নিকয়া : দীৰ্ঘায়ুৰ ক্ষুদ্ৰ প্ৰদেশ

0 84

দাদুল দেৱকৃষ্ণ বৰুৱা

নিকয়া উপদ্বীপ (Nicoya Peninsula)। স্পেনিচ ভাষাত পেনিনচুলা ডি নিকয়া (Península de Nicoya)। পশ্চিম কোষ্টা ৰিকা (Costa Rica)ৰ প্ৰশান্ত মহাসাগৰীয় উপদ্বীপ। এই উপদ্বীপক দুটা ভাগত ভাগ কৰা হৈছে— উত্তৰত Guanacaste Province আৰু দক্ষিণত Puntarenas Province। নিকয়া হৈছে কোষ্টা ৰিকাৰ বৃহত্তম উপদ্বীপ। খ্ৰীষ্টপূৰ্ব অষ্টম শতিকাত উত্তৰৰ পৰা (Valley of Mexico) অহা অনুপ্ৰবেশকাৰী গোটে এই উপদ্বীপটো শাসন কৰিবলৈ লৈছিল। সেয়ে ইয়াত চলিছিল Olmecsসকলৰ দমন। কালক্ৰমত ইয়ালৈ অন্যান্য ঠাইৰ লোক আহিবলৈ ধৰে। নিকয়া নামটো এই এলেকাৰ সম্ৰাটৰ নামেৰে ৰখা বুলি কোৱা হয়। এই নামটো দিছিল স্পেনিচসকলে।

1651108317505পৃথিৱীৰ মানচিত্ৰত নিকয়া এটি বিন্দুৰ দৰে। কিন্তু এই বিন্দুতেই আছে যেন সিন্ধু ! ২০০৪ চনত যেতিয়া Dan Buettner-এ National Geographic-ত পৃথিৱীৰ নীল অঞ্চল বা ব্লু জ’নৰ বিষয়ে প্ৰবন্ধ প্ৰকাশ কৰিলে তেতিয়াৰ পৰাই এই ক্ষুদ্ৰ উপদ্বীপটো সাম্প্ৰতিক কালত বিখ্যাত হৈ উঠিল। গৱেষণাত ওলাল— নিকয়াৰ সৰহখিনি লোকেই কমেও জীয়াই থাকে ৯০ বছৰ। শতায়ুপ্ৰাপ্ত লোকৰ সংখ্যা পৃথিৱীৰ আন ক’তো সিমান নাই, যিমান আছে নিকয়াত।

সকলোতকৈ আশ্চৰ্যকৰ বিষয় হ’ল যে, এই শতবৰ্ষীয় লোকসকলে কোনো দৰব ব্যৱহাৰ নকৰাকৈয়ে সুস্থ জীৱন যাপন কৰি আহিছে। কিন্তু কেনেকৈ? কি যাদু আছে নিকয়াৰ এইসকল বাসিন্দাৰ? নীল অঞ্চল বা ব্লু জ’নৰ বিষয়ে আগবঢ়োৱা লেখালানিৰ আজিৰ অন্তিমটো লেখাত নিকয়া উপদ্বীপ।

