পংকজ হাজৰিকা
অসম চৰকাৰৰ নিৰ্দিষ্ট বিভাগৰ হেমাহি,কু-অভিসন্ধি,ৰাজনৈতিক নেতা আৰু ঠিকাদাৰৰ দপদপনিৰ ফলত আজি এটা বছৰৰ আগতে নিমাতীত হৈছিল ভয়াৱহ নাও দুৰ্ঘটনা।যাৰ ফলত কেবাজনো প্ৰতিভাধৰে অপ-মৃত্যুক আঁকোৱালি ল’ব লগা হৈছিল।দুৰ্ঘটনা নোহোৱালৈকে চৰকাৰ তথা প্ৰশাসনে চকুমুদা কুলিৰ ভাওঁ জুৰে।সেই ক্ষেত্ৰত যে তেওঁলোকৰ কুঅভিপ্ৰায় জড়িত হৈ থাকে তাক বহলাই কোৱাৰ প্ৰয়োজন নাই।দুৰ্ঘটনাৰ পাছত চৰকাৰ-প্ৰশাসনে যি তৎপৰতা দেখুৱাইছিল যেন এই তৎপৰতা স্থায়ী হ’ব।প্ৰকৃততে তেওঁলোকে শিক্ষা ল’লেনে? তাৰ পাছতো ভালে কেইটা সৰু-ডাঙৰ নাও দুৰ্ঘটনা হ’ল। কিন্তু কিয় হৈছে তাৰ প্ৰকৃত কাৰণ জানিবলৈ যত্ন কৰিছেনে? নাও যাত্ৰীয়েই হওক বা নাৱৰীয়াই হওক পালন কৰিব লগা নিয়ম পালন কৰিছেনে বা তাক কোনোৱে সঠিক ভাবে লক্ষ্য কৰিছেনে?
উদাহৰণ স্বৰূপে কওঁ যে সোৱণশিৰিৰ খাবলু ঘাটত যোৱা ৮মাহত ৩বাৰ পাৰাপাৰ হ’লো। কিন্তু চৰকাৰী নিৰ্দেশনা নাম মাত্ৰহে পালন কৰা দেখা গৈছিল। এতিয়া আহোঁ ৰঙানদীৰ মুখ্য পাৰঘাট খাৰকাটি ফটাসুঁতি ঘাটলৈ, য’ত খৰালি দিনটোত প্ৰায় ২০০০যাত্ৰী পাৰাপাৰ হয় ৰাইজৰ দ্বাৰা নিৰ্মিত কাঠ আৰু বাঁহৰ দলঙেৰে।বাৰিষা আৰম্ভ হোৱাৰ লগে লগে নীপক’ সৃষ্ট বানত সেই দলং উটি যোৱাৰ ফলত যাতায়াতৰ মাধ্যম হয় হস্ত চালিত নাও।বাৰিষা ৰঙানদীৰ অৱস্থা কেনে হয় সেয়া সকলোৰে বোধগম্য।এই বাৰিষা সময়ছোৱাটো দিনটোত প্ৰায় ১২০০কৰ্মচাৰী,ছাত্ৰ-ছাত্ৰী,ব্যৱসায়ী,কৃষক তথা সাধাৰণ জনতা পাৰাপাৰ হয় এখন কাঠৰ নাৱেৰে।যদিও নাওখন যথেষ্ট ডাঙৰ, কিন্তু এজন যাত্ৰী নিৰাপদে পাৰ হোৱাৰ ব্যৱস্থা আছেনে সেই দিশটো বিভাগে চাইছেনে?? যাৱতীয় ব্যৱস্থা যেনে লাইফ জেকেট আজি পৰ্যন্ত দিয়া দেখা নগ’ল। এই ঘাটেৰে বিধায়ককে ধৰি জিলা প্ৰশাসনৰ বা বিভাগৰ লোক সকলক পাৰাপাৰ হোৱা দেখা যায় যদিও বিষয়টিৰ প্ৰতি গুৰুত্ব দিয়া দেখা নগ’ল। আনহাতে উক্ত ঘাটটিৰ কাষতে আন কিছু সংখ্যকে এখন অতি সৰু নাৱেৰে যাত্ৰী পাৰাপাৰ কৰা দেখা যায় যিখন নাও ৰঙানদীৰ বুকুত চলোৱাটো অতি দুৰ্ভাগ্যজনক।পৰ্যাপ্ত সুৰক্ষা নথকাকৈ কাৰ অনুমতি লৈ অতিৰিক্ত যাত্ৰী পাৰাপাৰ কৰে? প্ৰশাসন বা বিভাগৰ এইবোৰ কথাত কিয় চকু নপৰে নে আকৌ এটা ভয়াৱহ দুৰ্ঘটনালৈ তেওঁলোক বাট চাই আছে !! এটা দুৰ্ঘটনা হওক তাৰ পাছত চকু মুদি থকাসকলে সাৰ পাওঁক, সকলো জঁপিয়াই পৰি তৎতপৰতা দেখাওক, প্ৰাণহানি সকললৈ আৰ্থিক সাহায্য ঘোষণা কৰক,অনুকম্পামূলক চাকৰি দিয়ক এই কাম হোৱাটো আমি নিবিচাৰোঁ।সময় থাকোতেই ব্যৱস্থা লওক নহ’লে অনাগত দিনত দুসংবাদে আমাক কন্দুৱাব কিন্তু কৰিবলৈ একো নাথাকিব।