নিউয়ৰ্কৰ পাঁচগুণ এলেকাৰ বন ধ্বংস আমাজনৰ

চিন্তিত পৰিৱেশবিদ

0 31
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ জুলাই : চলিত বৰ্ষৰ প্ৰথম ছমাহত অভিলেখ সংখ্যক আমাজন বৰ্ষাৰণ্যৰ অৰণ্য কাটি মুকলি কৰা হৈছে। এই কথা প্ৰকাশ কৰিছে ব্ৰাজিলৰ মহাকাশ সংস্থা ইনপে। উপগ্ৰহ প্ৰেৰিত ফটোত দেখা গৈছে যে, আমাজন বৰ্ষাৰণ্যত নিউয়ৰ্ক চহৰৰ পাঁচগুণ আকাৰৰ ঠাইত গছ কাটি মুকলি কৰা হৈছে। ব্ৰাজিল চৰকাৰৰ মতে ২০১৬ চনৰ পৰা ইমান বনাঞ্চল এবছৰত কেতিয়াও কটা হোৱা নাছিল। চিন্তিত হৈ পৰিছে পৰিৱেশবিদসকল। উপগ্ৰহৰ চিত্ৰ অনুসৰি চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত আমাজন বৰ্ষাৰণ্যত ৩৯৭ বৰ্গ কিলোমিটাৰ গছ কটা হৈছে। এইবাৰ যোৱা বছৰৰ প্ৰথম ছমাহতকৈ ১০.৮ শতাংশ অধিক গছ কটা হৈছে। ২০২১ চনৰ প্ৰথম ছমাহত ৩,০৭ বৰ্গ কিলোমিটাৰ এলেকাৰ আমাজনত গছ কাটি পেলোৱা হৈছিল। কেৱল জুন মাহত ১১২০ বৰ্গ কিলোমিটাৰ গছ কাটিছিল। বিশ্বৰ সৰ্ববৃহৎ বৰ্ষাৰণ্য আমাজন কয়লাত চহকী। এই হাবিত থকা গছবোৰ কাটি খনিৰ পৰা সেই কয়লা উলিয়াবলৈ চেষ্টা চলি আছে। ফলত গোলকীয় উষ্ণতা বৃদ্ধি বাঢ়িছে। জলবায়ু সলনি হৈ আহিছে। পৰিসংখ্যাই দেখুৱাইছে যে, যোৱা পাঁচটা দশকত আমাজন অঞ্চলৰ ১৭ শতাংশ অঞ্চল গছ-গছনিমুক্ত হৈছে। খেতি আৰু পশুপালনৰ বাবে বনাঞ্চল কটা হৈছে। পৰিৱেশবিদসকলে অভিযোগ কৰিছে যে, ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জেইৰ বলছ’নাৰোৱে আমাজনত বনাঞ্চল ধ্বংস বন্ধ কৰাৰ বাবে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰা নাই।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More