অৱশেষত আত্মসমৰ্পণ সত্ৰ আৰু সত্ৰাধিকাৰক সামাজিক মাধ্যমত অশালীন মন্তব্য কৰা নয়নজ্যোতিৰ

  নিজৰ কৃত কৰ্মৰ বাবে ক্ষমা ভিক্ষা

0 29

শতাব্দ প্ৰতিনিধি,মাজুলী,২৯ এপ্ৰিলঃ সামাজিক মাধ্যমত মাজুলীৰ সত্ৰাধিকাৰৰ ওপৰত অশালীন মন্তব্যৰে ফে’চবুকত পোষ্ট দিয়াক লৈ মাজুলীত প্ৰতিক্ৰিয়া অব্যাহত আছিল।সত্ৰ আৰু সত্ৰাধিকাৰৰ ওপৰত সামাজিক মাধ্যমত অশালীন মন্তব্য কৰা নয়নজ্যোতি বৰুৱাৰ ওপৰত মাজুলীৰ লগতে অসমৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন থানাত মুঠ ১০ গোচৰ পঞ্জীয়ন হৈছিল। অশালীন মন্তব্যৰে সামাজিক মাধ্যমত মাজুলীৰ দুগৰাকী সত্ৰাধিকাৰক অপমান কৰা নয়ন জ্যোতি বৰুৱাই কালি সন্ধিয়া কমলাবাৰীস্থ মাজুলী আৰক্ষী থানাত আত্মসমৰ্পণ কৰে। ইয়াৰ পূৰ্বে অভিযুক্ত বৰুৱাই এজাহাৰ দাখিল কৰা কেইবাজনো লোকক লগ ধৰি তেওঁৰ কৃতকৰ্মৰ বাবে অনুতপ্ত আৰু ৰাইজৰ ওচৰত ক্ষমা-ভিক্ষা কৰাৰ বিষয়ে অৱগত কৰিছিল। সেয়েহে আজি মাজুলী আৰক্ষী থানাত বিভিন্ন দল-সংগঠন আৰু সত্ৰৰ প্ৰতিনিধিৰ লগত এক আলোচনাত মিলিত হয়। বৰুৱাই সকলোৰে ওচৰত ক্ষমা-ভিক্ষা মাগি ভবিষ্যতৰ বাবে এনে ভুল নকৰাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু তেওঁৰ বিৰুদ্ধে দিয়া গোচৰ উঠাই লবলৈ প্ৰাৰ্থনা জনায়। সজ্জনৰ ক্ষমাই ভূষণ এই আপ্ত বাক্য ফাঁকি প্ৰমাণিত কৰি ক্ষমাদান কৰাৰ একমতত উপনীত হয়। যিহেতু ইতিমধ্যে গোচৰটো পঞ্জীয়ন হৈ গৈছে আৰু গোচৰটো আদালতৰ আউটিত আছে গতিকে আদালতৰ মজিয়াত সকলো কাম সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
জানিব পৰা মতে অভিযুক্ত গৰাকী এগৰাকী টেট উৰ্ত্তীণ শিক্ষক।মনৰ এটা অস্থিৰ অবস্থাৰ এনে কৰ্ম কৰিলে যদিও বৰ্তমান তেওঁ অনুশোচনাত দগ্ধ বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে। বৰুৱাৰ লগত মাতৃ, পত্নী সহ এটা প্ৰতিনিধি দল আহি ৰাইজৰ লগত আলোচনাত মিলিত হৈ এক মীমাংসাত উপনীত হয়। সভাত আজিও সামাজিক মাধ্যমক নিয়ন্ত্ৰণ কৰাৰ বাবে চৰকাৰক আহ্বান জনায়। আলোচনাত আৰক্ষী বিষয়াৰ লগতে দক্ষিণপাট আশ্ৰমী সত্ৰৰ জনাৰ্দন দেব গোস্বামী, আধাৰ সত্ৰৰ মহেশ গোস্বামী, ধ্ৰুৱজ্যোতি গোস্বামী, আউনীআটী সত্ৰৰ আৰু দক্ষিণপাট সত্ৰৰ প্ৰতিনিধি, অসম জাতীয়তাবাদী যুবছাত্ৰ পৰিষদৰ প্ৰতিনিধি, মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিৎ কুমাৰ ভূঞা, মাজুলী জিলা মইনা পাৰিজাতৰ সভাপতি লোহিত বৰা, মাজুলী মিলন সংঘৰ সভাপতি ড° আনন্দ হাজৰিকা,বহু কেইজন সাংবাদিক, সত্ৰৰ একাংশ বৈষ্ণৱ আৰু কমলাবাৰীৰ বহু কেইগৰাকী ব্যক্তি উপস্থিত থাকে।ভৱিষ্যত দিনত সত্ৰাধিকাৰ আৰু সত্ৰ অনুষ্ঠান সমূহৰ ওপৰত যাতে কোনেও সামাজিক মাধ্যমত অশালীন মন্তব্য কৰি সংস্কৃতিৰ ক্ষেত্ৰ খনক বিভ্ৰান্তি সৃষ্টি কৰিব নোৱাৰে এই ক্ষেত্ৰত এখন আইন প্ৰস্তুত কৰিবলৈ অসম চৰকাৰলৈ মাজুলীৰ সচেতন ব্যক্তিয়ে আহ্বান জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More