নিউয়ৰ্কত ছলমান ৰুছদীক ছুৰীকাঘাতঃ গ্ৰেপ্তাৰ আক্ৰমণকাৰী

0 19
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ আগষ্ট : মঞ্চত কথা ক’বলৈ উঠিছিল তেওঁ। এনে সময়তে হঠাৎ ছুৰীৰে আক্ৰমণ। নিউয়ৰ্কত সংঘটিত এই আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে বুকাৰ বিজয়ী লেখক ছলমান ৰুছদী। ঘটনা সংঘটিত হোৱাৰ পিছতে অতি সোনকালেই সাহিত্যিকগৰাকীক চিকিৎসালয়লৈ লৈ যোৱা হয়। ১২ আগষ্ট শুকুৰবাৰে শতকা ইনষ্টিটিউশ্যচনত ৭৫ বছৰীয়া ৰুছদীৰ ওপৰত আক্ৰমণ। ঘটনাৰ লগে লগে সমগ্ৰ থিয়েটাৰটো খালী কৰা হয়। নিউয়ৰ্ক আৰক্ষীৰ সূত্ৰ অনুসৰি আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আৰক্ষীৰ জিম্মাত আছে। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, মঞ্চত এজন ব্যক্তিৰ লগত ৰুছদীক চিনাকি কৰাই দিয়া হৈছিল। সেই সময়ত দুষ্কৃতিকাৰী তেওঁৰ ওপৰত জঁপিয়াই পৰিছিল।
ৰুছদীৰ কলমৰ পৰা ওলাই আহিছিল ‘দ্য চাতানিক ভাৰ্চেছ’। কিতাপখনৰ বাবেই ইৰাণৰ তেতিয়াৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ ৰুহোল্লাহ খোমেইনীয়ে ১৯৮৯ চনৰ ১৪ ফেব্ৰুৱাৰীত তেওঁৰ নামত মৃত্যুৰ পৰোৱানা জাৰি কৰিছিল। খোমেইনীৰ মৃত্যু হৈছে যদিও বছৰ বছৰ ধৰি এই ‘ফতোৱা’ কাৰ্যকৰী হৈ আছে। ছালমনৰ মূৰৰ দাম প্ৰায় ৩ কোটি ডলাৰ। সেই কিতাপখনৰ বাবেই নব্বৈৰ দশকত ইটালীৰ মিলানত ৰুছদিক আক্ৰমণ কৰা হৈছিল। কেৱল সেয়াই নহয়, টকিঅ’ৰ এখন বিশ্ববিদ্যালয়ত ‘দ্য চাতানিক ভাৰ্চেছ’ৰ জাপানী অনুবাদক হিতোশ্বি ইগাৰাছীকো ছুৰীৰে আঘাত কৰি হত্যা কৰা হৈছিল। দ্য চাতানিক ভাৰ্চেছক লৈ হোৱা বিতৰ্ক সন্দৰ্ভত ৰুছদিয়ে এবাৰ কৈছিল— “সেই সময়ত ইছলাম তেনেকুৱা বস্তু নাছিল। কোনেও তেনেকৈ ভবা নাছিল। এতিয়া যিটো হৈছে পশ্চিমৰ মানুহবোৰ এই বিষয়ে পূৰ্বতকৈ অধিক সচেতন। কিতাপখনক লৈ সঁচাকৈয়ে ভুল বুজাবুজি হৈছিল। সঁচাকৈয়ে লণ্ডনত দক্ষিণ এছিয়াৰ অনুপ্ৰৱেশকাৰীৰ বিষয়ে লিখা।” ভাৰতীয় মূলৰ লেখকগৰাকীয়ে ১৩ বছৰ ধৰি নাম প্ৰকাশ নকৰাকৈয়ে কটাইছিল। নিৰন্তৰ আৰক্ষীৰ পহৰা দি তেওঁক কাৰ্যতঃ ‘কাৰাবন্দী’ কৰি ৰখা হৈছিল। ২০০১ চনৰ ছেপ্টেম্বৰ মাহত ৰুছদিয়ে ‘ছদ্মনাম’ জীৱনৰ পৰা ওলাই আহিছিল। তিনি বছৰ পূৰ্বে তেহৰানে ঘোষণা কৰিছিল যে লেখকৰ বিৰুদ্ধে জাৰি কৰা ৱাৰেণ্ট বাতিল কৰা হৈছে। যোৱা বিশ বছৰ ধৰি নিউয়ৰ্কত বাস কৰি আহিছে ৰুছদীয়ে। ১৯৮১ চনত ৰুছদীৰ চাঞ্চল্যকৰ উপন্যাস ‘মিডনাইটছ চিলড্ৰেন’ য়ে বুকাৰ বঁটা লাভ কৰে। ইয়াৰ পিছত ২০০০ চনত তেওঁৰ ‘মূৰছ লাষ্ট ছে’ নামৰ গ্ৰন্থখনো বুকাৰৰ বাবে মনোনীত হৈছিল। ১৯ বছৰৰ পাছত ২০১৯ চনত ৰুছডিৰ ‘কুইক্সোট’ উপন্যাসখনে বুকাৰ বঁটা লাভ কৰাৰ সম্ভাৱ্য তালিকাত স্থান লাভ কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More