু প্ৰতীক্ষাৰ মাধৱদেৱ কলাক্ষেত্ৰখনক ৰাইজৰ বাবে মুকলি কৰাত সকলোৱে আনন্দিত হৈ পৰিছে৷ উল্লেখ্য যে কংগ্ৰেছ চৰকাৰৰ আমোলত সামান্য অগ্ৰগতি লাভ কৰা কলাক্ষেত্ৰখনে পূৰ্ণতা লাভ কৰাৰ ক্ষেত্ৰত মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান নাৰায়ণপুৰবাসী সন্দিহান হৈ পৰিছিল যদিও হিমন্তবিশ্ব শৰ্মা গড়কাপ্টানি মন্ত্ৰী হৈ থাকোঁতেই ২০১৯ চনত কলাক্ষেত্ৰখন পৰিদৰ্শন কৰি ৰাইজৰ সৈতে আলোচনাৰ অন্তত কলাক্ষেত্ৰখনৰ নতুন আৰ্হি প্ৰস্তুত কৰা হৈছিল৷ মুখ্যমন্ত্ৰীয়ে মাধৱদেৱ কলাক্ষেত্ৰখন বিজেপি চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তিৰ অন্যতম সাফল্য বুলি অভিহিত কৰে৷ WhatsApp Image 2023 05 09 at 7.08.55 PMমুখ্যমন্ত্ৰীক আজি পুৱা ১০ বজাত কলাক্ষেত্ৰৰ মুখ্যদ্বাৰত গায়ন-বায়নেৰে সম্ভাষণ জনোৱাৰ অন্তত মন্ত্ৰোচ্ছাৰণ, দবা, শংখ, কাঁহ উৰুলিৰ মাংগলিক ধ্বনিৰ মাজেৰে কলাক্ষেত্ৰখন শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ বিহপুৰীয়া সমষ্টিক আগুৱাই নিয়াৰ ক্ষেত্ৰত বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ কাৰ্যক মুখ্যমন্ত্ৰীজনে শলাগ লয়৷ ইয়াৰ পাছতে কলাক্ষেত্ৰখনৰ মুকলি  প্ৰেক্ষাগৃহত স্থানীয় শিল্পীসকলৰ সৈতে অনানুষ্ঠানিক ভাৱে তেওঁ বাৰ্তালাপ কৰে৷ মুখ্যমন্ত্ৰীয়ে কলাক্ষেত্ৰখনৰ নিৰ্মীয়মান সংগ্ৰহালয়, কলা আৰু শিল্প কেন্দ্ৰ, অতিথি শালা, পাণ্ডুলিপি ভৱন পৰিদৰ্শন কৰি কীৰ্তন ঘৰৰ গুৰু আসন প্ৰতিষ্ঠা কাৰ্যসূচীত অংশ লয়৷ কীৰ্তন ঘৰৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ মুখামুখি হোৱাৰ পাছত কলাক্ষেত্ৰৰ আতা পুখুৰীত মাছৰ পোনা এৰে৷ ইয়াৰ পাছতে কলাক্ষেত্ৰৰ পৰা ৰোড’শ্ব’ কৰি তেওঁ নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত বিশাল ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে বিহপুৰীয়া সমষ্টিৰ উন্নয়নৰ বাবে কেবা কোটি টকাৰ বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ কথা ঘোষণা কৰাৰ লগতে কেইবাটাও গঢ়কাপ্টানি পথৰ উপৰি জলজীৱন মিছনৰ বহুকেইখন আচঁনিৰ শুভাৰম্ভ কৰে৷ তেওঁ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ বাবে ডেৰশ কোটি টকাৰো অনুদান ঘোষণা কৰে৷ আজি মুখ্যমন্ত্ৰীগৰাকীক কলাক্ষেত্ৰৰ মুকলি অনুষ্ঠানৰ লগতে ৰাজহুৱা সভাত সহযোগিতা কৰে সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, কৃষিমন্ত্ৰী অতুল বৰা, সাংসদ পল্লবলোচন দাস, প্ৰদান বৰুৱা, বিধায়ক অমিয় কুমাৰ ভূঞা, মানৱ ডেকা, উৎপল বৰা, নৱ কুমাৰ দলে, প্ৰমোদ বৰঠাকুৰ, ৰঞ্জিত দত্ত, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব কল্যাণ চক্ৰৱৰ্তী, শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ আদিয়ে৷ আনহাতে আজিৰ সভাত উপস্থিত থাকে বহুকেইখন সত্ৰৰ সত্ৰাধিকাৰ আৰু ধৰ্মীয় অনুষ্ঠানৰ মুৰব্বী৷ আজিৰ অনুষ্ঠানত কেইবা সহস্ৰ লোকে অংশগ্ৰহণ কৰে৷ উল্লেখ্য যে মাধৱদেৱ কলাক্ষেত্ৰ তত্বাৱধায়ক হিচাপে থাকিব শংকৰদেৱ কলাক্ষেত্ৰৰ অধীনত৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More