নিবনুৱাৰ পথ প্ৰদৰ্শক- শিল্পী,সমাজকৰ্মী মোহন বৰাৰ দেহাৱসান

0 18

শতাব্দ প্ৰতিনিধি তেজপুৰ,৫মে’: বিশিষ্ট ভাওনা শিল্পী আৰু সমাজকৰ্মী মোহন বৰা(৭৬)ৰ যোৱা নিশা প্ৰায় ১২-৩০বজাত তেজপুৰৰ তৰাজান কুমাৰগাঁৱৰ নিজা বাসগৃহত বিয়োগ ঘটে । উল্লেখযোগ্য যে,এগৰাকী সুদক্ষ ভাৱৰীয়া হিচাপে তেজপুৰৰ লগতে অবিভক্ত শোণিতপুৰ জিলাত সুনাম আছিল এইগৰকী সৰবৰহী ব্যক্তিৰ । তদুপৰি তেওঁ আছিল মঞ্চৰ এজল বলিষ্ঠ অভিনেতা, নাট্যকাৰ, বায়ন, ৰূপসজ্জাকাৰ । বহুসংখ্যক ভাওনাত দক্ষৰাজ, ভীম, দুৰ্যোধন, মণিকৰ্ণেশ্বৰ আদি বহু চৰিত্ৰ ৰূপায়ন কৰা শিল্পীজনে মঞ্চ অভিনয়ো কৰিছিল । তেওঁ ভালেসংখ্যক নাটকত অভিনয় কৰাৰ লগতে কে’বাখনো সামাজিক বাৰ্তাবাহক নাটক ৰচনা কৰিছিল । তদুপৰি,ৰূপসজ্জাকৰ হিচাপেও তেওঁ বহু অভিনেতা অভিনেত্ৰীক নিখুঁত ভাবে সজাই তুলিছিল । সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত আগৰণুৱা বৰাই তেজপুৰ চাৰিআলিৰ শংকৰ মন্দিৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা এইজন ব্যক্তিয়ে নিবনুৱা সকলৰ সংস্থাপনৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰি তেওঁলোকৰ বাবে চৰকাৰী চাকৰিৰ সকলো খবৰ যোগান ধৰিছিল আৰু এই ক্ষেত্ৰত তেওঁ নিয়োগ বিনিময় কেন্দ্ৰত নিবনুৱা সকলৰ নাম পঞ্জীয়ন কৰোৱা আদিত সহায় কৰিছিল । ইয়াৰ সমান্তৰাল ভাবে স্বাধীন চিটিয়াভাবে সংস্থাপিত হোৱাৰ বাবেও নিবনুৱা সকলক উৎসাহিত কৰি তেওঁ বহুতকে ক্ষুদ্ৰ উদ্যোগৰ ঋণ লাভত পথ প্ৰদৰ্শকৰ দৰে দায়িত্ব পালন কৰিছিল । তেওঁৰ এনে প্ৰচেষ্টাৰ বাবেই ভালেসংখ্যক লোকে আত্মপ্ৰতিষ্ঠাৰ পথ বিচাৰি পাইছিল । তেজপুৰত ১৯৮০ ত তেওঁ “নিবনুৱা যুৱ কৰ্ম পৰিষদ” নামেৰে এটা সংগঠনৰো জন্ম দিয়াৰ লগতে সম্পাদকৰ দায়িত্ব পালন কৰি বৃহত্তৰ তেজপুৰ অঞ্চলৰ বহু নিবনুৱা যুৱক যুৱতীক সংস্থাপনৰ পথ দেখুৱবলৈ সক্ষম হৈছিল । এইবাৰ ৰঙালী বিহুত অসম নাট্য সন্মিলনৰ তেজপুৰ শাখাই শিল্পীজনক তেওঁৰ বাসগৃহতে বিহুৰ ওলগ আৰু সম্বৰ্ধনা জ্ঞাপন কৰিছিল।শিল্পী বৰাৰ বিয়োগত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বামী, বাণ থিয়েটাৰ,অসম নাট্য সন্মিলন,তেজপুৰ সাহিত্য সভা,শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়ন,শংকৰদেৱ মন্দিৰ পৰিচালনা সমিতিকে ধৰি বহু ব্যক্তি তথা অনুষ্ঠানে শোক প্ৰকাশ কৰিছে । শিল্পীজনে পত্নী তথা তিনি সন্তানক এৰি গৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More