  •  জীৱনচৰ্যা
    নিকয়াবাসীৰ জীৱনচৰ্যাই প্ৰতিফলিত কৰে, কিদৰে তেওঁলোকে বাৰ্ধক্যৰ আগমন মন্থৰ কৰিব পাৰে। ধলপুৱাতে শেতেলি এৰা নিকয়াৰ পুৰুষসকলে নিজৰ ঘোঁৰা লৈ পাৰ্বত্য পথেৰে উপকূললৈ যায়। কিন্তু তাৰ আগতেই তেওঁলোকে গ্ৰহণ কৰে পুৱাৰ স্বাস্থ্যকৰ আহাৰ। তেওঁলোকৰ দৈনিক পুৱাৰ আহাৰত থাকে ‘গাল্ল’ পিণ্টু’ (gallo pinto)। ভাত আৰু বিনৰ সমাহাৰত প্ৰস্তুত কৰা হয় এই আহাৰ। লগত থাকে গোমধান বা ঘেঁহুৰ গুড়িৰে তৈয়াৰ কৰা পাতল ৰুটি আৰু গৰম কফি। এই স্বাস্থ্যকৰ পুৱাৰ আহাৰেই তেওঁলোকক দিনটোৰ বাবে কৃষিকাৰ্য আৰু পশুপালনৰ বাবে প্ৰয়োজনীয় পুষ্টি যোগান ধৰে। বহুতৰ বাবে পুৱাই পুৱাই ভাত আৰু বিনেৰে আহাৰ কৰাটো আচৰিত যেন লাগিলেও উল্লিখিত খাদ্যৰে পুৱাৰ আহাৰ কৰি সুস্থ হৈ থাকে নিকয়াবাসী। দিনত নিকয়ানসকলে সতেজ শাক-পাচলি আৰু ফলমূল খাই পৰিপুষ্টিৰ বাবে। মাংসৰ ব্যৱহাৰ তেনেই সীমিত।
  •  আজিৰ স্বাস্থ্য কাইলৈৰ সম্পদ
    নিকয়ানসকলে পুৱাতেই স্বাস্থ্যকৰ আহাৰ খোৱাটোৱেই তেওঁলোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ একমাত্ৰ কাৰণ নহয়। তেওঁলোকে দৈনিক শাৰীৰিক আৰু মানসিক শ্ৰম কৰে। বহু নিকয়ানে গাড়ী বা আন পৰিবহণ ব্যৱস্থাতকৈ খোজকাঢ়ি ইঠাইৰ পৰা সিঠাইলৈ যোৱাটো পছন্দ কৰে। যাৰ ফলত বাটে-পথে ইজন সিজনৰ লগত বাৰ্তা বিনিময় কৰি যাব পাৰে। সতেজ বায়ু সেৱন কৰি যোৱাৰ লগতে নিকয়াৰ বিখ্যাত প্ৰাকৃতিক শোভাও তেওঁলোকে উপভোগ কৰি যাব পাৰে। যি শৰীৰ আৰু মন দুয়োটাৰ বাবেই উপকাৰী। বন্ধু আৰু পৰিয়াল পৰিজনৰ লগত প্ৰতিজন নিকয়ানৰে সম্বন্ধ মধুৰ। যাৰ ফলত কোনো ষ্ট্ৰেচ নাথাকে তেওঁলোকৰ। এজন নিকয়ান শতবৰ্ষীয় লোকে কৈছিল— “মই জানো যে, মৃত্যু এদিন আহিবই; কিন্তু মোৰ পৰিয়াল আৰু মোৰ নাতিহঁতৰ আদৰ আপ্যায়নে সেই সকলো পাহৰাই কেৱল গৈ থাকিবলৈহে উদ্বুদ্ধ কৰে।” কোষ্টা ৰিকাৰ প্ৰাক্তন কূটনীতিক Alvaro Cedeno-Molinari-এ এবাৰ কৈছিল যে, জীৱনক উৎকৃষ্ট বুলি ভাবি আনন্দ মনেৰে পাৰ কৰে বাবেই নিকয়ানসকল দীৰ্ঘজীৱী হয়।
  •  ভগাই খোৱাৰ আনন্দ
    এক সমীক্ষাত প্ৰকাশ পাইছে যে, দীৰ্ঘ জীৱন লাভ কৰা নিকয়ানসকল বৰ চহকী নহয়। আনকি বহুজন দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক। কিন্তু তেওঁলোক দুখীয়া হ’লেও সুখী। বিশেষকৈ ভগাই খোৱাটো তেওঁলোকৰ বাবে বৰ আনন্দৰ বিষয়। আনন্দ উদযাপনৰ বাবে তেওঁলোকক বিশেষ উপলক্ষৰো প্ৰয়োজন নহয়। খেতি চপোৱাৰ পিছত বা গাহৰি এটা মৰাৰ পিছতো তেওঁলোকে সকলো ভগাই খাই ফূৰ্তি কৰিব পাৰে।
  •  জীয়াই থাকিবলৈ কাৰণ
    plan de vida অৰ্থাৎ reason to live বা জীয়াই থাকিবলৈ কাৰণ। নিকয়ান ব‌য়স্কসকলকো এই মন্ত্ৰই উদ্বুদ্ধ কৰে আৰু বেছিদিন জীয়াই থাকিবৰ বাবে। প্ৰতিটো জীৱনেই যোগাত্মক, গতিকে জী থকাত আপত্তি কিহৰ? সেয়ে দৈনন্দিন কামৰ মাজেৰে পৰিয়ালৰ প্ৰতি দায়িত্ব পালন কৰিও প্ৰতিজন নিকয়ান ব্যক্তি সমাজৰ ওচৰত দায়বদ্ধ। তেওঁলোকৰ সামাজিক বান্ধোন সুদৃঢ়।
  • পানীত সঞ্জীৱনী সুধা
    নিকয়ানসকলৰ দীৰ্ঘায়ুৰ আঁৰৰ আন এক ৰহস্য লুকাই আছে তেওঁলোকে সেৱন কৰা পানীত। পানী নহয় যেন সঞ্জীৱনী সুধা ! গৱেষণাত প্ৰমাণ হৈছে যে নিকয়া উপদ্বীপৰ পানী উচ্চ কেলচিয়াম আৰু মেগনেচিয়ামেৰে সমৃদ্ধ। যি পানী সেৱনে হৃদৰোগৰ শংকা কমায় আৰু হাড়ৰ গঠন শক্তিশালী কৰে।
  •  সূৰ্যৰ পৰা জীৱন কণিকা
    সূৰ্যৰ পৰাও যেন নিকয়ানসকলে বুটলি লয় এটি এটি জীৱন কণিকা ! দৈনিক সূৰ্যৰ ৰশ্মি উপভোগ কৰে তেওঁলোকে। আহৰণ কৰে ভিটামিন-ডি। যাৰ ফলত হাড়ৰ গঠন আৰু শৰীৰৰ গঠন শক্তিশালী হয়। গৱেষণাত প্ৰমাণ পোৱা গৈছে যে, প্ৰতিদিনে কমেও ১৫ মিনিট সূৰ্যৰ ৰশ্মি দেহত পৰিবলৈ দিলে হৃদপিণ্ডৰ অসুখ আৰু osteoporosisৰ শংকা কমি আহে।

দৈনন্দিন জীৱন ধাৰণ প্ৰণালী, খাদ্যাভ্যাস, সামাজিক দায়বদ্ধতা, পাৰিবাৰিক প্ৰশান্তি, শাৰিৰীক শ্ৰম আদিয়ে নিকয়ানসকলক দীঘলীয়া জীৱন লাভৰ ক্ষেত্ৰত মহৌষধৰ কাম কৰি আহিছে। এইবোৰৰ বহুল বৈজ্ঞানিক ব্যাখ্যা আছে যদিও ‘শতাব্দ’ৰ কম পৰিসৰত সেইবোৰ সামৰিব পৰা নাযায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More